Home » দেওবাৰে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

দেওবাৰে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

by Ranima Borthakur
0 comments

১০ মে’ , ২০২৫ঃ অসমৰ ২৭ খন জিলাত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচন। ২ মে’ত উজনি অসম আৰু বৰাকত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। যোৱা ২ মে’ত অনুস্থিত হোৱা ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল । ১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ । ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল ।

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ২ হাজাৰ ১৯৭ খন গাঁওপঞ্চায়ত, ১৮১খন আঞ্চলিক পঞ্চায়ত। ২১,৯২০টা গাঁও পঞ্চায়তৰ সদস্য, ২,১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নির্বাচন অনুষ্ঠিত হয় । উল্লেখ্য যে, ২ মে’ত ৰাজ্যৰ ১৪ খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । আৰু 7মে’ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা আছিল ২৯,৬০৮ গৰাকী । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমষ্টিসমূহৰ ভিতৰত জিলা পৰিষদৰ সমষ্টি ১৮১ টা, আঞ্চলিক পৰিষদৰ সমষ্টি ৮৭ টা আৰু আঞ্চলিক গাঁও পঞ্চায়তৰ সমষ্টি ১০,৫৩০ টা ।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা।প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী ২,৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী ২৬,৭২৫ গৰাকী ।

আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী সংখ্যা হৈছে ১,২৮৯ গৰাকী । বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলৰ ভিতৰত ২১ জন জিলা পৰিষদৰ সদস্য, ১৫১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১,১১৭ জন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৷

ইফালে ভোটদানৰ মাজতে কেইবাটাও কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ভোটগ্রহণ কেন্দ্র দখলৰ চেষ্টা, ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল । যাৰ বাবে ৪ মে’ত পুনৰ ৪৪ টা কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছিল । ৪৪ টা ভোটকেন্দ্ৰত পুনৰ নতুনকৈ হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.১০ শতাংশ । ৪৪ টা ভোটকেন্দ্ৰৰ ভিতৰত আছিল হাইলাকান্দিত ৩২ টা, শ্ৰীভূমিত ৮ টা, লখিমপুৰত ২ টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰ।১১ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map