Assam Archives - Assam Talks https://assamtalks.com/?tag=assam An Assamese News TV Channel Mon, 13 Jul 2026 09:32:11 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.9 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Assam Archives - Assam Talks https://assamtalks.com/?tag=assam 32 32 গহপুৰৰ ডিপৰাত ৩ দিনীয়া তৰ্ক আৰু বক্তৃতা কৰ্মশালা সফলতাৰে সম্পন্ন https://assamtalks.com/?p=3108 Mon, 13 Jul 2026 09:32:11 +0000 https://assamtalks.com/?p=3108 গহপুৰ, ১২ জুলাইঃ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যুক্তিবাদী চিন্তা, আত্মবিশ্বাস আৰু বক্তৃতা দক্ষতা বিকাশৰ লক্ষ্যৰে উদ্ভাস ক্লাবৰ উদ্যোগত আৰু শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ সহযোগত ৯-১১ জুলাইলৈ…

The post গহপুৰৰ ডিপৰাত ৩ দিনীয়া তৰ্ক আৰু বক্তৃতা কৰ্মশালা সফলতাৰে সম্পন্ন appeared first on Assam Talks.

]]>
গহপুৰ, ১২ জুলাইঃ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যুক্তিবাদী চিন্তা, আত্মবিশ্বাস আৰু বক্তৃতা দক্ষতা বিকাশৰ লক্ষ্যৰে উদ্ভাস ক্লাবৰ উদ্যোগত আৰু শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ সহযোগত ৯-১১ জুলাইলৈ পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ৩ দিনীয়া তৰ্ক আৰু বক্তৃতা কৰ্মশালা শনিবাৰে সফলতাৰে সম্পন্ন হয়।

এই কৰ্মশালাত গুৱাহাটীৰ বিশিষ্ট তাৰ্কিক আৰু সুবক্তা বিজিত কলিতাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি তিনিদিন ধৰি ছাত্ৰ-ছাত্ৰীসকলক তৰ্ক, বক্তৃতা, যুক্তিবাদী চিন্তা আৰু মঞ্চত আত্মবিশ্বাসেৰে বক্তব্য আগবঢ়োৱাৰ বিভিন্ন কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। অন্তিম দিনা সামৰণি অনুষ্ঠানৰ অংশ হিচাপে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ আৰু নিম্ন শাখাত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক ট্ৰফী, কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়। লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত উদ্ভাস ক্লাবৰ সদস্য ৰিপাংকৰ শইকীয়া, প্ৰণৱজ্যোতি মহন্ত, বিৰাজ ভূঞা আৰু জীৱন বৰাই জনায় যে, ডিপৰা অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ আৰু সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ লক্ষ্যৰে উদ্ভাস ক্লাব গঠন কৰা হৈছে। আগন্তুক দিনতো শিক্ষা, ব্যক্তিত্ব বিকাশ আৰু সমাজকল্যাণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি তেওঁলোকে ব্যক্ত কৰে।

শেষত অংশগ্ৰহণকাৰী, অভিভাৱক, অতিথি, বিচাৰক, স্থানীয় ৰাইজ আৰু অনুষ্ঠান সফল কৰি তুলিবলৈ সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিলৈ উদ্ভাস ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।

উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠান সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অতুল শইকীয়াই আৰু তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন অলংকৃত কৰে প্ৰাচূৰ্য্য শৰ্মাই। অনুষ্ঠানত শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ পূৰ্ণ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱ মহন্ত, সাবিত্ৰী মহন্ত, ধীৰাজ বৰদলৈ, দিলীপ ৰায়কে ধৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে উচ্চ শাখাৰ তৰ্কৰ বিষয় আছিল— “সামাজিক মাধ্যমে যুৱ সমাজক উচ্ছৃঙ্খল কৰিছে।” এই শাখাত প্ৰথম স্থান লাভ কৰে স্ৱৰাজ দত্তই, দ্বিতীয় স্থান পুলক ফুকন আৰু তৃতীয় স্থান লাভ কৰে বিক্ৰম আদিত্য বৰদলৈয়ে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে উপাস্তিকা বৰুৱা, মৌচম বৰুৱা আৰু পূৰ্বশ্ৰী শইকীয়াই।
আনহাতে, নিম্ন শাখাৰ তৰ্কৰ বিষয় আছিল— “ম’বাইল ফোনৰ ব্যৱহাৰে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমাই আনিছে।” এই শাখাত প্ৰথম স্থান লাভ কৰে পূজা চৰকাৰে, দ্বিতীয় স্থান বিজিত গোস্বামী আৰু তৃতীয় স্থান লাভ কৰে বিষ্ণু কমল কাটকীয়ে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে দৈৱিক আশীষ বৰদলৈয়ে।

The post গহপুৰৰ ডিপৰাত ৩ দিনীয়া তৰ্ক আৰু বক্তৃতা কৰ্মশালা সফলতাৰে সম্পন্ন appeared first on Assam Talks.

