Parvati Prasad Baruva Archives - Assam Talks https://assamtalks.com/?tag=parvati-prasad-baruva An Assamese News TV Channel Sat, 07 Jun 2025 15:05:12 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.9 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Parvati Prasad Baruva Archives - Assam Talks https://assamtalks.com/?tag=parvati-prasad-baruva 32 32 গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাক স্মৰণ https://assamtalks.com/?p=2322 Sat, 07 Jun 2025 15:05:12 +0000 https://assamtalks.com/?p=2322 ৭ জুন, ২০২৫ঃ লুইতৰ চাপৰিত কৰে নাৱৰীয়া লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় সাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায়। আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস…

The post গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাক স্মৰণ appeared first on Assam Talks.

]]>
৭ জুন, ২০২৫ঃ লুইতৰ চাপৰিত কৰে নাৱৰীয়া

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

বালিত ভাতে ৰান্ধি খায়

সাউদৰ ডিঙৰা বগা পালে তৰা

উজনি দেশলৈ যায়।

আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । পাৰ্বতী প্ৰসাদ বৰুৱা আজি আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজিৰ চৰ্চা এতিয়াও অব্যাহত আছে । অসমীয়া গীতি-কাব্য সাহিত্যৰ অতি চিনাকি নাম পাৰ্বতি প্ৰসাদ বৰুৱা । অসমীয়া গীতি-কাব্য সাহিত্যত অমূল্য অৱদান আগবঢ়াই গৈছে এইগৰাকী বিশাল প্ৰতিভাসম্পন্ন ব্যক্তিয়ে । ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি কাল সোণাৰিতে কটাইছিল । ঐতিহাসিক চৰাইদেউৰ সোণাৰিত আজিও গীতিকবিৰ স্মৃতি বিৰাজমান । সৰু-চৰাইত ‘জোনাকী মেল’ৰ পাতনি মেলা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া সাংস্কৃতিক জগতখনৰ এগৰাকী চিৰনমস্য পুৰোধা ব্যক্তি। তেওঁ চতুৰ্থখন অসমীয়া ছবি ‘ৰূপহী’ৰ নিৰ্মাতা, নাট্যকাৰ যদিও মূলত গীতি-কবিতাৰে অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰিছিল । পাৰ্বতী প্ৰসাদৰ গীত-কবিতাসমূহে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্যত এক নতুন পৰিচয় লাভ কৰিছিল ৷ পাৰ্বতী প্ৰসাদ বৰুৱাই গীত-কবিতাসমূহক সুৰ দি নিজে কণ্ঠদান কৰি যি অমৰত্ব প্ৰদান কৰিলে, সেই গীতে অসমীয়া সংগীত জগতখনক চহকী কৰি ৰাখিব যুগ-যুগান্তৰলৈ । এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা-সংস্কৃতিৰ ধাৰক আৰু বাহকৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে মৃত্যু হয়। আজি তেখেতৰ স্মৃতিত তেখেতলৈ সশ্রদ্ধ প্রণাম।

The post গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাক স্মৰণ appeared first on Assam Talks.

]]>
2322