Home » বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা

বজাৰৰ মুখৰোচক খাদ্য,আমাৰ স্বাস্থ্য আৰু অসুস্থতা

by Parijat Boiragi
0 comments

১৩ মে ২০২৫: যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সেই আহাৰ শৰীৰৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(If it tastes good,It’s bad for you) এই গুৰুত্বপূৰ্ণ উক্তি আছিল জনৈক আইজাক এছিমোভ (Isac Asimov) নামৰ মনীষীৰ। সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱত বিভিন্ন মুখৰোচক খাদ্য-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, যিবোৰৰ পুষ্টিকৰ গুণ শূন্য বা অতি নগণ্য।

বিশেষকৈ আজিৰ প্ৰজন্মৰ জাংক ফুডৰ প্ৰতি আসক্তি অত্যধিক। কিন্তু এই জাংক ফুডৰ আসক্তিয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনে মানৱ শৰীৰলৈ। জাংক ফুড খোৱাৰ ফলত শৰীৰত সৃষ্টি হয় মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগ। জাংক ফুডত অতিৰিক্ত চৰ্বি, চেনি আৰু নিমখ থাকে, যি শৰীৰত জমা হয়। ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা, যেনে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্মৃতিশক্তি হেৰুৱা আদি সমস্যাৰ সৃষ্টি হয়।

এই সমস্যাবোৰৰ ফলস্বৰূপে শাৰীৰিক ভাৱে মানুহৰ জীৱন কষ্টকৰ হৈ পৰে। জাংক ফুডত অধিক পৰিমাণে চৰ্বি, চেনী আৰু লবণ থাকে, যাৰ ফলত ওজন বৃদ্ধি, ডায়েবেটিস, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। লগতে, জাংক ফুডত ভিটামিন, খনিজ, ফাইবাৰ আদি পুষ্টিৰকৰ গুণৰ অভাৱ থাকে, যি মানৱ শৰীৰৰ বাবে অতি প্রয়োজনীয়।

জাংক ফুডত ভিটামিন, খনিজ আদি পুষ্টিৰ অভাৱ হয়, যাৰ ফলত শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা হ্ৰাস পায়। লগতে, ইয়াৰ ফলত মানৱ শৰীৰত হজম শক্তিৰ সমস্যাও দেখা যায়। জাংক ফুডৰ পৰিৱৰ্তে স্বাস্থ্যকৰ খাদ্য, যেনে ফল-মূল, সেউজীয়া শাক পাচলি আদি খাব লাগে। দৈনিক ভিটামিন, খনিজ, ফাইবাৰ আদি থকা খাদ্য গ্ৰহণ কৰিব লাগে। নিতৌ নিয়মিত ব্যায়াম কৰিব লাগে।জাংক ফুডৰ বিজ্ঞাপনৰ পৰা দূৰত থাকিব লাগে।আনহাতে শৰীৰত চৰ্বি বাঢ়ি গলে বা স্বাস্থ্যৰ কোনো সমস্যা দেখা গলে চিকিৎসকৰ পৰামৰ্শ লৈ সুষম আহাৰ গ্ৰহণ কৰিব লাগে।

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map