]]>
3108
মাতৃভাষাৰ শিক্ষা https://assamtalks.com/?p=2760 Thu, 07 Aug 2025 15:58:49 +0000 https://assamtalks.com/?p=2760 মাতৃভাষাৰ শিক্ষা- ৭/০৮/২০২৫ মাতৃভাষাৰ শিক্ষা হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ। শিক্ষক আৰু শিক্ষার্থী ইয়াৰ দুটা প্রধান অংশ। এই বিশাল বিশ্বৰ প্ৰতিখন দেশতেই নিজস্ব ভাষা আছে যাৰ দ্বাৰা সেই দেশখন সমগ্র বিশ্বতে…

The post মাতৃভাষাৰ শিক্ষা appeared first on Assam Talks.

]]>
মাতৃভাষাৰ শিক্ষা- ৭/০৮/২০২৫

মাতৃভাষাৰ শিক্ষা হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ। শিক্ষক আৰু শিক্ষার্থী ইয়াৰ দুটা প্রধান অংশ। এই বিশাল বিশ্বৰ প্ৰতিখন দেশতেই নিজস্ব ভাষা আছে যাৰ দ্বাৰা সেই দেশখন সমগ্র বিশ্বতে চিৰপৰিচিত। ইংলেণ্ডত ইংৰাজী, ফ্ৰান্সত ফৰাচী, গ্ৰীচত গ্রীক, জার্মানীত জার্মান, ৰোমত ৰোমান, আৰৱত আৰৱী, চীনত চাইনিজ ইত্যাদি দেশবোৰৰ নিজস্ব ভাষাৰ শিক্ষা আজিও বিদ্যমান যাৰ দ্বাৰা এই দেশবোৰে নিজস্বতা, স্বকীয়তা ধৰি ৰাখিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে আমাৰ দেশ ভাৰতবৰ্ষৰো প্ৰতিখন ৰাজ্যৰে নিজা নিজা ভাষা আছে আৰু প্ৰতিখন ৰাজ্যতেই নিজ নিজ মাতৃভাষাতেই বিদ্যালয়সমূহৰ প্ৰাথমিক স্তৰৰ পৰাই উচ্চশিক্ষা পর্যন্ত শিক্ষা প্রদান কৰি অহা হৈছে। যাৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় শিশুৱে মাতৃভাষাক ভালদৰে জানিবলৈ আৰু নিজস্ব সাহিত্য-সংস্কৃতিৰ জৰিয়তে এই ভাষাক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছে।

আমাৰ দেশ ভাৰতবর্ষ বিশ্বগুৰুৰূপে সৰ্বজনবন্দিত। সমগ্র বিশ্ব সাহিত্যৰ আদিপাঠ ভাৰতবৰ্ষৰ পৰাই উদ্ভৱ হৈছিল বুলি প্রামাণিক ইতিহাস আছে। সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম বিশ্ববিদ্যালয় আছিল আমাৰ দেশ ভাৰতবৰ্ষত। বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ পৰা শিক্ষার্থী তথা পর্যটকে আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহত অধ্যয়ণ তথা গৱেষণাৰ বাবে আহিছিল। মাতৃভাষাৰ জৰিয়তেই মাতৃভূমিৰ সপোন সার্থক কৰিবলৈ আমাৰ দেশৰ অনেকজন সু-সন্তানে অতীজৰ পৰাই আজি পৰ্যন্ত অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সমগ্র বিশ্বৰ ৰত্ন হিচাপে বিভিন্ন দিশত নিজকে জিলিকাই তুলিবলৈও সক্ষম হৈছে।

