Thursday, October 15, 2026
Eng
Home » লাহদৈগড় আৰক্ষী চকীয়ে লৈছে নতুন ৰূপ…অপৰাধী আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে সষ্টম বেবী নেওঁগ

লাহদৈগড় আৰক্ষী চকীয়ে লৈছে নতুন ৰূপ…অপৰাধী আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে সষ্টম বেবী নেওঁগ

by Abinash Saikia
0 comments

১৪ অক্টোবৰ, ২০২৬ঃ লাহদৈগড় আৰক্ষী চকীয়ে লৈছে নতুন ৰূপ। অপৰাধী আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে সষ্টম বেবী নেওঁগ। যোৰহাটৰ পূব সংমণ্ডলৰ অন্তৰ্গত এক সক্ৰিয় আৰক্ষী চকী লাহদৈগড় আৰক্ষী চকী। স্থানীয় অঞ্চলটোৰ আইন-শৃংখলা ৰক্ষা, জনসাধাৰণৰ সুৰক্ষা আৰু জৰুৰী কালীন সেৱা প্ৰদানৰ ক্ষেত্ৰত এই আৰক্ষী চকীখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

১৯৬৩ চনত স্থাপন হৈছিল লাহদৈগড় আৰক্ষী চকী। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ হেতু আৰক্ষী চকীখন পূৰ্বৰ ঠাইৰ পৰা কিছু নিলগত সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া বেবী নেওগে । যোৱা ১৩ অক্টোবৰত নতুন আৰক্ষী চকীৰ গৃহত প্ৰৱেশ কৰা হয়।

স্থানীয় জনসাধাৰণৰ মতে লাহদৈগড় আৰক্ষী চকীত বেবী নেওগৰ দৰে দক্ষ আৰক্ষী বিষয়াৰ বাবেই সদা ব্যস্ত,বহু জনবহুল অঞ্চল ব্যাপি থকা এই আৰক্ষী চকীৰ অন্তৰ্গত সাধাৰণ লোকসকলে সুৰক্ষিত জীৱন যাপন নিয়াৰিকৈ পালন কৰি আহিছে।

*অপৰাধ নিয়ন্ত্ৰণ আৰু প্ৰতিবেদন: স্থানীয় অঞ্চলৰ ভিতৰত ঘটা যিকোনো অপৰাধমূলক কাৰ্যকলাপৰ এজাহাৰ (FIR) বা অভিযোগ দাখিল কৰা।

*জৰুৰীকালীন সঁহাৰি: ২৪ ঘণ্টাই জৰুৰীকালীন পৰিস্থিতিত আইনগত সহায় আগবঢ়োৱা।

*পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহদৈগড় অংশত যান-বাহনৰ চলাচল সুচাৰুৰূপে চলোৱা আৰু পথ দুৰ্ঘটনা আদিৰ তদাৰক কৰা।

You may also like

Leave a Comment