Rubul Rahman, Author at Assam Talks https://assamtalks.com/?author=11 An Assamese News TV Channel Fri, 09 May 2025 14:12:35 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Rubul Rahman, Author at Assam Talks https://assamtalks.com/?author=11 32 32 পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ হ’লে ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে জানো আহক! https://assamtalks.com/?p=2090 Fri, 09 May 2025 11:22:53 +0000 https://assamtalks.com/?p=2090 আৰম্ভ হৈছে ভাৰত-পাক যু্দ্ধ।দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনা। দুয়োখন দেশৰ সেনাই দেখুৱাইছে সামৰিক শক্তি। তাৰ মাজতে যদি ভাৰত পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ পৰিণাম কেনে হ’ব? কিয়নো…

The post পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ হ’লে ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে জানো আহক! appeared first on Assam Talks.

]]>
আৰম্ভ হৈছে ভাৰত-পাক যু্দ্ধ।দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনা। দুয়োখন দেশৰ সেনাই দেখুৱাইছে সামৰিক শক্তি। তাৰ মাজতে
যদি ভাৰত পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ আৰম্ভ হয় তেন্তে ইয়াৰ পৰিণাম কেনে হ’ব?
কিয়নো যেতিয়া হিৰোচিমাত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল তেতিয়া ৮০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
পাৰমাণৱিক বোমাই তেজস্ক্ৰিয় বিকিৰণৰ পৰা মানুহৰ শৰীৰক বিস্তৰ ক্ষতি সাধন কৰে।
ভাৰতে যদি পাৰমাণৱিক অস্ত্ৰ ব্যবহাৰ কৰে তেন্তে পাকিস্তান সম্পূৰ্ণৰূপে নিচিহ্ন হোৱাটো খাটাং।
অৱশ্যে প্ৰথমে ভাৰতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰিলেও যদি পাকিস্তানে পাৰমাণৱিক বোমা ব্যবহাৰ কৰে তেন্তে কি কি সাৱধানতা ল’ব লাগিব সেইয়া আপুনি-মই জনাটো অতি জৰুৰী।
পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটিলে ইয়াৰ উষ্ণতা আৰু শক্তি অতি দ্ৰুত গতিত চৌদিশে বিয়পি পৰে।
ফলত মানৱ শৰীৰৰ কোষ, স্নায়ু, অংগ আদিৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব।
কি কি কৰিব লাগিব জানো আহক —

১ – পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰবৰ্তী ২৪ ঘণ্টা ঘৰৰ ভিতৰত থকাটো বেছি সুৰক্ষিত।
২– পৰিহিত পোছাক খুলি প্লাষ্টিকৰ বেগত বায়ু নোহোৱাকৈ বন্ধ ৰাখিব লাগে।
৩– ঘৰৰ খিৰিকী, দুৱাৰ আদি বন্ধ কৰা উচিত।আঘাতৰ পাছত ইলেকট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।
৪—- চাবোনেৰে ভালদৰে শৰীৰ পৰিষ্কাৰ কৰি লব লাগে। ছাল বেছিকৈ ঘহিব নালাগে।
৫— পৰিষ্কাৰ কাপোৰেৰে চকু, নাক, কাণ চাফা কৰি ৰাখিব লাগে।
৬— আঘাতৰ পাছত হাস্পতাল অথবা স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব

The post পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ হ’লে ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে জানো আহক! appeared first on Assam Talks.

]]>
2090