TravelWorld

ফিনলেণ্ড কিয় পৃথিৱীৰ ভিতৰতে সকলোতকৈ সুখী দেশ?

পৃথিৱীৰ ১৫০খনকৈ দেশৰ মাজত চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে সকলো দেশতকৈ সুখী দেশ (Worlds Happiest Country) হৈছে -ফিনলেণ্ড। কিন্তু ফিনলেণ্ড কিয় আটাইতকৈ সুখী দেশ?

১৫০খন দেশৰ মাজত চলা এই অনুসন্ধানত আচলতে মুঠ ১০নম্বৰৰ ভিতৰত প্ৰতিখন দেশতে নাগৰিক সকলৰ সুখৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰা হয়। এইয়া যে একমাত্ৰ ধনী লোকক বেছি নম্বৰ দিয়া হয় তেনে নহয়। এই নম্বৰ দিয়া হয় দেশৰ লোকসকলৰ জনমূৰী আয়, সামাজিক ব্যৱস্থা, সমাজৰ শান্তি মিলাপ্ৰীতিৰ ওপৰত।
কিন্তু এটা কথা জানি আচৰিত হব যে বিগত প্ৰায় ৫টাকৈ বছৰে এই সকলো দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি আহিছে ফিনলেণ্ডে। বিশাল জংঘল আৰু শিলাময় এই দেশখনত আচলতে বৰ্তমানলৈকে সম্পূৰ্ণৰূপে ঔদ্যোগিকৰণ হোৱা নাই।ইয়াৰ গৰিষ্ঠ সংখ্যক নাগৰিক কৃষিৰ লগত জড়িত। ফলত দেশখনৰ জনমূৰী আয় সন্তোষজনক। লগতে দেশখনৰ নাগৰিক সকল সুস্বাস্থ্যৰ অধিকাৰী আৰু বিপদৰ সময়ত সামাজিক সমৰ্থন, জীৱনৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত স্বাধীনতা আদিৰ ক্ষেত্ৰত ফিনলেণ্ড অন্য দেশতকৈ শীৰ্ষত থকাৰ বাবেই ফিনলেণ্ড পৃথিৱীৰ সুখী দেশ।

Show More
Back to top button

Adblock Detected

Please consider supporting us by disabling your ad blocker