Parijat Boiragi, Author at Assam Talks https://assamtalks.com/?author=10 An Assamese News TV Channel Wed, 14 May 2025 12:37:41 +0000 en-US hourly 1 https://wordpress.org/?v=6.9.10 https://assamtalks.com/wp-content/uploads/2021/09/assam-talks-apps-icon.png Parijat Boiragi, Author at Assam Talks https://assamtalks.com/?author=10 32 32 আধুনিক সমাজৰ অভিশাপ-‘অবৈধ প্ৰেম’ https://assamtalks.com/?p=2179 Wed, 14 May 2025 12:36:48 +0000 https://assamtalks.com/?p=2179 ১৪ মে ২০২৫: মানুহৰ জীৱনত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টোৱেই হৈছে সম্পৰ্ক। সেয়েহে জীৱনত আটাইতকৈ সাৱধান হ’ব লাগে এই বিষয়টোক লৈ। কোনো কাৰণতেই স্পৰ্শকাতৰ সম্পৰ্কবোৰক জটিল হ’বলৈ দিব নালাগে। আধুনিক সমাজত অবৈধ…

The post আধুনিক সমাজৰ অভিশাপ-‘অবৈধ প্ৰেম’ appeared first on Assam Talks.

]]>
১৪ মে ২০২৫: মানুহৰ জীৱনত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টোৱেই হৈছে সম্পৰ্ক। সেয়েহে জীৱনত আটাইতকৈ সাৱধান হ’ব লাগে এই বিষয়টোক লৈ। কোনো কাৰণতেই স্পৰ্শকাতৰ সম্পৰ্কবোৰক জটিল হ’বলৈ দিব নালাগে। আধুনিক সমাজত অবৈধ প্ৰেম আন সম্পৰ্কৰ বাবে অভিশাপস্বৰূপ। এই অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছে বহুতো অঘটন। অবৈধ প্ৰেমৰ কৰাল গ্ৰাসত পৰি ইতিমধ্যে জীৱন হেৰুৱাইছে বহু উঠি অহা যুৱ প্ৰজন্মই।
সমাজত অবৈধ প্ৰেমৰ বিষয়ে বহুতো কথা প্রচলিত আছে। সামাজিক চাপৰ বাবেও কিছু লোকে নিজৰ ইচ্ছামতে চলিবলৈ বাধ্য হয়। এই অবৈধ প্ৰেম বৈবাহিক জীৱনত অসন্তুষ্টি, ব্যক্তিগত স্বাধীনতাৰ বাবে ইচ্ছাবোধ, সামাজিক চাপ, বা অন্যান্য কাৰণতো হ’ব পাৰে। এই অবৈধ প্ৰেমে মানুহৰ জীৱনৰ বহুতো দিশত ক্ষতি কৰে।
আধুনিক সমাজত অবৈধ প্ৰেম এক জটিল সমস্যা। অবৈধ প্ৰেমৰ ফলতেই বহুতো লোকৰ জীৱনত বেয়া প্ৰভাৱ পৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বা অবৈধ প্ৰেমৰ পৰা আঁতৰি থাকিবলৈ আজিৰ সময়ত সমাজত সচেতনতা বৃদ্ধি কৰা অতি প্ৰয়োজনীয়তা আহি পৰিছে।

The post আধুনিক সমাজৰ অভিশাপ-‘অবৈধ প্ৰেম’ appeared first on Assam Talks.

]]>
2179
বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা https://assamtalks.com/?p=2164 Tue, 13 May 2025 13:15:48 +0000 https://assamtalks.com/?p=2164 ১৩ মে ২০২৫: যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সেই আহাৰ শৰীৰৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(If it tastes good,It’s bad for you) এই গুৰুত্বপূৰ্ণ উক্তি আছিল জনৈক আইজাক…

The post বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা appeared first on Assam Talks.

]]>
১৩ মে ২০২৫: যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সেই আহাৰ শৰীৰৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(If it tastes good,It’s bad for you) এই গুৰুত্বপূৰ্ণ উক্তি আছিল জনৈক আইজাক এছিমোভ (Isac Asimov) নামৰ মনীষীৰ। সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱত বিভিন্ন মুখৰোচক খাদ্য-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, যিবোৰৰ পুষ্টিকৰ গুণ শূন্য বা অতি নগণ্য।

বিশেষকৈ আজিৰ প্ৰজন্মৰ জাংক ফুডৰ প্ৰতি আসক্তি অত্যধিক। কিন্তু এই জাংক ফুডৰ আসক্তিয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনে মানৱ শৰীৰলৈ। জাংক ফুড খোৱাৰ ফলত শৰীৰত সৃষ্টি হয় মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ। জাংক ফুডত অতিৰিক্ত চৰ্বি, চেনি আৰু নিমখ থাকে, যি শৰীৰত জমা হয়। ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা, যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্মৃতিশক্তি হেৰুৱা আদি সমস্যাৰ সৃষ্টি হয়।

এই সমস্যাবোৰৰ ফলস্বৰূপে শাৰীৰিক ভাৱে মানুহৰ জীৱন কষ্টকৰ হৈ পৰে। জাংক ফুডত অধিক পৰিমাণে চৰ্বি, চেনী আৰু লবণ থাকে, যাৰ ফলত ওজন বৃদ্ধি, ডায়েবেটিস, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। লগতে, জাংক ফুডত ভিটামিন, খনিজ, ফাইবাৰ আদি পুষ্টিৰকৰ গুণৰ অভাৱ থাকে, যি মানৱ শৰীৰৰ বাবে অতি প্রয়োজনীয়।

