food Archives - Assam Talks https://assamtalks.com/?tag=food An Assamese News TV Channel Sat, 17 May 2025 16:38:05 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png food Archives - Assam Talks https://assamtalks.com/?tag=food 32 32 অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… https://assamtalks.com/?p=2195 Sat, 17 May 2025 16:38:05 +0000 https://assamtalks.com/?p=2195 ১৭ মে’, ২০২৫ঃ অসম প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন ৰাজ্য৷ অসমৰ খাদ্যাভ্যাসতো ইয়াৰেই সম্পূর্ণ প্রভাৱ আছে৷ অর্থাৎ অসমৰ মানুহ প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নির্ভৰশীল৷ এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ…

The post অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… appeared first on Assam Talks.

]]>
১৭ মে’, ২০২৫ঃ অসম প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন ৰাজ্য৷ অসমৰ খাদ্যাভ্যাসতো ইয়াৰেই সম্পূর্ণ প্রভাৱ আছে৷ অর্থাৎ অসমৰ মানুহ প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নির্ভৰশীল৷ এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ আকৌ খাদ্যগুণ অপাৰ৷ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যসমূহ খুবেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ৷ লগতে প্রায়ভাগ খাদ্যৰেই ঔষধি গুণো আছে৷ পঁইতাভাত আৰু ভোট জলকীয়াৰ গুণৰ কথা এতিয়া বিশ্ববাসীয়ে জানে৷ আজি এনে কেইবিধমান খাদ্যৰ খাদ্যগুণ তথা ঔষধি গুণাগুণৰ বিষয়েই লিখিবলৈ লৈছোঁ৷ অসমৰ প্রায় সকলোবিধ থলুৱা খাদ্যৰে বহুতো এনে স্বাস্থ্যসন্মত গুণাগুণ আছে৷ আজি ইয়াত তিনিবিধ অসমীয়াৰ বিশেষ খাদ্যৰ খাদ্যগুণৰ বিষয়ে আলোচনা কৰিম৷

ভীমকল খাইছেই চাগৈ৷ নিশ্চয়কৈ ভীমকল নোখোৱা অসমীয়া নোলাবই৷ আজি ভীমকলৰ গুণাগুণ আৰু পৰিপোষক তত্ত্বৰ বিষয়ে ক’ব খুজিছোঁ৷ অসমত অতীজৰে পৰা প্রাকৃতিকভাৱে পোৱা এবিধ থলুৱা প্রজাতিৰ কল হৈছে ভীমকল৷ ভীমকলৰ উপকাৰিতা অপৰিসীম৷ ই এবিধ উৎকৃষ্ট শিশু খাদ্য৷ ভীমকলে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে৷ ভীমকলত খুব শক্তিশালী ৰূপে এণ্টি–ক্সিডেণ্টৰ গুণো পোৱা যায়৷ ভীমকলত কেলচিয়াম, নাইট্র’জেন আৰু ফছফৰাছ থাকে, যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বঢ়োৱাৰ লগতে শৰীৰৰ নতুন কোষ গঠন কৰাতো সহায় কৰে৷ ভীমকলত প্র’টিন, বিভিন্ন মিনাৰেল আৰু ভিটামিনো পোৱা যায়৷ আমাৰ দেহত হোৱা বিভিন্ন ৰোগ যেনে– গাঁঠিৰ বিষ, গ্রহণী আৰু হূদৰোগ আদিৰ বাবেও ভীমকল উপকাৰী৷ ভীমকলত সূক্ষ্মৰ পৰা সূক্ষ্মতম পোষক তত্ত্বও পোৱা যায়, যি শৰীৰৰ বাবে খুবেই উপকাৰী৷ ভীমকলৰ আটাইতকৈ ভাল লগা কথাকেইটা হ’ল যে ইয়াত কেলৰিৰ মাত্রা একেবাৰেই কম, লগতে ই সহজলভ্য আৰু সুলভ মূল্যৰ৷

