Ranima Borthakur, Author at Assam Talks https://assamtalks.com/?author=9 An Assamese News TV Channel Sat, 10 May 2025 14:07:25 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Ranima Borthakur, Author at Assam Talks https://assamtalks.com/?author=9 32 32 দেওবাৰে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল https://assamtalks.com/?p=2098 Sat, 10 May 2025 14:07:25 +0000 https://assamtalks.com/?p=2098 ১০ মে’ , ২০২৫ঃ অসমৰ ২৭ খন জিলাত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচন। ২ মে’ত উজনি অসম আৰু বৰাকত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। যোৱা ২ মে’ত অনুস্থিত হোৱা ৰাজ্যৰ ১৪…

The post দেওবাৰে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল appeared first on Assam Talks.

]]>
১০ মে’ , ২০২৫ঃ অসমৰ ২৭ খন জিলাত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচন। ২ মে’ত উজনি অসম আৰু বৰাকত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। যোৱা ২ মে’ত অনুস্থিত হোৱা ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল । ১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ । ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল ।

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ২ হাজাৰ ১৯৭ খন গাঁওপঞ্চায়ত, ১৮১খন আঞ্চলিক পঞ্চায়ত। ২১,৯২০টা গাঁও পঞ্চায়তৰ সদস্য, ২,১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নির্বাচন অনুষ্ঠিত হয় । উল্লেখ্য যে, ২ মে’ত ৰাজ্যৰ ১৪ খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । আৰু 7মে’ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা আছিল ২৯,৬০৮ গৰাকী । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমষ্টিসমূহৰ ভিতৰত জিলা পৰিষদৰ সমষ্টি ১৮১ টা, আঞ্চলিক পৰিষদৰ সমষ্টি ৮৭ টা আৰু আঞ্চলিক গাঁও পঞ্চায়তৰ সমষ্টি ১০,৫৩০ টা ।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা।প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী ২,৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী ২৬,৭২৫ গৰাকী ।

আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী সংখ্যা হৈছে ১,২৮৯ গৰাকী । বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলৰ ভিতৰত ২১ জন জিলা পৰিষদৰ সদস্য, ১৫১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১,১১৭ জন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৷

ইফালে ভোটদানৰ মাজতে কেইবাটাও কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ভোটগ্রহণ কেন্দ্র দখলৰ চেষ্টা, ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল । যাৰ বাবে ৪ মে’ত পুনৰ ৪৪ টা কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছিল । ৪৪ টা ভোটকেন্দ্ৰত পুনৰ নতুনকৈ হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.১০ শতাংশ । ৪৪ টা ভোটকেন্দ্ৰৰ ভিতৰত আছিল হাইলাকান্দিত ৩২ টা, শ্ৰীভূমিত ৮ টা, লখিমপুৰত ২ টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰ।১১ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল।

The post দেওবাৰে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল appeared first on Assam Talks.

]]>
2098
ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট বেলেগ বেলেগ কিয় হয় ? https://assamtalks.com/?p=2074 Thu, 08 May 2025 12:01:31 +0000 https://assamtalks.com/?p=2074 ৮ মে’, ২০২৫ঃ আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট দিয়া ধৰণ বেলেগ বেলেগ হয়। দেখাত একেধৰণৰ যেন লাগিলেও ভালকৈ মন কৰিলে আপুনি…

The post ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট বেলেগ বেলেগ কিয় হয় ? appeared first on Assam Talks.

]]>
৮ মে’, ২০২৫ঃ আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট দিয়া ধৰণ বেলেগ বেলেগ হয়। দেখাত একেধৰণৰ যেন লাগিলেও ভালকৈ মন কৰিলে আপুনি দেখিব যে ভাৰতীয় স্থলসেনাৰ জোৱান সকলে হাতৰ তলুৱা খন সম্পূৰ্ণ ৰূপে সন্মুখৰ ফালে ৰাখি চেল্যুট দিয়ে । এনেধৰণেৰে কৰা চেল্যুটে সেনাৰ মাজত অনুশাসন আৰু বিশ্বাসৰ প্ৰতীক বুজায়।

ভাৰতীয় নৌ সেনাই মূৰৰ পৰা ৯০ ডিগ্ৰী কোণত আৰু হাতৰ তলুৱাখন ভূমিৰ দিশত ৰাখি চেল্যুট দিয়া পৰিলক্ষিত হয়। ইয়াৰ কাৰণটো হৈছে পূৰ্বতে জাহাজত থকা বিষয়াসকলে সাগৰৰ মাজত জাহাজত কিবা বিজুতি ঘটিলে নিজেই মেৰামতি কৰিছিল যাৰফলত তেওঁলোকৰ হাতত গ্ৰীচ তথা তেলৰ দাগ লাগি লেতেৰা হৈছিল। যাৰবাবে জ্যেষ্ঠ বিষয়া সকলক চেল্যুট দিয়া সময়ত হাতৰ তলুৱাখন তলৰ ফালে কৰি চেল্যুট দিছিল। সেইবাবে ভাৰতীয় নৌ সেনাই ৯০ ডিগ্ৰী কোণত হাতৰ তলুৱাখন মাটিৰ ফালে কৰি চেল্যুট দিয়ে।

ভাৰতীয় বায়ুসেনাই আকৌ স্থলসেনা বা নৌ সেনাতকৈ পৃথক কৰি চেল্যুট দিয়া পৰিলক্ষিত হয়। ভাৰতীয় বায়ুসেনাই ২০০৬ চনৰ পৰা বায়ুসেনাৰ কৰ্মচাৰী সকলৰ বাবে নতুনকৈ চেল্যুট দিয়াৰ ধৰণ সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছিল। ভাৰতীয় বায়ু সেনাই চেল্যুট দিয়া সময়ত হাত খন ৪৫ডিগ্ৰী কোণ কৰি ৰাখে। যিয়ে গৰ্বেৰে আকাশ স্পৰ্শ কৰাৰ হেঁপাহ তথা আকাশ জিনাৰ কথা পৰিস্ফুট কৰে।

The post ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট বেলেগ বেলেগ কিয় হয় ? appeared first on Assam Talks.

]]>
2074