Home » ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট বেলেগ বেলেগ কিয় হয় ?

ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট বেলেগ বেলেগ কিয় হয় ?

by Ranima Borthakur
0 comments

৮ মে’, ২০২৫ঃ আপুনি জানি আচৰিত হ’ব যে ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাৰ চেল্যুট দিয়া ধৰণ বেলেগ বেলেগ হয়। দেখাত একেধৰণৰ যেন লাগিলেও ভালকৈ মন কৰিলে আপুনি দেখিব যে ভাৰতীয় স্থলসেনাৰ জোৱান সকলে হাতৰ তলুৱা খন সম্পূৰ্ণ ৰূপে সন্মুখৰ ফালে ৰাখি চেল্যুট দিয়ে । এনেধৰণেৰে কৰা চেল্যুটে সেনাৰ মাজত অনুশাসন আৰু বিশ্বাসৰ প্ৰতীক বুজায়।

ভাৰতীয় নৌ সেনাই মূৰৰ পৰা ৯০ ডিগ্ৰী কোণত আৰু হাতৰ তলুৱাখন ভূমিৰ দিশত ৰাখি চেল্যুট দিয়া পৰিলক্ষিত হয়। ইয়াৰ কাৰণটো হৈছে পূৰ্বতে জাহাজত থকা বিষয়াসকলে সাগৰৰ মাজত জাহাজত কিবা বিজুতি ঘটিলে নিজেই মেৰামতি কৰিছিল যাৰফলত তেওঁলোকৰ হাতত গ্ৰীচ তথা তেলৰ দাগ লাগি লেতেৰা হৈছিল। যাৰবাবে জ্যেষ্ঠ বিষয়া সকলক চেল্যুট দিয়া সময়ত হাতৰ তলুৱাখন তলৰ ফালে কৰি চেল্যুট দিছিল। সেইবাবে ভাৰতীয় নৌ সেনাই ৯০ ডিগ্ৰী কোণত হাতৰ তলুৱাখন মাটিৰ ফালে কৰি চেল্যুট দিয়ে।

ভাৰতীয় বায়ুসেনাই আকৌ স্থলসেনা বা নৌ সেনাতকৈ পৃথক কৰি চেল্যুট দিয়া পৰিলক্ষিত হয়। ভাৰতীয় বায়ুসেনাই ২০০৬ চনৰ পৰা বায়ুসেনাৰ কৰ্মচাৰী সকলৰ বাবে নতুনকৈ চেল্যুট দিয়াৰ ধৰণ সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছিল। ভাৰতীয় বায়ু সেনাই চেল্যুট দিয়া সময়ত হাত খন ৪৫ডিগ্ৰী কোণ কৰি ৰাখে। যিয়ে গৰ্বেৰে আকাশ স্পৰ্শ কৰাৰ হেঁপাহ তথা আকাশ জিনাৰ কথা পৰিস্ফুট কৰে।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map