‘খাৰখোৱা অসমীয়া’ বুলি এষাৰ কথা আছে নহয়, প্রায়েই জানেই৷ প্রতিসাঁজ পৰিপূর্ণ অসমীয়া খাদ্যৰ আৰম্ভণি হয় খাৰৰ এখন আঞ্জাৰে৷ কলাখাৰো প্রস্তুত কৰা হয় ভীমকলৰ বাকলি পুৰি নহ’লে গছজোপাৰ গা–গছ অংশ পুৰি ছাই কৰি৷ সেই ছাইৰ পৰা নিগৰি ওলোৱা পানীকেই বিভিন্ন ধৰণৰ পাচলি যেনে অমিতা, শেৱালি ফুল, মাটিমাহৰ দালিৰ লগতো মিহলি কৰি উপাদেয় ব্যঞ্জন প্রস্তুত কৰা হয়৷ কলাখাৰে হজমজনিত সমস্যা সমাধান কৰাৰ লগতে পেটৰ সকলো বাহ্য পদার্থ নিষ্কাশন কৰে৷ গাঁৱে–ভূঞে এতিয়াও কলাখাৰক চুলি আৰু কাপোৰ ধুবৰ বাবেও ব্যৱহাৰ কৰে৷ কলাখাৰত শৰীৰৰ বিভিন্ন ধৰণৰ সৰু–সুৰা ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা থকাৰ লগতে কটা–ছিঙা সহজে শুকুৱাবৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়৷ কলাখাৰ পেটৰ বিভিন্ন ৰোগ নিৰাময়ত উপযোগী৷ যেনে ধৰক বর্তমান সময়ত প্রায়ভাগ মানুহৰে থকা এচিডিটীৰ সমস্যা– এই সমস্যাত কলাখাৰ বিশেষভাৱে উপযোগী৷ কলাখাৰে হজম শক্তি বঢ়োৱাৰ লগতে অৰুচি বা আভোক লগা বন্ধ কৰিব পাৰে৷

আনকি বৃক্কত হোৱা পাথৰৰ সমস্যা আৰু পানী লগা, কাহ হৈ মাত ভাঙি যোৱা, উচ্চ ৰক্তচাপৰ সমস্যা আদিতো কলাখাৰে ঔষধৰ দৰে কাম কৰে৷
এতিয়া আহোঁ পিঠাগুড়িৰ কথালৈ৷ পিঠাগুড়ি অসমীয়া জলপানৰ এক প্রধান অংশ বা উপাদান৷ গলুটেন নামৰ এবিধ প্র’টিন সাধাৰণতে এনেধৰণৰ গুড়ি কৰা আটা বা ময়দাৰ গুড়িত পোৱা যায়৷ পিঠাগুড়ি এই গলুটেনৰ পৰা মুক্ত৷ বহু লোকৰে এই গলুটেন সেৱন কৰিলে এলার্জীৰ দৰে সমস্যা হয়, পিঠাগুড়িত এই সমস্যা নাই৷ পিঠাগুড়িৰে লুঠৰি প্রস্তুত কৰি শিশুসকলক বা ৰুগীয়া লোকসকলক খাব দিয়া হয়৷ পিঠাগুড়িত থকা আঁহজাতীয় গুণৰ বাবে ই মল ত্যাগ প্রক্রিয়া সুস্থ কৰি তোলে৷ ই হজমতো সহায়ক৷ লগতে পিঠাগুড়িয়ে তেজত সৃষ্টি হোৱা কলেষ্টেৰলৰ মাত্রাও হ্রাস কৰে৷ পিঠাগুড়িত উচ্চ পৰিমাপত ভিটামিন বি পোৱা যায়৷ পিঠাগুড়ি হজম কৰিবলৈও সহজ৷

প্রধানতঃ শিশু–স্বাস্থ্য সম্পর্কে ভীমকল আৰু পিঠাগুড়ি কিমান উপকাৰী ।ছমাহ সম্পূর্ণ হোৱা শিশুৰ বাবে ভীমকল আৰু পিঠাগুড়ি খুবেই উপযোগী খাদ্য৷উপৰিউক্ত যিবোৰ খাদ্যৰ গুণাগুণ সম্পর্কে লিখিলোঁ, সেই খাদ্যসমূহৰ গুণাগুণ অটুট ৰখা বজাৰত খুব সহজতে উপলব্ধ কিছু খাদ্যসামগ্রী হৈছে–

১৷ আছাম মিক্স চাউল আৰু ভীমকলৰ এই মিশ্রণৰ যোগেদি ৬ মাহৰ পৰা আৰম্ভ কৰি ৬ বছৰীয়া শিশুৰ অপুষ্টিজনিত ৰোগক বাধা দিব পাৰে৷ ইয়াৰ লগতে ইয়াত মগু দাইল, তিল আৰু বাদামৰ গুড়িৰ মিশ্রণো আছে৷ লগতে প্রয়োজনীয় সকলো খনিজ দ্রব্য আৰু ভিটামিনো উপলব্ধ আছাম মিক্সত৷

২৷ আছাম ভীম–গাখীৰ, চাউলৰ গুড়ি আৰু ভীমকলৰ গুড়িৰে প্রস্তুত কৰা এই মিশ্রণ ৬ মাহ পাৰ কৰা সকলো শিশুৰ বাবেই এক উপযোগী খাদ্য৷ এই মিশ্রণ আনকি গর্ভৱতী মহিলা, কিশোৰী আৰু বৃদ্ধৰ বাবেও উপযোগী৷ আছাম ভীমত আইৰন, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদার্থৰ লগতে ১২ বিধ জৰুৰী ভিটামিনো পোৱা যায়৷ এই মিশ্রণত এটি শিশুৰ দেহত দৈনিক প্রয়োজন হোৱা প্র’টিনৰ ৫০ শতাংশ প্রয়োজন পূৰণ হয়৷

