health Archives - Assam Talks https://assamtalks.com/?tag=health An Assamese News TV Channel Tue, 27 May 2025 12:33:14 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png health Archives - Assam Talks https://assamtalks.com/?tag=health 32 32 উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে তেঁতেলি খোৱাৰ অভ্যাস কৰক ! https://assamtalks.com/?p=2267 Tue, 27 May 2025 12:33:14 +0000 https://assamtalks.com/?p=2267 ২৭ মে’, ২০২৫ঃ উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে সপ্তাহত কমেও ৩/৪ দিন তেঁতেলি খোৱাৰ অভ্যাস কৰক! তেঁতেলিৰ স্বাস্থ্য উপকাৰী গুণসমূহ হৈছে- তেঁতেলিত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, ইয়ে শৰীৰৰ ভিতৰৰ…

The post উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে তেঁতেলি খোৱাৰ অভ্যাস কৰক ! appeared first on Assam Talks.

]]>
২৭ মে’, ২০২৫ঃ উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে সপ্তাহত কমেও ৩/৪ দিন তেঁতেলি খোৱাৰ অভ্যাস কৰক!

তেঁতেলিৰ স্বাস্থ্য উপকাৰী গুণসমূহ হৈছে-
তেঁতেলিত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, ইয়ে শৰীৰৰ ভিতৰৰ প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰে। ফলত গাঁঠিৰ বিষৰ প্ৰকোপ কমি যায়। একেদৰে বাত বা আৰ্থ্ৰাইটিজৰ দৰে ৰোগো প্ৰতিৰোধ কৰে তেঁতেলিয়ে।

ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে তেঁতেলিয়ে। অনবৰত সূৰ্যৰ পোহৰ, পৰিৱেশ প্ৰদূষণ আৰু ধূলি-বালিৰ আক্ৰমণৰ ফলত ছালৰ সমস্যা সৃষ্টি হোৱাত বেছি সময় নালাগে। এনে পৰিস্থিতিত ‘স্কীন ট’ন’ৰ উন্নতি কৰাৰ লগতে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰাত তেঁতেলিৰ বিকল্প নাই বুলিব পাৰি।

ডায়েবেটিছৰ আশংকা দূৰ কৰে তেঁতেলিয়ে। তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে তেঁতেলিৰ। এই ফলবিধত থকা এনজাইমে কাৰ্বহাইড্ৰেটৰ মাত্ৰা শোষণ কৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হোৱাৰ আশংকা হ্ৰাস কৰে।

হজম ক্ষমতা স্বাভাৱিক কৰে: তেঁতেলিত থকা ডায়েটাৰী ফাইবাৰে হজমত সহায় কৰা এচিডৰ ক্ষৰণ স্বাভাৱিক কৰি ৰাখে। ফলত খাদ্য হজম হোৱাত ব্যাঘাত নজন্ময়। ইয়াৰ উপৰি তেঁতেলিত প্ৰচুৰ পৰিমাণ থকা ‘বিলিয়াছ ছাফন্টেন্স’-এ হজম প্ৰক্ৰিয়া ত্বৰান্বিত কৰে।

স্মৃতিশক্তি বৃদ্ধি কৰে: তেঁতেলিত প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘বি’ কমপ্লেক্স থাকে, যিয়ে মস্তিষ্কৰ স্নায়ু কোষৰ শক্তি বৃদ্ধি কৰে, ফলত স্বাভাৱিকভাৱে ‘কংনেটিভ ফাংচন’ৰ উন্নতি ঘটে। ফলত বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি পাবলৈ ধৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে: একাধিক গৱেষণাত দেখা গৈছে তেঁতেলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰি তেজত কলেষ্টৰেলৰ মাত্ৰাও হ্ৰাস কৰাত ভূমিকা গ্ৰহণ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: তেঁতেলিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। যিয়ে শৰীৰত এন্টি-অক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। একেদৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
শৰীৰত তেজৰ চলাচল স্বাভাৱিক কৰে: তেঁতেলিত প্ৰচুৰ মাত্ৰাত আইৰণ থাকে, যিয়ে শৰীৰত লোহিতৰক্ত কণিকাৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ উপৰি অক্সিজেনসমৃদ্ধি তেজ শৰীৰৰ প্ৰতিটো অংশলৈ কঢ়িয়াই নিয়াত বিশেষ ভূমিকা পালন কৰে। ফলত প্ৰতিটো অংগৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

The post উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে তেঁতেলি খোৱাৰ অভ্যাস কৰক ! appeared first on Assam Talks.

