ARTICLEAssam

ঈশ্বৰ-বিশ্বাস কি?

ভাৰতবৰ্ষ এখন হিন্দু প্রধান দেশ যদিওবা ধৰ্ম্মনিৰপেক্ষ দেশ হিচাবে স্বীকৃত। আধ্যাত্মিক দিশটো প্রতিজন ব্যক্তিৰে কম-বেছি পৰিমাণে বিদ্যমান। প্রায়ভাগ মানুহেই ভগৱান, পুনৰজনম, কৰ্ম্মফল আদিত বিশ্বাস কৰে। কোনেও ঈশ্বৰ বা দেৱ-দেৱীক প্রত্যক্ষ কৰা নাই যদিও, অন্তৰাত্মা অদৃশ্য শক্তিৰ প্রতি ভক্তিত গদ্‌ গদ্‌। এই ভক্তি, বিশ্বাসক লৈ বিভিন্ন ধর্মগ্রন্থ ৰচনা হৈছে। শাস্ত্র সমূহত লিখা ধৰ্ম্মীয়, আধ্যাত্মিকতাৰ দিশটো টনকিয়াল কৰিবলৈ কিছুমান কল্পনা আৰু মনোযোগীতাৰ ফালে আগবাঢ়িব গৈ কিছু হাস্য ৰসিক কথাও ব্যৱহাৰ কৰা দেখা যায়।


বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি কৰ্তা-সৃষ্টিৰ আধাৰ হ’ল পৰমব্ৰহ্ম শ্রীহৰি। তেওঁতেই সকলো নিহিত হৈ আছে। তেওঁৱে সৃষ্টি, পালন আৰু বিনাশৰ গৰাকী। অকল হিন্দুৱেই নহয়, পৃথিৱীৰ সকলো ধৰ্ম্মৰ লোকেই এই কথা বিশ্বাস কৰে। তেওঁৱেই আত্মা, পৰমআত্মা শক্তিৰ আধাৰ পৰম ব্ৰহ্ম ভগৱান, কৃষ্ণ বা হৰি। সহস্রাধিক নামেৰে বিদিত সেইজন পৰমাত্মা। এই নিৰাকাৰ শ্রীহৰিকেই ভক্তসকলে সাকাৰ ৰূপত গোলোকত দ্বিভুজি শ্রীকৃষ্ণ, বৈকুণ্ঠত চতুর্ভুজী বিষ্ণু আৰু দ্বাপৰ যুগত মানুহৰূপী শ্রীকৃষ্ণ। তেওঁৰ ইচ্ছাতেই, তেওঁৰ নাভিকমলৰ পৰা আবির্ভূত হৈ ব্রহ্মাই সৃষ্টি, বিষ্ণুৰূপে পালন আৰু মহেশ্বৰে (শিৱই) ৰুদ্রৰূপ ধাৰণ কৰি সংহাৰ কৰি আহিছে।