৩৷ ফিট ভীম – এইবিধ খাদ্যসামগ্রী প্রস্তুত কৰা হয় ভীমকলৰ গুড়ি, পিঠাগুড়ি আৰু গাখীৰৰ মিশ্রণেৰে৷ ২ বছৰৰ ঊর্ধ্বৰ শিশুৰ বাবে প্রয়োজনীয় সকলো পুষ্টিকাৰক দ্রব্যই ফিট ভীমত উপলব্ধ৷

৪৷ কলাখাৰ– কলাখাৰৰ গুণাগুণ সম্পর্কে ইতিমধ্যেই ওপৰত উল্লেখ কৰা হৈছে৷
উপৰিউক্ত আটাইবোৰ খাদ্যসামগ্রী বৈজ্ঞানিকভাৱে পৰীক্ষিত আৰু সকলোবিধ খাদ্যৰ মিশ্রণতে উল্লিখিত প্রাকৃতিক খাদ্যসমূহৰ সকলো গুণাগুণ উপলব্ধ৷

The post অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… appeared first on Assam Talks.

]]>
2195
বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা https://assamtalks.com/?p=2164 Tue, 13 May 2025 13:15:48 +0000 https://assamtalks.com/?p=2164 ১৩ মে ২০২৫: যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সেই আহাৰ শৰীৰৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(If it tastes good,It’s bad for you) এই গুৰুত্বপূৰ্ণ উক্তি আছিল জনৈক আইজাক…

The post বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা appeared first on Assam Talks.

]]>
১৩ মে ২০২৫: যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সেই আহাৰ শৰীৰৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(If it tastes good,It’s bad for you) এই গুৰুত্বপূৰ্ণ উক্তি আছিল জনৈক আইজাক এছিমোভ (Isac Asimov) নামৰ মনীষীৰ। সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱত বিভিন্ন মুখৰোচক খাদ্য-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, যিবোৰৰ পুষ্টিকৰ গুণ শূন্য বা অতি নগণ্য।

বিশেষকৈ আজিৰ প্ৰজন্মৰ জাংক ফুডৰ প্ৰতি আসক্তি অত্যধিক। কিন্তু এই জাংক ফুডৰ আসক্তিয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনে মানৱ শৰীৰলৈ। জাংক ফুড খোৱাৰ ফলত শৰীৰত সৃষ্টি হয় মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ। জাংক ফুডত অতিৰিক্ত চৰ্বি, চেনি আৰু নিমখ থাকে, যি শৰীৰত জমা হয়। ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা, যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্মৃতিশক্তি হেৰুৱা আদি সমস্যাৰ সৃষ্টি হয়।

এই সমস্যাবোৰৰ ফলস্বৰূপে শাৰীৰিক ভাৱে মানুহৰ জীৱন কষ্টকৰ হৈ পৰে। জাংক ফুডত অধিক পৰিমাণে চৰ্বি, চেনী আৰু লবণ থাকে, যাৰ ফলত ওজন বৃদ্ধি, ডায়েবেটিস, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। লগতে, জাংক ফুডত ভিটামিন, খনিজ, ফাইবাৰ আদি পুষ্টিৰকৰ গুণৰ অভাৱ থাকে, যি মানৱ শৰীৰৰ বাবে অতি প্রয়োজনীয়।

জাংক ফুডত ভিটামিন, খনিজ আদি পুষ্টিৰ অভাৱ হয়, যাৰ ফলত শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা হ্ৰাস পায়। লগতে, ইয়াৰ ফলত মানৱ শৰীৰত হজম শক্তিৰ সমস্যাও দেখা যায়। জাংক ফুডৰ পৰিৱৰ্তে স্বাস্থ্যকৰ খাদ্য, যেনে ফল-মূল, সেউজীয়া শাক পাচলি আদি খাব লাগে। দৈনিক ভিটামিন, খনিজ, ফাইবাৰ আদি থকা খাদ্য গ্ৰহণ কৰিব লাগে। নিতৌ নিয়মিত ব্যায়াম কৰিব লাগে।জাংক ফুডৰ বিজ্ঞাপনৰ পৰা দূৰত থাকিব লাগে।আনহাতে শৰীৰত চৰ্বি বাঢ়ি গলে বা স্বাস্থ্যৰ কোনো সমস্যা দেখা গলে চিকিৎসকৰ পৰামৰ্শ লৈ সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

The post বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা appeared first on Assam Talks.

]]>
2164