কালক্ৰমত আমাৰ দেশ ভাৰতবৰ্ষত ইংৰাজী সভ্যতাই জোৰকৈ গ্ৰাস কৰিবলৈ ধৰিলে আৰু আমাৰ বাৰে ৰহনীয়া সাহিত্য-সংস্কৃতিবোৰক এফালৰ পৰা আওপুৰণি তথা বিকৃত ৰূপ দিয়াত আমাৰ সমাজৰে একাংশ ব্যস্ত হৈ পৰিল। এতিয়া আমি ইংৰাজৰ গোলাম এনেকৈ হৈ পৰিছোঁ যে ইংৰাজী নাজানিলে আমাৰ যেন একো মূল্যই নাই, অস্তিত্বই নাই। ইয়াৰ বাবে প্রকৃত দায়ী কোন? কিয় আজি আমাৰ ভাষা, সাহিত্যই আগৰদৰে যথাযোগ্য সম্মান নাপায়? কিয় মাতৃভাষাৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাবলৈ আজিৰ অভিভাৱক-অভিভাৱিকাসকল অনিচ্ছুক? এই প্রশ্ন নিতান্তই প্রয়োজনীয় আজিৰ দিনত।

জীৱনৰ বিভিন্ন পৰিস্থিতিত সম্মুখীন হোৱা সমস্যাবিলাক কৃতকাৰ্য্যতাৰে সমাধান কৰিবৰ কাৰণে আমাৰ বিভিন্নধৰণৰ সামর্থ্য আৰু দক্ষতাৰ প্ৰয়োজন হয়। ছাত্ৰ-ছাত্ৰীৰ এই সামর্থ্য আৰু দক্ষতাসমূহ আহৰণ কৰাটোৱেই হৈছে শিক্ষাৰ মূল উদ্দেশ্য। শিক্ষক হৈছে শিক্ষাকাৰ্য্যৰ পৰিচালক। শিক্ষকৰ লক্ষ্য নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ কাৰ্য্যকৰীকৰণ, শিক্ষণ সঁজুলিৰ প্ৰয়োগকৰণ, ছাত্ৰৰ শৈক্ষিক মূল্যায়ন আৰু অনুশাসন ৰক্ষা আদি সকলো দিশৰ ৰূপায়ণ কৰা হৈছে মূল কৰ্তব্য। এইখিনিৰ সুপ্ৰয়োগৰ জৰিয়তে মাতৃভাষাৰ শিক্ষাৰেও শিক্ষকসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীক সৰ্বভাৰতীয় বা আন্তর্জাতিক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ সক্ষম হ’ব। ইয়াৰ বাবে শিক্ষক আৰু শিক্ষার্থীৰ নিয়মানুৱর্তিতা, সমস্যাৰ সমাধানসুলভ মন আৰু সফলতাৰ প্ৰতি একাগ্রতা নিতান্তই প্রয়োজনীয়।

The post মাতৃভাষাৰ শিক্ষা appeared first on Assam Talks.

]]>
2760
ফাদিল অৰ্চিতাৰ মায়াজাল! https://assamtalks.com/?p=2643 Sun, 13 Jul 2025 10:41:28 +0000 https://assamtalks.com/?p=2643 ফাদিল অৰ্চিতাৰ মায়াজাল! দেশজুৰি ভাইৰেল হৈ পৰা অৰ্চিতা ফুকনৰ আঁৰৰ ৰহস্য আহিল পোহৰলৈ৷ কিছুদিন ধৰি সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছিল এটা বিশেষ একাউণ্ট৷ যি একাউন্টে তোলপাৰ লগাইছিল সামাজিক…

The post ফাদিল অৰ্চিতাৰ মায়াজাল! appeared first on Assam Talks.

]]>
ফাদিল অৰ্চিতাৰ মায়াজাল!

দেশজুৰি ভাইৰেল হৈ পৰা অৰ্চিতা ফুকনৰ আঁৰৰ ৰহস্য আহিল পোহৰলৈ৷
কিছুদিন ধৰি সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছিল এটা বিশেষ একাউণ্ট৷

যি একাউন্টে তোলপাৰ লগাইছিল সামাজিক মাধ্যমত৷
অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক গ্ৰেপ্তাৰৰ পিছতে ওলাই পৰিল অৰ্চিতা ফুকনৰ আচল ৰহস্য৷তিনিচুকীয়াত ঘৰ ধৃত প্ৰতিম বৰাৰ। AI সঁজুলি ব্যৱহাৰ কৰি মৰ্ফড ছবি চলাচল কৰাৰ বাবে গ্ৰেপ্তাৰ অভিযুক্ত প্ৰতিম বৰাক৷ ডিব্ৰুগড় থানাত এজাহাৰ দাখিল অৰ্চিতা ফুকনৰ৷