]]>
2267
PCODৰ সমস্যাক লৈ আপুনিও চিন্তিত নেকি? https://assamtalks.com/?p=2222 Wed, 21 May 2025 08:48:10 +0000 https://assamtalks.com/?p=2222 ২১ মে’, ২০২৫ঃ PCOD সহজ ভাষাত ক’বলৈ গ’লে পিচিঅ’ডি (Polycystic Ovarian Disease) হৈছে এনে এক স্বাস্থ্যজনিত অৱস্থা য’ত মহিলাৰ ডিম্বাশয়ৰ পৰা বহুতো সৰু, অপৰিপক্ক কণী উৎপন্ন হয় যিবোৰ চিষ্টলৈ পৰিণত…

The post PCODৰ সমস্যাক লৈ আপুনিও চিন্তিত নেকি? appeared first on Assam Talks.

]]>
২১ মে’, ২০২৫ঃ PCOD সহজ ভাষাত ক’বলৈ গ’লে পিচিঅ’ডি (Polycystic Ovarian Disease) হৈছে এনে এক স্বাস্থ্যজনিত অৱস্থা য’ত মহিলাৰ ডিম্বাশয়ৰ পৰা বহুতো সৰু, অপৰিপক্ক কণী উৎপন্ন হয় যিবোৰ চিষ্টলৈ পৰিণত হয়। ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা আৰু অনিয়মিত মাহেকীয়া, ওজন বৃদ্ধি, ব্ৰণ, চুলিৰ সমস্যা, আৰু কেতিয়াবা গৰ্ভধাৰণত অসুবিধাৰ সৃষ্টি হয়।

পিচিঅ’ডি নিয়ন্ত্ৰণৰ একমাত্ৰ ফলপ্ৰসূ উপায়:

যদিও ইয়াৰ কোনো স্থায়ী “নিৰাময়” নাই, আপোনাৰ জীৱনশৈলী পৰিচালনা কৰি পিচিঅ’ডি অতি ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

পিচিঅ’ডি নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় (প্ৰাকৃতিক আৰু ফলপ্ৰসূভাৱে):

১/ স্বাস্থ্যসন্মত খাদ্য – পৰিষ্কাৰ খাদ্য গ্ৰহণ কৰক।
*অধিক খাব:~
ফলমূল, শাক-পাচলি, গোটা শস্য, বাদাম, গুটি, ক্ষীণ প্ৰটিন।

পৰিহাৰ কৰক:~চেনি, জাংক ফুড, প্ৰচেছড ফুড, ফ্ৰাইড ফুড
• কম কাৰ্বযুক্ত খাদ্য বাছি লওক (যেনে বগাৰ পৰিৱৰ্তে ব্ৰাউন ৰাইচ)
২) দৈনিক ব্যায়াম – ৩০ মিনিট
দ্ৰুত খোজ কঢ়া, যোগাসন, নৃত্য, বা আপুনি ভাল পোৱা যিকোনো শাৰীৰিক কাৰ্য্যকলাপ
ওজন নিয়ন্ত্ৰণ আৰু হৰম’নৰ ভাৰসাম্যত সহায় কৰে
৩/ স্বাস্থ্যসন্মত ওজন বজাই ৰাখক
আনকি শৰীৰৰ ওজন ৫-১০% কমালেও মাহেকীয়া নিয়মীয়া কৰি লক্ষণ কমোৱাত সহায় কৰিব পাৰে।
৪) ভালদৰে শুব – ৭ৰ পৰা ৮ ঘণ্টা
বেয়া টোপনিয়ে হৰম’নৰ ভাৰসাম্যহীনতা আৰু বেছি বেয়া কৰে
৫/ মানসিক চাপ নিয়ন্ত্ৰণ
• যোগাসন, ধ্যান, গভীৰ উশাহ-নিশাহৰ অভ্যাস কৰক
• মানসিক চাপে পিচিঅ’ডিৰ লক্ষণ বৃদ্ধি কৰে
৬/ আপোনাৰ সময়সীমা অনুসৰণ কৰক
• পৰিৱৰ্তন নিৰীক্ষণ কৰিবলৈ আৰু লক্ষণসমূহ ভালদৰে পৰিচালনা কৰিবলৈ এপসমূহ ব্যৱহাৰ কৰক
৭) চিকিৎসা সহায় (প্ৰয়োজন হ’লে)
• কিছুমানক হৰম’ন টেবলেট বা মেটফৰ্মিনৰ প্ৰয়োজন হ’ব পাৰে – যদি কেৱল জীৱনশৈলীৰ পৰিৱৰ্তনে সহায় নকৰে তেন্তে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