জাংক ফুডত ভিটামিন, খনিজ আদি পুষ্টিৰ অভাৱ হয়, যাৰ ফলত শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা হ্ৰাস পায়। লগতে, ইয়াৰ ফলত মানৱ শৰীৰত হজম শক্তিৰ সমস্যাও দেখা যায়। জাংক ফুডৰ পৰিৱৰ্তে স্বাস্থ্যকৰ খাদ্য, যেনে ফল-মূল, সেউজীয়া শাক পাচলি আদি খাব লাগে। দৈনিক ভিটামিন, খনিজ, ফাইবাৰ আদি থকা খাদ্য গ্ৰহণ কৰিব লাগে। নিতৌ নিয়মিত ব্যায়াম কৰিব লাগে।জাংক ফুডৰ বিজ্ঞাপনৰ পৰা দূৰত থাকিব লাগে।আনহাতে শৰীৰত চৰ্বি বাঢ়ি গলে বা স্বাস্থ্যৰ কোনো সমস্যা দেখা গলে চিকিৎসকৰ পৰামৰ্শ লৈ সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

The post বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা appeared first on Assam Talks.

]]>
2164
দেশৰ সুৰক্ষাত নাৰী শক্তি আৰু ভাৰতবৰ্ষ https://assamtalks.com/?p=2078 Thu, 08 May 2025 13:37:15 +0000 https://assamtalks.com/?p=2078 ৮ মে ২০২৫: এখন ৰাষ্ট্ৰৰ ভৱিষ্যত দ্ৰষ্টা নাৰী। নাৰী শক্তি এক বৃহৎ শক্তি।ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতে নহয় এখন ঘৰ এটা পৰিয়ালৰ প্ৰথম শিক্ষক, প্ৰথম পৰিচালক নাৰী। শেহতীয়াকৈ চলিত বৰ্ষৰ ২২ এপ্ৰিলত…

The post দেশৰ সুৰক্ষাত নাৰী শক্তি আৰু ভাৰতবৰ্ষ appeared first on Assam Talks.

]]>
৮ মে ২০২৫: এখন ৰাষ্ট্ৰৰ ভৱিষ্যত দ্ৰষ্টা নাৰী। নাৰী শক্তি এক বৃহৎ শক্তি।ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতে নহয় এখন ঘৰ এটা পৰিয়ালৰ প্ৰথম শিক্ষক, প্ৰথম পৰিচালক নাৰী। শেহতীয়াকৈ চলিত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু কাশ্মীৰ পাহলগামত নিৰীহ পৰ্যটকৰ ওপৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল সন্ত্ৰাসবাদ বিৰোধী অভিযান।

অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ পাছতে ভাৰতীয় নাৰী শক্তিৰ বিষয়ে সমগ্ৰ বিশ্বৰ সন্মুখত স্পষ্ট ৰূপত তুলি ধৰিলে দুগৰাকী সাহসী ভাৰতীয় নাৰীয়ে। সেনা বিষয়া স্থলসেনাৰ কৰ্ণেল ছ’ফিয়া কুৰেশ্বি আৰু ভাৰতীয় বায়ু সেনাৰ উয়িং কামাণ্ডাৰ ব্যোমিকা সিঙৰ নেতৃত্বক সমগ্ৰ ভাৰতবৰ্ষই শলাগ লৈছে।ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ সফল অভিযানৰ পাছতেই বৈদেশিক সচিব

বিক্ৰম মিশ্ৰিৰ লগতে সংবাদমেল সম্বোধন কৰি দেশবাসীক এই দুগৰাকী সাহসী মহিলাই সেনাই জনালে—”অপাৰেছন সিন্দুৰ”কেৱল বিৱৰণ দিবলৈ নহয়, বৰং বিশ্ব আৰু সন্ত্রাসক এটি দৃঢ় বাৰ্তা প্ৰেৰণ কৰিবলৈ: আমি ভাগি নপৰোঁ, আমি প্ৰতিঘাত কৰোঁ।

উল্লেখ্য,অপাৰেচন সিন্দূৰৰ পাছতে চৰ্চাত এই দুই মহিলা সেনা বিষয়া।স্থলসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বিৰ বীৰত্ব চৰ্চা এতিয়া চৌদিশে।১৯৯৯ত সেনাত যোগদান কৰিছিল গুজৰাটৰ ছফিয়া কুৰেশ্বিয়ে।২০০৬ত কংগোত শান্তি ৰক্ষক হিচাপে কৰ্মৰত ছফিয়া কুৰেশ্বি।

উল্লেখযোগ্য যে,ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে।যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়কৰ ভূমিকাত আছে বহু মহিলা সেনা বিষয়া। ২০২১ চনৰ মে’ মাহত ৮৩ গৰাকী মহিলাক প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাবাহিনীত, কৰ্পছ অৱ মিলিটাৰী পুলিচত জোৱান হিচাপে নিযুক্তি দিয়া হয়। এয়াই হ’ল ভাৰতীয় নাৰী শক্তিৰ নিদৰ্শন।

The post দেশৰ সুৰক্ষাত নাৰী শক্তি আৰু ভাৰতবৰ্ষ appeared first on Assam Talks.

]]>
2078