skin Archives - Assam Talks https://assamtalks.com/?tag=skin An Assamese News TV Channel Wed, 21 May 2025 09:31:48 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png skin Archives - Assam Talks https://assamtalks.com/?tag=skin 32 32 গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… https://assamtalks.com/?p=2225 Wed, 21 May 2025 09:31:48 +0000 https://assamtalks.com/?p=2225 ২১ মে’, ২০২৫ঃ গ্ৰীষ্মকালত সাধাৰণতে বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিয়ে।গৰমৰ প্ৰকোপৰ লগতে আপুনিও যদি গ্ৰীষ্মকালত শালমন, তেলেতীয়া ছাল আদি ছালৰ সমস্যাত ভুগিছে, তেন্তে এবিধ সেউজীয়া ঘাঁহে আপোনাক এই ছালৰ…

The post গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… appeared first on Assam Talks.

]]>
২১ মে’, ২০২৫ঃ গ্ৰীষ্মকালত সাধাৰণতে বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিয়ে।গৰমৰ প্ৰকোপৰ লগতে আপুনিও যদি গ্ৰীষ্মকালত শালমন, তেলেতীয়া ছাল আদি ছালৰ সমস্যাত ভুগিছে, তেন্তে এবিধ সেউজীয়া ঘাঁহে আপোনাক এই ছালৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। এই সেউজীয়া ঘাঁহৰ নাম লেমন ঘাঁহ।

অৱশ্যে নাম লেমন ঘাঁহ হ’লেও এই ঘাঁহবিধ নেমু গছৰ লগত কোনোধৰণেই সংযুক্ত নহয়। কিন্তু ঘাঁহবিধৰ সুগন্ধি আকৌ ঠিক নেমুৰ দৰে। গ্ৰীষ্মকালত এই ঘাঁহবিধে দেহত সতেজতাও অনুভৱ কৰায়।

গ্ৰীষ্মকালত চাহ বনাবলৈ মানুহে লেমন ঘাঁহ ব্যৱহাৰ কৰে। এই চাহৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক হয়। স্বাস্থ্য উপকাৰিতাৰ উপৰিও লেমন ঘাঁহৰ ব্যৱহাৰৰ দ্বাৰা ছালৰ উজ্বলতাও বৃদ্ধি পায়। ছালৰ যত্নত এই ঘাঁহবিধ বিশেষভাৱে ব্যৱহৃত হয়। এই বিষয়ে জানো আহকঃ

লেমন ঘাঁহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে

স্বাস্থ্য উপকাৰিতাকে ধৰি বহু গুণেৰে সমৃদ্ধ লেমন ঘাঁহক ছালৰ সমস্যা দূৰ কৰাত ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ভিটামিন এ, বি, চিৰ উপৰিও ইয়াত ফলিক এচিড, আইৰণ, মেগনেছিয়াম, মেংগানিজ, নিয়াচিন, কপাৰ আদি বহুতো পুষ্টিকৰ উপাদান আৰু এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফেংগেল গুণ থাকে। যিয়ে কেৱল ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰাত সহায় কৰাই নহয় এলাৰ্জীৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

বৰফৰ টুকুৰাৰ সৈতে প্ৰয়োগ কৰক।
যদি আপুনি তেলেতীয়া ছালৰ বাবে অসুবিধা পায়, তেন্তে লেমন ঘাঁহ পানীত সিজাই চাকি লৈ বৰফৰ টুকুৰা দি মুখখন মালিচ কৰক। ইয়াৰ ফলত অতিৰিক্ত তেল নিশ্চয়কৈ কমি যাব। লগতে ব্ৰণৰ পৰাও সকাহ পায়।
লেমন ঘাঁহৰ স্ক্ৰাব বনাওক।
ব্ৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ মৌ, অটমিল আৰু লেমন ঘাঁহ অইলৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত লগাব পাৰে। কিছু সময় ৰখাৰ পিছত হাতেৰে মালিচ কৰি পানীৰে পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত মৃত ছাল আঁতৰ হয় আৰু ব্ৰণৰ সমস্যাও দূৰ হয়।

ফেচ পেক বনাব পাৰে।
লেমন ঘাঁহ পিহি ফেচ পেক বনাব পাৰি। ইয়াৰ দ্বাৰা ব্ৰণ, দাগ আদিৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। অৱশ্যে যদি আপোনাৰ ছালখন যিকোনো বস্তুৰ প্ৰতি সংবেদনশীল, তেন্তে লেমন ঘাঁহ ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক বা ছালৰ যত্ন বিশেষজ্ঞৰ পৰামৰ্শ লওক।

The post গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… appeared first on Assam Talks.

]]>
2225