The post PCODৰ সমস্যাক লৈ আপুনিও চিন্তিত নেকি? appeared first on Assam Talks.

]]>
2222
অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… https://assamtalks.com/?p=2195 Sat, 17 May 2025 16:38:05 +0000 https://assamtalks.com/?p=2195 ১৭ মে’, ২০২৫ঃ অসম প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন ৰাজ্য৷ অসমৰ খাদ্যাভ্যাসতো ইয়াৰেই সম্পূর্ণ প্রভাৱ আছে৷ অর্থাৎ অসমৰ মানুহ প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নির্ভৰশীল৷ এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ…

The post অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… appeared first on Assam Talks.

]]>
১৭ মে’, ২০২৫ঃ অসম প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন ৰাজ্য৷ অসমৰ খাদ্যাভ্যাসতো ইয়াৰেই সম্পূর্ণ প্রভাৱ আছে৷ অর্থাৎ অসমৰ মানুহ প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নির্ভৰশীল৷ এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ আকৌ খাদ্যগুণ অপাৰ৷ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যসমূহ খুবেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ৷ লগতে প্রায়ভাগ খাদ্যৰেই ঔষধি গুণো আছে৷ পঁইতাভাত আৰু ভোট জলকীয়াৰ গুণৰ কথা এতিয়া বিশ্ববাসীয়ে জানে৷ আজি এনে কেইবিধমান খাদ্যৰ খাদ্যগুণ তথা ঔষধি গুণাগুণৰ বিষয়েই লিখিবলৈ লৈছোঁ৷ অসমৰ প্রায় সকলোবিধ থলুৱা খাদ্যৰে বহুতো এনে স্বাস্থ্যসন্মত গুণাগুণ আছে৷ আজি ইয়াত তিনিবিধ অসমীয়াৰ বিশেষ খাদ্যৰ খাদ্যগুণৰ বিষয়ে আলোচনা কৰিম৷

ভীমকল খাইছেই চাগৈ৷ নিশ্চয়কৈ ভীমকল নোখোৱা অসমীয়া নোলাবই৷ আজি ভীমকলৰ গুণাগুণ আৰু পৰিপোষক তত্ত্বৰ বিষয়ে ক’ব খুজিছোঁ৷ অসমত অতীজৰে পৰা প্রাকৃতিকভাৱে পোৱা এবিধ থলুৱা প্রজাতিৰ কল হৈছে ভীমকল৷ ভীমকলৰ উপকাৰিতা অপৰিসীম৷ ই এবিধ উৎকৃষ্ট শিশু খাদ্য৷ ভীমকলে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে৷ ভীমকলত খুব শক্তিশালী ৰূপে এণ্টি–ক্সিডেণ্টৰ গুণো পোৱা যায়৷ ভীমকলত কেলচিয়াম, নাইট্র’জেন আৰু ফছফৰাছ থাকে, যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বঢ়োৱাৰ লগতে শৰীৰৰ নতুন কোষ গঠন কৰাতো সহায় কৰে৷ ভীমকলত প্র’টিন, বিভিন্ন মিনাৰেল আৰু ভিটামিনো পোৱা যায়৷ আমাৰ দেহত হোৱা বিভিন্ন ৰোগ যেনে– গাঁঠিৰ বিষ, গ্রহণী আৰু হূদৰোগ আদিৰ বাবেও ভীমকল উপকাৰী৷ ভীমকলত সূক্ষ্মৰ পৰা সূক্ষ্মতম পোষক তত্ত্বও পোৱা যায়, যি শৰীৰৰ বাবে খুবেই উপকাৰী৷ ভীমকলৰ আটাইতকৈ ভাল লগা কথাকেইটা হ’ল যে ইয়াত কেলৰিৰ মাত্রা একেবাৰেই কম, লগতে ই সহজলভ্য আৰু সুলভ মূল্যৰ৷