ব্ৰহ্মৰ পৰা সৃষ্টি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। শ্যামৰূপ ধাৰণ কৰি হৰি অন্তৰত চৌদিশ অন্ধকাৰ দেখি সৃষ্টিৰ বাবে উদ্যত হ’ল। তেওঁৰ ইচ্ছা উদয় হোৱাৰ লগে লগে মূৰ্তিমান গুণত্ৰয়ৰ জন্ম হ’ল। গুণত্ৰয়ৰ পৰা মহতত্ত্ব, মহতত্ত্বৰ পৰা অহংকাৰ আৰু অহংকাৰৰ পৰা পঞ্চতমাত্ৰত সৃষ্টি হৈ ৰূপ-ৰস, গন্ধ আদিৰে জগত বিয়পি পৰিল। তেতিয়াই ব্ৰহ্মাৰ দক্ষিণ অংগৰ পৰা নাৰায়ণ আবির্ভূত হ’ল। তেওঁ পীতবস্তু পৰিধান কৰি চাৰিওখন হাতত যথাক্রমে শঙ্খ, চক্র, গদা, পদ্ম লৈ সুশোভিত হৈছে। তেওঁৰ মুখৰ কান্তি চিৰহাস্যময়ী। সেই পীতবসন ধাৰী নাৰায়ণে পৰমব্ৰহ্মাৰ ওচৰত কৰযোৰে স্তৱ, স্তুতি আৰম্ভ কৰিলে। ‘হে প্রভু, তুমিয়েই সকলো, সৃষ্টি, স্থিতি আৰু বিনাশ। তুমিয়েই তপ, জপ আৰু তপঃফল। তুমিয়েই ফল দাতা আৰু ভক্তৰ অধীন। তুমিয়েই আত্মা, পৰমাত্মা, দেৱ- দয়াৰ আধাৰ, নিষ্কামকৈ ভক্তৰ কামনা পুৰণ কৰা। কামহর্তা আৰু কামৰো কাৰণ তুমিয়েই।’ এইদৰে নানা প্রশংসা বাণীৰে ভগৱানৰ চৰণ স্পৰ্শ কৰি নাৰায়ণ আসনত উপবিষ্ট হ’ল। এই প্রশংসা বাণীয়েই আমাৰ মনুষ্যগণে আজিও ধ্যান কৰে, যাৰ দ্বাৰা মন-প্রাণ শান্তিৰে ভৰি পৰে। সেই পৰম ব্ৰহ্মৰ বাওঁফালৰ পৰা স্ফটিক শুভ্র কলেৱৰ মহাপ্ৰভু শিৱই জন্মলাভ কৰে। তিনিটা চকুসহ, জটাধাৰী, কণক উজ্জ্বল হাতত ত্রিশূল, ৰুদ্ৰাক্ষৰ মালা, ডিঙি আৰু কপালত দীর্ঘ তিলক। সহাস্য বদনে ব্রহ্মতেজ প্ৰকাশ কৰি এই দেৱ মহেশ্বৰে কৃষ্ণৰ সন্মুখত ৰৈ গদ্‌ গদ্ কণ্ঠে স্তুতি কৰিছিল। ‘হে প্রভু, তুমি পৰমব্ৰহ্ম নিত্য সনাতন আৰু জয়ৰ আধাৰ। হে বিশ্ব নিয়ন্তা, ৰামেশ্বৰ, তুমিয়েই পৰাৎপৰ, তোমাৰ চৰণত সহস্ৰবাৰ প্ৰণিপাত কৰো।

আৰু পৰমব্ৰহ্মৰ নাভিপদ্মৰ পৰা শুক্লা পোচাক পৰিহিত চতুৰ-আনন, কমণ্ডলুধাৰী বৃদ্ধ তপস্বী ব্ৰহ্মাৰ আৱিৰ্ভাৱ হ’ল। তেওঁ মহা তপস্বী, বুদ্ধিমান, সকলো কাৰ্যৰে হৰ্তা, কর্তা, কর্মফল দাতা বিধাতা। এওঁৱেই বেদৰ জনক আৰু আপদ-বিপদ খণ্ডনৰ অধিকাৰী। সেই ব্ৰহ্মাই সভক্তিৰে, সকাতৰে কৃষ্ণস্তুতি কৰি আসনত উপবিষ্ট হয়।

পৰমব্ৰহ্ম কৃষ্ণৰ হৃদয়ৰ পৰা ধৰ্ম আৱিৰ্ভূত হয়। শুক্লা বৰণ জটাধাৰী, সহস্র বদনৰ গৰাকী ‘ধর্ম’ সকলো কৰ্ম্ম-অপকৰ্ম্মৰ সাক্ষীস্বৰূপ। হিংসাদ্বেষহীন, ৰোষ হীন এই ধর্মাত্মাই সকলো জীৱৰ প্ৰতি সমভাৱ পোষণ কৰি সকলোকে ধৰ্ম্মজ্ঞান প্রদান কৰে।

তেনেদৰে ধৰ্ম্মৰ বাওঁদিশৰ পৰা নানা ৰত্নাদিৰে সুশোভিত, হাতত পুস্তক আৰু বীণা লৈ পৰমা সুন্দৰী শুক্লা (সৰ্ব্ব শুক্লা সৰস্বতী) বসন পৰিহিতা সৰস্বতীৰ জন্ম হয়। পণ্ডিতসকলৰ মাতৃ, শাস্ত্ৰ আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰূপে সর্বজন বিদিত বাবেই তেওঁ কবি সকলৰো একমাত্ৰ পৰম উপাস্যা দেৱী আৰু তেনেকৈয়ে কৃষ্ণৰ মনৰ পৰা ধনাধিষ্ঠাত্ৰী দেৱীৰ জন্ম হয়। পূত বস্ত্ৰ পৰিহিতা, সদ্য যৌৱনা ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী ৰূপে সকলোকে ধন-সম্পদ প্ৰদান কৰে। তেওঁৱেই স্বৰ্গলক্ষ্মী, ৰাজলক্ষ্মী আৰু গৃহলক্ষ্মী আদি খ্যাতিৰেই খ্যাত।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Adblock Detected

Please consider supporting us by disabling your ad blocker