তথ্য অনুসৰি, অৰ্চিতা ফুকন আমেৰিকাৰত বাস নকৰে, বৰঞ্চ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলাহে অৰ্চিতা ফুকন৷

অভিযোগ অনুসৰি, অৰ্চিতা ফুকনক বদনাম কৰিবলৈ হে প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰিছিল এই কু-কাণ্ড। অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰতিম বৰা নামৰ তিনিচুকীয়াৰ যুৱকজনে৷ আচলতে চাইবাৰ ক্ৰাইমৰ হে বলি হৈছিল অৰ্চিতা ফুকন নামৰ মহিলাগৰাকী৷
ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিম বৰাক গ্ৰেপ্তাৰৰ কৰি তদন্ত অব্যাহত ৰাখে৷

The post ফাদিল অৰ্চিতাৰ মায়াজাল! appeared first on Assam Talks.

]]>
2643
মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে? https://assamtalks.com/?p=2638 Sun, 13 Jul 2025 09:34:32 +0000 https://assamtalks.com/?p=2638 মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে? মাটিকাদুৰি হ’ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট শাক। মাটিকাদুৰি উদ্ভিদ বিধ চোতালত, খেতিপথাৰ, পুখুৰী পাৰত, ঘৰৰ পিৰালি, ৰাস্তাৰ কাষত, বাগিচা, নদী কাষৰীয়া অঞ্চল আৰু চেচুঁক…

The post মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে? appeared first on Assam Talks.

]]>
মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে?

মাটিকাদুৰি হ’ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট শাক। মাটিকাদুৰি উদ্ভিদ বিধ চোতালত, খেতিপথাৰ, পুখুৰী পাৰত, ঘৰৰ পিৰালি, ৰাস্তাৰ কাষত, বাগিচা, নদী কাষৰীয়া অঞ্চল আৰু চেচুঁক ঠাইবোৰত গজে।মাটিকাদুৰিৰ অনেক উপকাৰী গুণ আছে। মাটিকাদুৰিত প্ৰটিন , কেলছিয়াম , আইৰণ , ফচফৰাছ , এণ্টিঅক্সিডেণ্ট , আঁহ আদি ভৰপূৰ মাত্ৰাত পোৱা যায়।

মাটিকাদুৰিৰ গুণাগুণসমূহ

১) মাটিকাদুৰিয়ে প্ৰস্বাৱৰ সময়ত হোৱা জ্বলা-পোৰা নিৰাময় কৰে।

২) জণ্ডিছ ৰোগত মাটিকাদুৰি উপকাৰী।

৩) ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধনৰ কাৰনে মাটিকাদুৰী উপকাৰী । ইয়াত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিডেণ্ট থাকে।

৪) চকুৰ দৃষ্টি শক্তি কমি যোৱা সমস্যাত মাটি কাদুৰী শাক খালে সুফল পোৱা যায়।

৫) নিদ্ৰাহীনতাত ভোগা লোকেও নিয়মিত মাটি কাদুৰী আৰু মানিমুনি মিহলি আঞ্জা খালে উপকৃত হয়।

৬) এচি়ডিটি নিষ্ক্ৰিয় কৰিব পৰা ক্ষমতা আছে মাটি কাদুৰীৰ।

৭) আভোক হ’লে মাটি কাদুৰী , নহৰু দি আঞ্জা কৰি খালে ভোক লাগে , লিভাৰ সবল হয় ।

৮) কোষ্ঠকাঠিন্য আৰু অৰ্শ ৰোগত মাটি কাদুৰী উপকাৰী ।

৯) পেটৰ বিষ , ডায়েৰিয়া , গ্ৰহণী আদি ৰোগত মাটিকাদুৰী অতি উপকাৰী ।

১০) ডায়েবেটিছ ৰোগীয়ে মাজে-সময়ে মাটি কাদুৰী খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে ।

১১) মাটি কাদুৰীয়ে স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে , স্মৰণ শক্তি বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰে ।
১২) গাত দুৰ্বল ভাৱ আহিলে মাটিকাদুৰীৰ আঞ্জা প্ৰায় এসপ্তাহ মান ভাতৰ লগত খালে তেনে ভাৱ নাইকীয়া হয় ।

১৩) ইয়াত থকা আঁহে পেট খোলোচা কৰে।

The post মাটিকাদুৰিৰ চমৎকাৰী গুণ সমূহৰ বিষয়ে জানেনে? appeared first on Assam Talks.

