Saturday, October 11, 2025
Eng
Home » “তাৰে জমীন পৰ’ পৰা ‘‘চিটাৰে জমীন পৰ’’

“তাৰে জমীন পৰ’ পৰা ‘‘চিটাৰে জমীন পৰ’’

by surabhi barman
0 comments

“তাৰে জমীন পৰ’ পৰা ‘‘চিটাৰে জমীন পৰ’’

২০০৭ চনৰ হিট ছবি ‘Taare Jameen Par’ৰ আধ্যাত্মিক ছিকুৱেল চিটাৰে জমীন পৰৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু এতিয়া ছবিখন মুক্তি পোৱাৰ লগে লগে ছবিখনে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

আমিৰ খানৰ নতুন ছবি ‘চিটাৰে জমীন পৰ’
মৰ্মস্পৰ্শী আৰু প্ৰেৰণাদায়ক কাহিনীৰ। এই ছবিখনে ‘‘বিশেষভাৱে সক্ষম’’ শিশুৰ সংগ্ৰাম আৰু তেওঁলোকৰ আত্মবিশ্বাসৰ এক অনন্য আভাস দিছে । বাস্তৱ জীৱনতো বহু লোকৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে ‘চিটাৰে জমীন পৰ’ছবিখনে । পেৰা এথলীটৰ বাবে ছবিখনৰ বিশেষ প্ৰদৰ্শনে লাভ কৰে যথেষ্ট সঁহাৰি ৷ প্ৰেম, হাঁহি আৰু সুখৰ এক সুন্দৰ ঢৌ লৈ অহা ছবিখনে আৱেগিক কাহিনীৰে সকলোকে চুই গৈছে। এফালে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰাৰ লগতে আনফালে ছবিখনে বাস্তৱ জীৱনৰ বহু লোকৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে। সৃষ্টিশীলতা আৰু মানৱতাৰ সংগম ‘চিটাৰে জমীন পৰ’ ছবিখন। বিশেষ কথাটো হ’ল যে এই ছবিখনৰ শিশুসকল প্ৰকৃততে নিউৰ’ডাইভাৰ্জেণ্ট শিল্পী, যিয়ে ছবিখনক অধিক প্ৰামাণিক স্পৰ্শ দিয়ে । আৱেগ, অনুভূতি, আশাৰে ভৰা এই ছবিখনে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় চুই গৈছে। চিটাৰে জমীন পৰত প্ৰকৃতাৰ্থত বিশেষভাৱে সক্ষম একাংশ ল’ৰা-ছোৱালীয়ে অভিনয় কৰিছে।

‘‘তাৰে জমীন পৰ’’ত এজন শিক্ষকে ডিছলেক্সিয়াৰে যুঁজি থকা ছাত্ৰ এজনক পঢ়া-শুনাত সহায় কৰাৰ বিপৰীতে ‘‘চিটাৰে জমীন পৰ’’ত কাহিনীটো ওলোটা হৈ পৰিছে । এই ক্ৰীড়া নাটকখনত আমিৰ খানৰ চৰিত্ৰটো নিলম্বিত হোৱা বাস্কেটবল প্ৰশিক্ষকৰ। শাস্তি হিচাপে তেওঁক নিউৰ’ডাইভাৰ্জেণ্ট কিছু লোকৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। এই ছবিখনত নিউৰ’ডাইভাৰ্জেণ্ট লোকসকলৰ জীৱন কেনেকুৱা, তেওঁলোকে নিজৰ জীৱনটো কেনেদৰে কটায় আৰু মেচ এখনত জয়ী হ’বলৈ নিজকে কিমান প্ৰস্তুত কৰে, সেয়া প্ৰতিফলিত হৈছে।

আমিৰ খান প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ‘চিটাৰে জমীন পৰ’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমিৰ খান আৰু জেনেলিয়া দেশমুখে । ছবিখনৰ গীত ৰচনা কৰিছে অমিতাভ ভট্টাচাৰ্যই আৰু সংগীত ৰচনা কৰিছে শংকৰ-এহছান-লয়ে ।

You may also like