‘খাৰখোৱা অসমীয়া’ বুলি এষাৰ কথা আছে নহয়, প্রায়েই জানেই৷ প্রতিসাঁজ পৰিপূর্ণ অসমীয়া খাদ্যৰ আৰম্ভণি হয় খাৰৰ এখন আঞ্জাৰে৷ কলাখাৰো প্রস্তুত কৰা হয় ভীমকলৰ বাকলি পুৰি নহ’লে গছজোপাৰ গা–গছ অংশ পুৰি ছাই কৰি৷ সেই ছাইৰ পৰা নিগৰি ওলোৱা পানীকেই বিভিন্ন ধৰণৰ পাচলি যেনে অমিতা, শেৱালি ফুল, মাটিমাহৰ দালিৰ লগতো মিহলি কৰি উপাদেয় ব্যঞ্জন প্রস্তুত কৰা হয়৷ কলাখাৰে হজমজনিত সমস্যা সমাধান কৰাৰ লগতে পেটৰ সকলো বাহ্য পদার্থ নিষ্কাশন কৰে৷ গাঁৱে–ভূঞে এতিয়াও কলাখাৰক চুলি আৰু কাপোৰ ধুবৰ বাবেও ব্যৱহাৰ কৰে৷ কলাখাৰত শৰীৰৰ বিভিন্ন ধৰণৰ সৰু–সুৰা ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা থকাৰ লগতে কটা–ছিঙা সহজে শুকুৱাবৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়৷ কলাখাৰ পেটৰ বিভিন্ন ৰোগ নিৰাময়ত উপযোগী৷ যেনে ধৰক বর্তমান সময়ত প্রায়ভাগ মানুহৰে থকা এচিডিটীৰ সমস্যা– এই সমস্যাত কলাখাৰ বিশেষভাৱে উপযোগী৷ কলাখাৰে হজম শক্তি বঢ়োৱাৰ লগতে অৰুচি বা আভোক লগা বন্ধ কৰিব পাৰে৷

আনকি বৃক্কত হোৱা পাথৰৰ সমস্যা আৰু পানী লগা, কাহ হৈ মাত ভাঙি যোৱা, উচ্চ ৰক্তচাপৰ সমস্যা আদিতো কলাখাৰে ঔষধৰ দৰে কাম কৰে৷
এতিয়া আহোঁ পিঠাগুড়িৰ কথালৈ৷ পিঠাগুড়ি অসমীয়া জলপানৰ এক প্রধান অংশ বা উপাদান৷ গলুটেন নামৰ এবিধ প্র’টিন সাধাৰণতে এনেধৰণৰ গুড়ি কৰা আটা বা ময়দাৰ গুড়িত পোৱা যায়৷ পিঠাগুড়ি এই গলুটেনৰ পৰা মুক্ত৷ বহু লোকৰে এই গলুটেন সেৱন কৰিলে এলার্জীৰ দৰে সমস্যা হয়, পিঠাগুড়িত এই সমস্যা নাই৷ পিঠাগুড়িৰে লুঠৰি প্রস্তুত কৰি শিশুসকলক বা ৰুগীয়া লোকসকলক খাব দিয়া হয়৷ পিঠাগুড়িত থকা আঁহজাতীয় গুণৰ বাবে ই মল ত্যাগ প্রক্রিয়া সুস্থ কৰি তোলে৷ ই হজমতো সহায়ক৷ লগতে পিঠাগুড়িয়ে তেজত সৃষ্টি হোৱা কলেষ্টেৰলৰ মাত্রাও হ্রাস কৰে৷ পিঠাগুড়িত উচ্চ পৰিমাপত ভিটামিন বি পোৱা যায়৷ পিঠাগুড়ি হজম কৰিবলৈও সহজ৷

