Joymoti Archives - Assam Talks https://assamtalks.com/?tag=joymoti An Assamese News TV Channel Wed, 28 May 2025 10:50:23 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Joymoti Archives - Assam Talks https://assamtalks.com/?tag=joymoti 32 32 অসমীয়া ছবিৰ ইতিহাস, ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে https://assamtalks.com/?p=2270 Wed, 28 May 2025 10:46:09 +0000 https://assamtalks.com/?p=2270 ২৮ মে’, ২০২৫ঃ ১৯৩৫ চনৰ ১০ মাৰ্চ। সেইদিনাই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি ‘জয়মতী’ । ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ৰে…

The post অসমীয়া ছবিৰ ইতিহাস, ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে appeared first on Assam Talks.

]]>
২৮ মে’, ২০২৫ঃ ১৯৩৫ চনৰ ১০ মাৰ্চ। সেইদিনাই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি ‘জয়মতী’ । ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে।

জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ৰে আৰম্ভ হোৱা অসমীয়া ছবিৰ যাত্ৰাই ইতিমধ্যে ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে। ক’লা-বগাৰ যুগৰ পৰা ৰঙীন যুগলৈ, সুদীৰ্ঘ ৯০টা বৰ্ষত নিৰ্মাণ হ’ল ৪৫০ খনৰো অধিক অসমীয়া ছবি। ১৯৫৫ চনৰ ২ ডিচেম্বৰত মুক্তি লাভ কৰা ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ‘চাৰ্টিফিকেট অৱ মেৰিট’ লাভ কৰিছিল। ইয়াৰ পিছতে ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ‘মাক আৰু মৰম’ নামৰ ছবিখনেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ১৯৫৮ চনৰ ৪ এপ্ৰিলত মুক্তি পোৱা নিপ বৰুৱাৰ ‘ৰঙা পুলিচ’ নামৰ ছবিখনে প্ৰথমখন অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰাষ্ট্ৰীয় বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।

সেইদৰে ১৯৫৯ চনৰ ১৮ ছেপ্টেম্বৰত মুক্তি পোৱা ‘পূবেৰুণ’ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে কোনো এক আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হিচাপে গৌৰৱ অৰ্জন কৰে। ছবিখন প্ৰদৰ্শিত হৈছিল বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত। ইয়াৰ পৰৱৰ্তী সময়তো ভালেসংখ্যক অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অলেখ সন্মান কঢ়িয়াই অনাৰ উপৰি বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃত হ’বলৈও সক্ষম হয়। কিন্তু প্ৰথমটো শীৰ্ষতম পুৰস্কাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনে জাহ্নু বৰুৱা পৰিচালিত ‘হালধীয়া চৰায়ে বাওঁধান খায়’ নামৰ ছবিখনে। ১৯৮৭ চনৰ ২১ আগষ্টত মুক্তি পোৱা এই ছবিখনে দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰে আৰু পোন প্ৰথমবাৰৰ বাবে এই ছবিখনৰ জৰিয়তে অসমলৈ আহে শ্ৰেষ্ঠ ছবিৰ সন্মান।

ইয়াৰ পিছতো বহু অসমীয়া ছবিয়ে বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।১৯৬৯ চনত মুক্তি পোৱা ‘ড০ বেজবৰুৱা’ ছবিখনে যিদৰে অসমীয়া ছবিজগতলৈ এক নতুন ধাৰা আনিছিল ঠিক সেইদৰে এক ভয়াৱহ পৰ্যায়লৈ যোৱা অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল ১৯৯৮চনত মুক্তি পোৱা ‘যৌৱনে আমনি কৰে’ ছবিখনে। অসমীয়া ছবি কেৱল অসমতে নহয় দেশ-বিদেশতো ইতিমধ্যেই উজলিবলৈ সক্ষম হৈছে।
অস্কাৰৰ নমিনেচনৰ বাবে ভাৰতৰ পৰা অফিছিয়েল এন্ট্ৰী হিচাপেও প্ৰেৰণ কৰা হৈছিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ নামৰ অসমীয়া ছবিখন। অসমীয়া ছবিলৈ দুৰ্যোগো আহিছে আৰু সেই দুৰ্যোগৰ পৰা সময়ে সময়ে মুক্ত হ’বলৈ সক্ষমো হৈছে। উত্থান-পতনৰ মাজেৰেই ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে অসমীয়া ছবিজগতে।

The post অসমীয়া ছবিৰ ইতিহাস, ৯০ টা বৰ্ষ অতিক্ৰম কৰিলে প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে appeared first on Assam Talks.

]]>
2270