skincare Archives - Assam Talks https://assamtalks.com/?tag=skincare An Assamese News TV Channel Sun, 06 Jul 2025 11:32:55 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png skincare Archives - Assam Talks https://assamtalks.com/?tag=skincare 32 32 ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। https://assamtalks.com/?p=2599 Sun, 06 Jul 2025 11:32:55 +0000 https://assamtalks.com/?p=2599 ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু…

The post ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। appeared first on Assam Talks.

]]>
ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ।

Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু অতিমাত্ৰা শৰীৰক কষ্ট দিলেও মানু্হ কম বয়সতে বেছি বয়স্ক যেন দেখা যায়।আৰু সেই বয়স্কতাৰ প্ৰভাৱ মানুহৰ মুখ মণ্ডলৰ লগতে শৰীৰত পৰা দেখা যায়।বিশেষকৈ চিনেমা জগতত জঢ়িত মানুহৰ ৰূপ লাৱণ্য অটুট ৰাখিবলৈ যথেষ্ট কষ্ট অভিনেতা ও অভিনেত্ৰী সকলে কৰে।সেই হেতু নানান ক্ৰীম,প্ৰসাধন সামগ্ৰী আদি ব্যৱহাৰ কৰে।কিন্তু আজি কালি কিছুলোকে প্ৰসাধন সামগ্ৰীৰ ওপৰিও ANTI AGING টেবলেট আৰু বেজী ব্যৱহাৰ কৰা দেখা গৈছে।।বিশেষকৈ চিনেমাৰ তাৰকা সকলৰ মাজত।যৌৱন ধৰি ৰাখিবলৈ সেৱন কৰা উক্ত দৰৱ সমূহ সেৱন কৰি ‘কান্তা লগা ‘ গানেৰে হিট হোৱা শেফালি নামৰ অভিনেত্ৰী গৰাকীৰ অকাল মৃত্যু হ’ল।নিশ্চিত ভাৱে সুয্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালত বিৰূপ প্ৰভাত পেলায়।কিন্তু আমি নিয়মিত যোগাসন,নিৰ্দিষ্ট সময়ৰ টোপনি,শাৰীৰিক ব্যায়াম,ভাল খাদ্য গ্ৰহণ কৰি আমি নিজৰ দেহাটো সুস্থ,উজ্জ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ।উচ্চ SPF যুক্ত ক্ৰীম,লোচন ব্যৱহাৰ কৰিও আমি সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চাল খন ৰক্ষা কৰিব পাৰোঁ।আহক চোন আজিৰ পৰা আমি নিজৰ ছালৰ প্ৰতি সচেতন হও আৰু ৰাসায়নিক সামগ্ৰীৰে চিৰ তৰুণ হৈ থকা প্ৰক্ৰীয়া বাদ দিও।

The post ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ। appeared first on Assam Talks.

]]>
2599
গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক https://assamtalks.com/?p=2365 Fri, 13 Jun 2025 15:42:31 +0000 https://assamtalks.com/?p=2365 গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মহিলা বা যুৱতী সকলে তেওঁলোকৰ ছালৰ প্ৰতি মনোযোগ দিব নোৱাৰে। তদুপৰি, ভুল খাদ্যাভ্যাসৰ বাবে মুখমণ্ডলৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে…

The post গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক appeared first on Assam Talks.

]]>
গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক

ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মহিলা বা যুৱতী সকলে তেওঁলোকৰ ছালৰ প্ৰতি মনোযোগ দিব নোৱাৰে। তদুপৰি, ভুল খাদ্যাভ্যাসৰ বাবে মুখমণ্ডলৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে বহু সৰু-ডাঙৰ দাগ, ছাল কোঁচ খোৱা আদি বহু সমস্যা দেখা দিবলৈ আৰম্ভ কৰে।

যদি আপুনিও ছালৰ দাগৰ সমস্যাৰ বাবে অসুবিধাত পৰিছে, তেনেহ’লে কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।আজি এই বিষয়ে জানো আহক-

এল’ভেৰা জেল
ছালৰ যি কোনো সমস্যাৰ বাবেই এল’ভেৰা জেল অতি উপকাৰী। আপুনি ইয়াক ছালত দৈনিক ময়েশ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ছালৰ পৰা দাগ আতৰাবলৈ আপুনি গোলাপৰ পানীত এল’ভেৰা জেল মিহলি কৰক। ইয়াৰ পাছত ইয়াক আপোনাৰ ছালত ১০-১৫ মিনিটৰ বাবে প্ৰয়োগ কৰিব। ই আপোনাৰ ছাল কোমল কৰাৰ লগতে দাগসমূহো দূৰ কৰিব।

তিয়ঁহ
তিয়ঁহত ভিটামিন-চি থাকে। ভিটামিন-চি ছালৰ বাবে অতি উপকাৰী। ইয়াক মুখত ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল হোৱাৰ লগতে ক’লা দাগ দূৰ হয়। তিয়ঁহৰ ব্যৱহাৰৰ ফলত ছালখন সতেজ হয়।

কণী
কণীত পোৱা গুণাগুণবোৰে ছাল কোঁচ খোৱা আৰু সূক্ষ্ম ৰেখা পৰা সমস্যা সমাধান কৰাৰ লগতে ছালৰ দাগবোৰ আঁতৰ কৰে। আপুনি সপ্তাহত এবাৰ মুখত কণী ব্যৱহাৰ কৰিব পাৰে। ই ছালখন উজ্জ্বল কৰি তোলাতো সহায় কৰে।