]]>
2638
ৰঙা জিঁয়া কবি মহিম বৰা https://assamtalks.com/?p=2614 Tue, 08 Jul 2025 05:17:21 +0000 https://assamtalks.com/?p=2614 ৰঙা জিঁয়া কবি মহিম বৰা হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা সেন্দূৰীয়া আমৰ থোপাত।…

The post ৰঙা জিঁয়া কবি মহিম বৰা appeared first on Assam Talks.

]]>
ৰঙা জিঁয়া কবি মহিম বৰা

হঠাৎ খলকে বুকু তীব্ৰ বেদনাত—
অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত
তাহানিৰ জীয়নীয়া মাছ?

জ্বলিছিল সেই স্বপ্ন জানো
ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা
সেন্দূৰীয়া আমৰ থোপাত।

ৰামধেনু যুগৰ পৰাই স্বকীয় সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰা আৰু অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ বুকুত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা মহিম বৰা (Mahim Bora) -য়েই অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়ায় থৈ গৈছে মেটমৰা এক সম্ভাৰ। অসমীয়া সাহিত্য জগতত ‘ৰঙা জিঞা’ -ৰ কবি আৰু ‘কাঠনিবাৰী ঘাট’ -ৰ স্ৰষ্টা হিচাপে পৰিচিত মহিম বৰাই নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক দখল কৰিছে এক সুকীয়া স্থান।
সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা মহিম বৰাৰ সৃষ্টিৰাজী সমৃদ্ধ অসমৰ গাঁৱলীয়া জীৱনৰ বর্ণাঢ্য অভিজ্ঞতা আৰু গ্রাম্য পৰিৱেশৰ বৰ্ণনাৰে। শৈশৱৰ পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰা মহিম বৰাই মলয়া’ নামৰ হাতে লিখা আলোচনী এখন প্রকাশ কৰি উলিয়াইছিল সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে। ইয়াৰ ওপৰিও ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদিত শিশু আলোচনী ‘ৰংঘৰ’ -ৰ সহঃসম্পাদকৰ দায়িত্ব পালন কৰিছিল মহিম বৰাই। ইয়াৰ ওপৰিও মহিম বৰা নতুন অসমীয়া বাতৰি কাকতৰ সম্পাদনাৰ লগতো জড়িত হৈ আছিল। মহিম বৰাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্রচাৰিত গাঁৱলীয়া ৰাইজৰ অনুষ্ঠানৰ অংশকালীন পৰিচালক হিচাপেও কাম কৰিছিল। ‘ধনবৰ ককাই’ছদ্মনামেৰে অনুষ্ঠান পৰিচালনা কৰিছিল বাবে তেওঁ ৰাইজৰ মাজত ধনবৰ ককাই হিচাপেও সমাদৃত আছিল।

The post ৰঙা জিঁয়া কবি মহিম বৰা appeared first on Assam Talks.

]]>
2614
কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি? https://assamtalks.com/?p=2603 Mon, 07 Jul 2025 07:03:31 +0000 https://assamtalks.com/?p=2603 কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি? কৰ্কট ৰোগৰ কাৰক কি? এই ৰোগৰ চিকিৎসাৰ পদ্ধতি কি কি? কৰ্কট ৰোগ বা কেঞ্চাৰ ই হৈছে এক মাৰাত্মক বেমাৰ ৷ এবাৰ কোনো লোক কৰ্কট…

The post কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি? appeared first on Assam Talks.

]]>
কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি?
কৰ্কট ৰোগৰ কাৰক কি? এই ৰোগৰ চিকিৎসাৰ পদ্ধতি কি কি?

