৮ মে ২০২৫: এখন ৰাষ্ট্ৰৰ ভৱিষ্যত দ্ৰষ্টা নাৰী। নাৰী শক্তি এক বৃহৎ শক্তি।ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতে নহয় এখন ঘৰ এটা পৰিয়ালৰ প্ৰথম শিক্ষক, প্ৰথম পৰিচালক নাৰী। শেহতীয়াকৈ চলিত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু কাশ্মীৰ পাহলগামত নিৰীহ পৰ্যটকৰ ওপৰত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল সন্ত্ৰাসবাদ বিৰোধী অভিযান।
অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ পাছতে ভাৰতীয় নাৰী শক্তিৰ বিষয়ে সমগ্ৰ বিশ্বৰ সন্মুখত স্পষ্ট ৰূপত তুলি ধৰিলে দুগৰাকী সাহসী ভাৰতীয় নাৰীয়ে। সেনা বিষয়া স্থলসেনাৰ কৰ্ণেল ছ’ফিয়া কুৰেশ্বি আৰু ভাৰতীয় বায়ু সেনাৰ উয়িং কামাণ্ডাৰ ব্যোমিকা সিঙৰ নেতৃত্বক সমগ্ৰ ভাৰতবৰ্ষই শলাগ লৈছে।ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ সফল অভিযানৰ পাছতেই বৈদেশিক সচিব
বিক্ৰম মিশ্ৰিৰ লগতে সংবাদমেল সম্বোধন কৰি দেশবাসীক এই দুগৰাকী সাহসী মহিলাই সেনাই জনালে—”অপাৰেছন সিন্দুৰ”কেৱল বিৱৰণ দিবলৈ নহয়, বৰং বিশ্ব আৰু সন্ত্রাসক এটি দৃঢ় বাৰ্তা প্ৰেৰণ কৰিবলৈ: আমি ভাগি নপৰোঁ, আমি প্ৰতিঘাত কৰোঁ।
উল্লেখ্য,অপাৰেচন সিন্দূৰৰ পাছতে চৰ্চাত এই দুই মহিলা সেনা বিষয়া।স্থলসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বিৰ বীৰত্ব চৰ্চা এতিয়া চৌদিশে।১৯৯৯ত সেনাত যোগদান কৰিছিল গুজৰাটৰ ছফিয়া কুৰেশ্বিয়ে।২০০৬ত কংগোত শান্তি ৰক্ষক হিচাপে কৰ্মৰত ছফিয়া কুৰেশ্বি।
উল্লেখযোগ্য যে,ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে।যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়কৰ ভূমিকাত আছে বহু মহিলা সেনা বিষয়া। ২০২১ চনৰ মে’ মাহত ৮৩ গৰাকী মহিলাক প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাবাহিনীত, কৰ্পছ অৱ মিলিটাৰী পুলিচত জোৱান হিচাপে নিযুক্তি দিয়া হয়। এয়াই হ’ল ভাৰতীয় নাৰী শক্তিৰ নিদৰ্শন।