প্রধানতঃ শিশু–স্বাস্থ্য সম্পর্কে ভীমকল আৰু পিঠাগুড়ি কিমান উপকাৰী ।ছমাহ সম্পূর্ণ হোৱা শিশুৰ বাবে ভীমকল আৰু পিঠাগুড়ি খুবেই উপযোগী খাদ্য৷উপৰিউক্ত যিবোৰ খাদ্যৰ গুণাগুণ সম্পর্কে লিখিলোঁ, সেই খাদ্যসমূহৰ গুণাগুণ অটুট ৰখা বজাৰত খুব সহজতে উপলব্ধ কিছু খাদ্যসামগ্রী হৈছে–

১৷ আছাম মিক্স চাউল আৰু ভীমকলৰ এই মিশ্রণৰ যোগেদি ৬ মাহৰ পৰা আৰম্ভ কৰি ৬ বছৰীয়া শিশুৰ অপুষ্টিজনিত ৰোগক বাধা দিব পাৰে৷ ইয়াৰ লগতে ইয়াত মগু দাইল, তিল আৰু বাদামৰ গুড়িৰ মিশ্রণো আছে৷ লগতে প্রয়োজনীয় সকলো খনিজ দ্রব্য আৰু ভিটামিনো উপলব্ধ আছাম মিক্সত৷

২৷ আছাম ভীম–গাখীৰ, চাউলৰ গুড়ি আৰু ভীমকলৰ গুড়িৰে প্রস্তুত কৰা এই মিশ্রণ ৬ মাহ পাৰ কৰা সকলো শিশুৰ বাবেই এক উপযোগী খাদ্য৷ এই মিশ্রণ আনকি গর্ভৱতী মহিলা, কিশোৰী আৰু বৃদ্ধৰ বাবেও উপযোগী৷ আছাম ভীমত আইৰন, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদার্থৰ লগতে ১২ বিধ জৰুৰী ভিটামিনো পোৱা যায়৷ এই মিশ্রণত এটি শিশুৰ দেহত দৈনিক প্রয়োজন হোৱা প্র’টিনৰ ৫০ শতাংশ প্রয়োজন পূৰণ হয়৷

৩৷ ফিট ভীম – এইবিধ খাদ্যসামগ্রী প্রস্তুত কৰা হয় ভীমকলৰ গুড়ি, পিঠাগুড়ি আৰু গাখীৰৰ মিশ্রণেৰে৷ ২ বছৰৰ ঊর্ধ্বৰ শিশুৰ বাবে প্রয়োজনীয় সকলো পুষ্টিকাৰক দ্রব্যই ফিট ভীমত উপলব্ধ৷

৪৷ কলাখাৰ– কলাখাৰৰ গুণাগুণ সম্পর্কে ইতিমধ্যেই ওপৰত উল্লেখ কৰা হৈছে৷
উপৰিউক্ত আটাইবোৰ খাদ্যসামগ্রী বৈজ্ঞানিকভাৱে পৰীক্ষিত আৰু সকলোবিধ খাদ্যৰ মিশ্রণতে উল্লিখিত প্রাকৃতিক খাদ্যসমূহৰ সকলো গুণাগুণ উপলব্ধ৷

The post অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ… appeared first on Assam Talks.

]]>
2195
অতিমাত্ৰা শীতল পানীয় সেৱনে বিপদত পেলাব পাৰে আপোনাৰ জীৱন ! https://assamtalks.com/?p=2192 Sat, 17 May 2025 15:23:50 +0000 https://assamtalks.com/?p=2192 ১৭ মে’, ২০২৫ঃ লাহে লাহে আৰম্ভ হৈ পৰিছে গ্ৰীষ্মকাল ৷ গৰম দিন আৰম্ভ হোৱাৰ লগে লগেই আমি সকলোৱে অতিমাত্ৰা শীতল। পানীয় বা কোল্ড ড্ৰিংকছ সেৱন কৰিবলৈ আৰম্ভ কৰোঁ ৷ কিন্তু…

The post অতিমাত্ৰা শীতল পানীয় সেৱনে বিপদত পেলাব পাৰে আপোনাৰ জীৱন ! appeared first on Assam Talks.

