#zubeengarg Archives - Assam Talks https://assamtalks.com/?tag=zubeengarg An Assamese News TV Channel Sat, 20 Dec 2025 07:24:09 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.9 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png #zubeengarg Archives - Assam Talks https://assamtalks.com/?tag=zubeengarg 32 32 অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা হৈছে ‘মায়াবিনী ৰাতিৰ বুকুত’ গ্ৰন্থ https://assamtalks.com/?p=2875 Sat, 20 Dec 2025 07:24:09 +0000 https://assamtalks.com/?p=2875 ২০ ডিচেম্বৰ, ২০২৫: মুম্বাইৰ ৪টাকৈ স্থানত উন্মোচন ‘মায়াবিনী ৰাতিৰ বুকুত’গ্ৰন্থ । জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা হৈছে গ্ৰন্থখন। মায়ানগৰী মুম্বাইত উন্মোচন কৰা হয় জ্যেষ্ঠ সাংবাদিক দেৱজিত ভূঞাৰ গ্ৰন্থখন । উন্মোচনী…

The post অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা হৈছে ‘মায়াবিনী ৰাতিৰ বুকুত’ গ্ৰন্থ appeared first on Assam Talks.

]]>
২০ ডিচেম্বৰ, ২০২৫: মুম্বাইৰ ৪টাকৈ স্থানত উন্মোচন ‘মায়াবিনী ৰাতিৰ বুকুত’গ্ৰন্থ । জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা হৈছে গ্ৰন্থখন। মায়ানগৰী মুম্বাইত উন্মোচন কৰা হয় জ্যেষ্ঠ সাংবাদিক দেৱজিত ভূঞাৰ গ্ৰন্থখন । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ কেইবাগৰাকীও তাৰকা।

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন সন্দৰ্ভত প্ৰকাশ কৰা হয় এই গ্ৰন্থখন। ‘মায়াবিনী ৰাতিৰ বুকুত’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্ৰকাশন সংস্থা অসম বুক হাইভে।

শুকুৰবাৰে মায়ানগৰী মুম্বাইত গ্ৰন্থখন প্ৰথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্ৰভুকুঞ্জত। প্ৰভুকুঞ্জত ‘মায়াবিনী ৰাতিৰ বুকুত’ উন্মোচন কৰে শিল্পী ঊষা মংগেশকাৰে।

তাৰ পাছতে গ্ৰন্থখন উন্মোচন কৰা হয় প্ৰখ্যাত য়াছ ৰাজ ষ্টুডিঅ’ত। গ্ৰন্থখন উন্মোচন কৰে বলীউডৰ কণ্ঠশিল্পী ছানে।

গীত-অডিঅ’ ক্ৰাফটত গ্ৰন্থখন উন্মোচন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু জজ’ৱে।

মিট ব্ৰাদাৰ্ছ ষ্টুডিঅ’ত গ্ৰন্থখন উন্মোচন কৰে শিল্পী সীমা বিশ্বাস, দেৱজিত সাহা, শ্বাস্বতী ফুকন, সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন আৰু ছাউণ্ড ডিজাইনাৰ গৌতম চক্ৰৱৰ্তীয়ে।

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিল্পী ঊষা মংগেশকাৰে কয় যে অসমৰ জনতাই শিল্পীক সন্মান কৰিব জানে। তাৰ প্ৰমাণ পুনৰবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমবাসী দাঙি ধৰিলে ।

আনহাতে দেশৰ প্ৰখ্যাত শিল্পী ছানে জুবিন গাৰ্গ সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ মৃত্যু দেশৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন গাৰ্গে যিখন সমাজৰ সপোন দেখিছিল সেইখন সমাজ আছিল শান্তি-সম্প্ৰীতি আৰু মৈত্ৰীৰ। জুবিন গাৰ্গৰ অবৰ্তমানত দেশৰ সাংস্কৃতিক জগতখনে সদায় তেওঁৰ অভাৱ অনুভৱ কৰিব।

শিল্পী মহালক্ষ্মী আয়াৰে গ্ৰন্থখন উন্মোচন কৰি কয় যে জুবিন গাৰ্গ এজন কেৱল কণ্ঠশিল্পীয়ে নাছিল। দেশে হেৰুৱালে এজন সুসংগীত পৰিচালককো। জুবিন গাৰ্গৰ সৈতে গীত গোৱাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে মহালক্ষ্মী আয়াৰ।

উল্লেযোগ্য যে শিল্পী জুবিন গাৰ্গৰ বন্ধু তথা লেখক দেৱজিত ভূঞাৰ সূদীৰ্ঘসময় ধৰি জুবিন গাৰ্গৰ সৈতে আছিল নিবিড় সম্পৰ্ক। এজন জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক হিচাপে খ্যাত দেৱজিত ভূঞাই এই গ্ৰন্থখনৰ পাতে পাতে বৰ্ণনা কৰিছে জুবিন গাৰ্গৰ পূৰ্বে প্ৰকাশ নকৰা বহু ৰোমাঞ্চকৰ কাহিনী।

The post অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ আধাৰত লিখা হৈছে ‘মায়াবিনী ৰাতিৰ বুকুত’ গ্ৰন্থ appeared first on Assam Talks.

]]>
2875