school Archives - Assam Talks https://assamtalks.com/?tag=school An Assamese News TV Channel Mon, 12 May 2025 14:07:07 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.8 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png school Archives - Assam Talks https://assamtalks.com/?tag=school 32 32 https://assamtalks.com/?p=2143 Mon, 12 May 2025 14:07:07 +0000 https://assamtalks.com/?p=2143 ১২ মে’, ২০২৫ঃ প্ৰতিৱেশী ৰাজ্য ম্যানমাৰৰ পৰা আহিছে এটা ভয়ংকৰ খবৰ। ম্যানমাৰৰ ছাগাইং প্ৰদেশৰ এখন বিদ্যালয়ত শাসকীয় মিলিটাৰী জুণ্টাৰ আকাশী আক্ৰমণ। এই আক্ৰমণত ২০ শিশু ছাত্ৰসহ ২২ জন লোক থিতাতে…

The post appeared first on Assam Talks.

]]>
১২ মে’, ২০২৫ঃ প্ৰতিৱেশী ৰাজ্য ম্যানমাৰৰ পৰা আহিছে এটা ভয়ংকৰ খবৰ। ম্যানমাৰৰ ছাগাইং প্ৰদেশৰ এখন বিদ্যালয়ত শাসকীয় মিলিটাৰী জুণ্টাৰ আকাশী আক্ৰমণ।

এই আক্ৰমণত ২০ শিশু ছাত্ৰসহ ২২ জন লোক থিতাতে নিহত। আকাশৰ পৰা এখন ফাইটাৰ জেটেৰে মিলিটাৰী জুণ্টাই বিদ্যালয়খনত পেলালে বোমাটো।

টাবাইন চহৰৰ কাষৰ অহে’ টিন টুইন গাঁৱৰ বিদ্যালয়ত এই ভয়ংকৰ ঘটনা। বোমাৰ আঘাতত কেইবাজনো ছাত্ৰ আৰু শিক্ষক আহত হোৱাৰো খবৰ।

পুৱা ৯ বজাত ফাইটাৰ জেট এখনে বিদ্যালয়খনত পেলালে বোমাটো। বোমা বিস্পোৰণথলী মাণ্ডালয়ৰ পৰা ১১৫ কিলোমিটাৰ নিলগত।

দেশখনত কেইবাটাও প্ৰান্তত সেনাৰ শাসনৰ বিৰুদ্ধে আৰম্ভ হৈছে বিদ্ৰোহ। সেই বিদ্ৰোহীসকলৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ গৈয়ে বিদ্যালয়তে বোমা পেলাই দিলে সেনা প্ৰশাসনে।

The post appeared first on Assam Talks.

]]>
2143