গ্ৰীণ টি
ছালখন স্বাস্থ্যকৰ কৰিবলৈ আপুনি গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰে। ইয়াক মুখত ব্যৱহাৰ কৰিলে আপুনি ছালত সূক্ষ্ম ৰেখাৰ আৱিৰ্ভাৱ হোৱা সমস্যাৰ পৰা সকাহ পাব। গ্ৰীণ টিয়ে ছাল উজ্জ্বল কৰাত সহায় কৰে। আনহাতে, গ্ৰীণ টি খোৱাটোও ছালৰ বাবে অত্যন্ত উপকাৰী বুলিও গণ্য কৰা হয়।

পানীয়েই আমাৰ প্ৰাণ ৷ গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধ হ’ল পানী। গতিকে যিমান পাৰি পানী খাওঁক,সুস্থ থাকক।

The post গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক appeared first on Assam Talks.

]]>
2365
গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… https://assamtalks.com/?p=2225 Wed, 21 May 2025 09:31:48 +0000 https://assamtalks.com/?p=2225 ২১ মে’, ২০২৫ঃ গ্ৰীষ্মকালত সাধাৰণতে বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিয়ে।গৰমৰ প্ৰকোপৰ লগতে আপুনিও যদি গ্ৰীষ্মকালত শালমন, তেলেতীয়া ছাল আদি ছালৰ সমস্যাত ভুগিছে, তেন্তে এবিধ সেউজীয়া ঘাঁহে আপোনাক এই ছালৰ…

The post গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… appeared first on Assam Talks.

]]>
২১ মে’, ২০২৫ঃ গ্ৰীষ্মকালত সাধাৰণতে বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিয়ে।গৰমৰ প্ৰকোপৰ লগতে আপুনিও যদি গ্ৰীষ্মকালত শালমন, তেলেতীয়া ছাল আদি ছালৰ সমস্যাত ভুগিছে, তেন্তে এবিধ সেউজীয়া ঘাঁহে আপোনাক এই ছালৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। এই সেউজীয়া ঘাঁহৰ নাম লেমন ঘাঁহ।

অৱশ্যে নাম লেমন ঘাঁহ হ’লেও এই ঘাঁহবিধ নেমু গছৰ লগত কোনোধৰণেই সংযুক্ত নহয়। কিন্তু ঘাঁহবিধৰ সুগন্ধি আকৌ ঠিক নেমুৰ দৰে। গ্ৰীষ্মকালত এই ঘাঁহবিধে দেহত সতেজতাও অনুভৱ কৰায়।

গ্ৰীষ্মকালত চাহ বনাবলৈ মানুহে লেমন ঘাঁহ ব্যৱহাৰ কৰে। এই চাহৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক হয়। স্বাস্থ্য উপকাৰিতাৰ উপৰিও লেমন ঘাঁহৰ ব্যৱহাৰৰ দ্বাৰা ছালৰ উজ্বলতাও বৃদ্ধি পায়। ছালৰ যত্নত এই ঘাঁহবিধ বিশেষভাৱে ব্যৱহৃত হয়। এই বিষয়ে জানো আহকঃ

লেমন ঘাঁহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে

স্বাস্থ্য উপকাৰিতাকে ধৰি বহু গুণেৰে সমৃদ্ধ লেমন ঘাঁহক ছালৰ সমস্যা দূৰ কৰাত ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ভিটামিন এ, বি, চিৰ উপৰিও ইয়াত ফলিক এচিড, আইৰণ, মেগনেছিয়াম, মেংগানিজ, নিয়াচিন, কপাৰ আদি বহুতো পুষ্টিকৰ উপাদান আৰু এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফেংগেল গুণ থাকে। যিয়ে কেৱল ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰাত সহায় কৰাই নহয় এলাৰ্জীৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

বৰফৰ টুকুৰাৰ সৈতে প্ৰয়োগ কৰক।
যদি আপুনি তেলেতীয়া ছালৰ বাবে অসুবিধা পায়, তেন্তে লেমন ঘাঁহ পানীত সিজাই চাকি লৈ বৰফৰ টুকুৰা দি মুখখন মালিচ কৰক। ইয়াৰ ফলত অতিৰিক্ত তেল নিশ্চয়কৈ কমি যাব। লগতে ব্ৰণৰ পৰাও সকাহ পায়।
লেমন ঘাঁহৰ স্ক্ৰাব বনাওক।
ব্ৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ মৌ, অটমিল আৰু লেমন ঘাঁহ অইলৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত লগাব পাৰে। কিছু সময় ৰখাৰ পিছত হাতেৰে মালিচ কৰি পানীৰে পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত মৃত ছাল আঁতৰ হয় আৰু ব্ৰণৰ সমস্যাও দূৰ হয়।

ফেচ পেক বনাব পাৰে।
লেমন ঘাঁহ পিহি ফেচ পেক বনাব পাৰি। ইয়াৰ দ্বাৰা ব্ৰণ, দাগ আদিৰ সমস্যাৰ পৰা সকাহ পোৱা যায়। অৱশ্যে যদি আপোনাৰ ছালখন যিকোনো বস্তুৰ প্ৰতি সংবেদনশীল, তেন্তে লেমন ঘাঁহ ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক বা ছালৰ যত্ন বিশেষজ্ঞৰ পৰামৰ্শ লওক।

The post গৰমৰ দিনত ছালৰ বাবে বৰদান এইবিধ ঘাঁহঃ জানিলে আপুনিও হ’ব উপকৃত… appeared first on Assam Talks.

]]>
2225