কৰ্কট ৰোগ বা কেঞ্চাৰ ই হৈছে এক মাৰাত্মক বেমাৰ ৷ এবাৰ কোনো লোক কৰ্কট ৰোগত আক্ৰান্ত হ’লে এই ৰোগ নিৰাময় কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰে৷

এই মাৰাত্মক বেমাৰে এজন লোকক শাৰীৰিকভাৱেই নহয় মানসিক ভাৱেও ভাঙি পেলাই৷
অৱশ্যে, যদি কোনো লোকে প্ৰাথমিক পৰ্যায়ত এই মাৰাত্মাক ৰোগটোক চিনাক্ত কৰিব পাৰে, তেন্তে তেওঁক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰি৷

এতিয়া প্ৰশ্নটো হয়, যেতিয়া কৰ্কট ৰোগে মহামাৰীৰূপ ধাৰণ কৰে, আপুনি মই কেনেকৈ জীয়াই থাকিম? সেইকাৰণে চিকিৎসকসকলে পৰামৰ্শ দিছে যে ইয়াক লৈ শংকিত হোৱাতকৈ নিজকে স্বাস্থ্যৱান ৰখাটো অধিক গুৰুত্বপূৰ্ণ। সেয়েহে, যদি শৰীৰত কোনো ৰোগ হয়, বিশেষকৈ যদি কোনো উদ্বেগজনক লক্ষণ দেখা পোৱা যায়, আপুনি শীঘ্রেই চিকিৎসকৰ পৰামর্শ ল’ব।

কিন্তু কৰ্কট ৰোগৰ লক্ষণবোৰ কেনেকৈ জানিব? এটা আন্তৰ্জাতিক স্বাস্থ্য ৱেবছাইটত ১০ টা মূল লক্ষণ উল্লেখ কৰা হৈছে কৰ্কট ৰোগৰ। যিবোৰৰ দুটা বা তাতোধিক লক্ষণ আপোনাৰ শৰীৰত দেখা দিলে কর্কট ৰোগত আক্রান্ত হোৱাটো নিশ্চিত, কিন্তু আপুনি ভয় নকৰি ডাক্তৰৰ প্ৰয়োজনীয় চিকিৎসা আৰু পৰামর্শ গ্রহণ কৰক।

গতিকে জানো আহক সেই দহটা মূল লক্ষণ –

১.দীৰ্ঘসময় ভাগৰ লগা :
যদি আপুনি দীঘলীয়া সময় ধৰি ভাগৰুৱা বা অৱসাদত ভুগি আছে, ই বহুতো ৰোগ সৃষ্টি কৰিব পাৰে, হয়তো কৰ্কট ৰোগৰো কাৰণ হব পাৰে।
২. হঠাতে ওজন হ্ৰাস:
যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ হঠাতে দ্ৰুত গতিত ওজন হ্ৰাস পাইছে, তেন্তে পৰীক্ষা কৰাই লওঁক।
৩. দীৰ্ঘম্যাদী বিষ:
যদি আপুনি কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বিষত ভুগি আছে, আনকি ঔষধ খোৱাৰ পিছতো উপশম পোৱা নাই, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কাৰণ আছে।
৪.অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা:
যদি আপুনি শৰীৰৰ এটা অংশত অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা দেখা পায় বা এনে পৰিৱৰ্তন অনুভৱ কৰে, ই আপোনাৰ বাবে অবাঞ্ছিত কিবা ৰোগৰ লক্ষণ।
৫. সঘনাই জ্বৰ:
কৰ্কট ৰোগত আক্রান্ত হলে শৰীৰত স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত সঘনাই জ্বৰ হয়। ৰত সঘনাই জ্বৰ হয়।
৬. ছালৰ পৰিৱৰ্তন:
বহুলোকে ছালৰ কৰ্কট ৰোগৰ বিষয়ে অৱগত নহয়। এনে কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে ছালৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে নেকি লক্ষ্য কৰক৷ । যদি ইয়াৰ ৰং, দেখাত অস্বাভাৱিক পৰিৱৰ্তন হয়, তাৎক্ষণিক চিকিৎসা লওঁক।
৭. দীৰ্ঘম্যাদী কাহ:
যদি আপোনাৰ ঔষধ গ্ৰহণ কৰা পিছতো কাহৰ পৰা আৰোগ্য লাভ কৰা নাই আৰু যদি এই কাহৰ ফলত আপোনাৰ বুকু, পিঠি বা কান্ধত বিষ হয়, চিকিৎসকৰ পৰামৰ্শ লওঁক।
৮. মলমূত্র ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন:
যদি আপুনি শৌচ বা প্ৰস্ৰাৱৰ বাবে সঘনাই শৌচাগাৰলৈ যাব লগা হয়, ই কৰ্কট ৰোগৰ কাৰণ হব পাৰে।
৯. বিনা কাৰণত ৰক্তক্ষৰণ:
যদি কাহৰ সময়ত ৰক্তক্ষৰণ হয়, ই কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ।
১০. খোৱাৰ সমস্যা:
যদি খাদ্য খোৱাৰ সময়ত নিয়মীয়াকৈ বদহজমত ভোগে, ই পেট, ডিঙিৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।

The post কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি? appeared first on Assam Talks.

