১৪ মে ২০২৫: মানুহৰ জীৱনত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টোৱেই হৈছে সম্পৰ্ক। সেয়েহে জীৱনত আটাইতকৈ সাৱধান হ’ব লাগে এই বিষয়টোক লৈ। কোনো কাৰণতেই স্পৰ্শকাতৰ সম্পৰ্কবোৰক জটিল হ’বলৈ দিব নালাগে। আধুনিক সমাজত অবৈধ প্ৰেম আন সম্পৰ্কৰ বাবে অভিশাপস্বৰূপ। এই অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছে বহুতো অঘটন। অবৈধ প্ৰেমৰ কৰাল গ্ৰাসত পৰি ইতিমধ্যে জীৱন হেৰুৱাইছে বহু উঠি অহা যুৱ প্ৰজন্মই।
সমাজত অবৈধ প্ৰেমৰ বিষয়ে বহুতো কথা প্রচলিত আছে। সামাজিক চাপৰ বাবেও কিছু লোকে নিজৰ ইচ্ছামতে চলিবলৈ বাধ্য হয়। এই অবৈধ প্ৰেম বৈবাহিক জীৱনত অসন্তুষ্টি, ব্যক্তিগত স্বাধীনতাৰ বাবে ইচ্ছাবোধ, সামাজিক চাপ, বা অন্যান্য কাৰণতো হ’ব পাৰে। এই অবৈধ প্ৰেমে মানুহৰ জীৱনৰ বহুতো দিশত ক্ষতি কৰে।
আধুনিক সমাজত অবৈধ প্ৰেম এক জটিল সমস্যা। অবৈধ প্ৰেমৰ ফলতেই বহুতো লোকৰ জীৱনত বেয়া প্ৰভাৱ পৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বা অবৈধ প্ৰেমৰ পৰা আঁতৰি থাকিবলৈ আজিৰ সময়ত সমাজত সচেতনতা বৃদ্ধি কৰা অতি প্ৰয়োজনীয়তা আহি পৰিছে।
আধুনিক সমাজৰ অভিশাপ-‘অবৈধ প্ৰেম’
133
previous post