]]>
১৭ মে’, ২০২৫ঃ লাহে লাহে আৰম্ভ হৈ পৰিছে গ্ৰীষ্মকাল ৷ গৰম দিন আৰম্ভ হোৱাৰ লগে লগেই আমি সকলোৱে অতিমাত্ৰা শীতল। পানীয় বা কোল্ড ড্ৰিংকছ সেৱন কৰিবলৈ আৰম্ভ কৰোঁ ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছে নে, এই শীতল পানীয়ই আৰু বজাৰত পোৱা নানা ৰঙীন কোল্ড ড্ৰিংকছে। আমাৰ স্বাহ্যৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷

শীতল পানীয়ত অধিক মাত্ৰাত ফ্ৰুক্ট’জ পোৱা যায়, যাৰ বাবে পেটত চৰ্বি জমা হ’ব পাৰে ৷ পেটত চৰ্বি বৃদ্ধি হোৱাৰ অৰ্থ হ’ল ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগে আপোনাৰ দেহত ক্ষতি কৰিব পাৰে৷

আনহাতে শীতল পানীয় সেৱনৰ ফলত আমাৰ যকৃতৰ বহু ক্ষতি হয় । আচলতে যেতিয়া কল্ড ড্ৰিংকছ অতিমাত্ৰা সেৱন কৰা হয়, তেতিয়া যকৃতটো অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । ইয়াৰ ফলত নন-এলকহলিক ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

আৰু ইয়াৰোপৰি শীতল পানীয়ৰ বাবে তেজত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকাও থাকে । কাৰণ শৰীৰ ইনচুলিন প্ৰতিৰোধী হৈ পৰে । ইনচুলিনৰ কাম হ’ল তেজৰ পৰা গ্লুক’জ কোষলৈ লৈ যোৱা । শীতল পানীয়ৰ বাবে কোষবোৰ ইনচুলিনৰ প্ৰভাৱৰ প্ৰতি কম সংবেদনশীল হৈ পৰে । গতিকে অধিক মাত্ৰা শীতল পানীয় সেৱন আমাৰ শৰীৰৰ বাবে মাৰাত্মক হ’ব পাৰে ৷

The post অতিমাত্ৰা শীতল পানীয় সেৱনে বিপদত পেলাব পাৰে আপোনাৰ জীৱন ! appeared first on Assam Talks.

]]>
2192
আজি বিশ্ব স্বাস্থ্য দিৱস, কিয় পালন কৰা হয় এই দিৱস ? https://assamtalks.com/?p=1688 Mon, 07 Apr 2025 13:59:44 +0000 https://assamtalks.com/?p=1688 প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত…

The post আজি বিশ্ব স্বাস্থ্য দিৱস, কিয় পালন কৰা হয় এই দিৱস ? appeared first on Assam Talks.

]]>
প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে। গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয়।

বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।

বিশ্ব স্বাস্থ্য দিৱস, ২০২৫ চনৰ বাবে থিম কি ?

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰে পালন কৰা হয়, যিটো বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সিদ্ধান্ত লয় ৷ এইবাৰ ২০২৫ চনৰ বাবে থিম ‘স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যত’(Healthy Beginnings, Hopeful Futures) হিচাপে ৰখা হৈছে ৷ এই বিষয়ত মূলতঃ মাতৃ আৰু নৱজাত শিশুৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইয়াৰ উদ্দেশ্য হৈছে গৰ্ভাৱস্থা, প্ৰসৱ আৰু পৰৱৰ্তী যত্নৰ সময়ত উন্নত সেৱাৰ প্ৰয়োজনীয়তাক উজ্জ্বল কৰি তোলা, যাতে মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস পায় ৷

The post আজি বিশ্ব স্বাস্থ্য দিৱস, কিয় পালন কৰা হয় এই দিৱস ? appeared first on Assam Talks.

]]>
1688