]]>
2603
ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। https://assamtalks.com/?p=2599 Sun, 06 Jul 2025 11:32:55 +0000 https://assamtalks.com/?p=2599 ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু…

The post ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। appeared first on Assam Talks.

]]>
ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ।

Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু অতিমাত্ৰা শৰীৰক কষ্ট দিলেও মানু্হ কম বয়সতে বেছি বয়স্ক যেন দেখা যায়।আৰু সেই বয়স্কতাৰ প্ৰভাৱ মানুহৰ মুখ মণ্ডলৰ লগতে শৰীৰত পৰা দেখা যায়।বিশেষকৈ চিনেমা জগতত জঢ়িত মানুহৰ ৰূপ লাৱণ্য অটুট ৰাখিবলৈ যথেষ্ট কষ্ট অভিনেতা ও অভিনেত্ৰী সকলে কৰে।সেই হেতু নানান ক্ৰীম,প্ৰসাধন সামগ্ৰী আদি ব্যৱহাৰ কৰে।কিন্তু আজি কালি কিছুলোকে প্ৰসাধন সামগ্ৰীৰ ওপৰিও ANTI AGING টেবলেট আৰু বেজী ব্যৱহাৰ কৰা দেখা গৈছে।।বিশেষকৈ চিনেমাৰ তাৰকা সকলৰ মাজত।যৌৱন ধৰি ৰাখিবলৈ সেৱন কৰা উক্ত দৰৱ সমূহ সেৱন কৰি ‘কান্তা লগা ‘ গানেৰে হিট হোৱা শেফালি নামৰ অভিনেত্ৰী গৰাকীৰ অকাল মৃত্যু হ’ল।নিশ্চিত ভাৱে সুয্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালত বিৰূপ প্ৰভাত পেলায়।কিন্তু আমি নিয়মিত যোগাসন,নিৰ্দিষ্ট সময়ৰ টোপনি,শাৰীৰিক ব্যায়াম,ভাল খাদ্য গ্ৰহণ কৰি আমি নিজৰ দেহাটো সুস্থ,উজ্জ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ।উচ্চ SPF যুক্ত ক্ৰীম,লোচন ব্যৱহাৰ কৰিও আমি সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চাল খন ৰক্ষা কৰিব পাৰোঁ।আহক চোন আজিৰ পৰা আমি নিজৰ ছালৰ প্ৰতি সচেতন হও আৰু ৰাসায়নিক সামগ্ৰীৰে চিৰ তৰুণ হৈ থকা প্ৰক্ৰীয়া বাদ দিও।

The post ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। appeared first on Assam Talks.

]]>
2599
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে https://assamtalks.com/?p=2588 Fri, 04 Jul 2025 15:53:14 +0000 https://assamtalks.com/?p=2588 উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে ।…

The post উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে appeared first on Assam Talks.

]]>
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে । আনকি এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দি থৈছে মুখ্যমন্ত্ৰীয়ে । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে একাংশ চৰকাৰী বিষয়া তথা কৰ্মচাৰীয়ে । ৰাজ্যত অব্যাহত আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান।পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।

৬০ হাজাৰ টকা উৎকোচ লৈ হাত ডাঙিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চলিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত হাতে-লুটে ধৰা পৰিল ডিম্বেশ্বৰ হালৈ নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন।ইতিমধ্যেৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডিম্বেশ্বৰ হালৈক।বন্ধ হৈ পৰিছে ৰঙিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম-কাজ।

The post উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে appeared first on Assam Talks.

]]>
2588
ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত https://assamtalks.com/?p=2585 Fri, 04 Jul 2025 15:49:38 +0000 https://assamtalks.com/?p=2585 ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ। অসমীয়া লোকশিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো…

The post ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত appeared first on Assam Talks.

]]>
ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত

অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ। অসমীয়া লোকশিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো এটা লাজৰ কাৰণ আছিল। অসমৰ তাঁতৰ কাপোৰৰ সুখ্যাতি অতি প্ৰাচীন। অসম আক্ৰমণকাৰী মোগলৰ সৈতে বহু মোগল ঐতিহাসিক অসমলৈ আহিছিল। তেওঁলোকে অসমত তৈয়াৰ হোৱা বিবিধ পাটৰ কাপোৰ অতি উচ্চ মানবিশিষ্ট আৰু চীনৰ পাটকাপোৰৰ সমকক্ষ বুলি উল্লেখ কৰিছিল। আহোম ৰাজত্বকালতো আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অভূতপূৰ্ব বিকাশ হৈছিল। পুৰণি অসমত অসমীয়া মহিলাই তাঁতশালত একেনিশাই স্বামীৰ বাবে কবচ কাপোৰ বৈ দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মহাত্মা গান্ধীয়েও অসমীয়া মহিলাই তাঁত শালত সপোন ৰঙে বুলি প্ৰশংসা কৰিছিল।

তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা তথা উৎপাদিত সামগ্ৰী এতিয়া সীমাৰ পৰিধি ভাঙি দেশ-বিদেশত সমাদৃত হৈছে । অসমৰ হস্ততাঁত বয়নশিল্প অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে জড়িত হৈ আছে । শেহতীয়াকৈ অসমৰ স্বাভিমান গামোচাই লাভ কৰিছে জি আই টেগ তথা ভৌগলিক সাংকেতিক পৰিচয়। ৰাজ্যখনৰ অৰ্থনীতিত অসমৰ শিপিনীসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। হস্ত তাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰি আহিছে।

অসমৰ সৰ্বপ্ৰথম এৰি সূতা কটা যঁতৰৰ উদ্ভাৱক হ’ল জ্ঞানানন্দ চৌধুৰী। অসমৰ শিপিনীৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক থকা চৌধুৰীৰ জন্ম হৈছিল ১৯১১ চনৰ ১৯ জুনত বৰপেটাত। তেখেতৰ এটা উল্লেখনীয় আৱিষ্কাৰেৰে অসম তথা গোটেই ভাৰতবৰ্ষতে খ্যাতি লাভ কৰে। অসম চৰকাৰৰ এৰি মুগা, পাট মুগা কটা যন্ত্ৰৰ যোগান ধৰোতা হিচাপে অসম, ভূটান, মেঘালয়, নগালেণ্ড, কৰ্ণাটক আদিত যথেষ্ট সমাদৰ লাভ কৰিছে।
হাতেবোৱা তাঁতশালক আপুৰুগীয়া বাপতিসাহোন বুলি আজিও সাবটি থকা অসমৰ বোৱনীসকল, বিশেষকৈ শুৱালকুছিৰ নিচিনা বয়ন শিল্প প্ৰধান স্থানৰ লোকসকল তাঁতশালত উৎপাদিত বস্ত্ৰৰ ব্যৱসায়েৰে উন্নত জীৱন-যাপন কৰি আছে। সঁচাকৈয়ে শুৱালকুছিয়ে বস্ত্ৰ শিল্প নগৰী হিচাপে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শুৱালকুছিৰ পিছতেই নলবাৰী জিলাৰ ককয়া গাওঁখনে দ্বিতীয় স্থান লাভ কৰাটোও গৌৰৱজনক বিষয়।

The post ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত appeared first on Assam Talks.

]]>
2585
বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে https://assamtalks.com/?p=2582 Fri, 04 Jul 2025 14:16:37 +0000 https://assamtalks.com/?p=2582 বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই ভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। শেহতীয়াকৈ ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী…

The post বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে appeared first on Assam Talks.

]]>
বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বিদেশ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই ভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। শেহতীয়াকৈ ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেশখনে প্ৰধানমন্ত্ৰীগৰাকীৰ।

বিদেশ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই ভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। শেহতীয়াকৈ ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেশখনে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ আয়োজন কৰা এক নৈশ ভোজৰ ভিন্ন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ থলুৱা কৃষ্টি-সংস্কৃতি অতিকৈ চহকী বুলি অভিহিত কৰি দেশখনৰ খাদ্যৰ অতিকৈ সুস্বাদু বুলি উল্লেখ কৰে। তেওঁ কয় যে, ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ সৈতে যথেষ্ট মিল আছে। তেওঁলোকেও ভিন্ন মাংগলিক কাম-কাজত পাত ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ প্ৰধানমন্ত্ৰীক ৰাম মন্দিৰৰ মূৰ্তিৰ লগতে মহাকুম্ভৰ গংগা জলো উপহাৰ দিয়ে।

The post বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে appeared first on Assam Talks.

]]>
2582