Sunday, November 1, 2026
Eng
Home » দিল্লীৰ পৰা গুৱাহাটীলৈ মসৃণ হ’ব যাত্ৰা, ৮ ঘণ্টাৰো কম সময়ত বুলেট ট্ৰেইনেৰে দিল্লীৰ পৰা পাব গুৱাহাটী

দিল্লীৰ পৰা গুৱাহাটীলৈ মসৃণ হ’ব যাত্ৰা, ৮ ঘণ্টাৰো কম সময়ত বুলেট ট্ৰেইনেৰে দিল্লীৰ পৰা পাব গুৱাহাটী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগ আৰু নিৰন্তৰ প্ৰচেষ্টাত অসমৰ দাবী পূৰণৰ দিশত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

by Assam Talks
0 comments

১ নৱেম্বৰ, গুৱাহাটী: অসমৰ বাবে এক ঐতিহাসিক প্ৰাপ্তি। উত্তৰ ভাৰতৰ প্ৰস্তাৱিত বুলেট ট্ৰেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সিদ্ধান্তই অসমৰ যোগাযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। এই প্ৰকল্পই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক দেশৰ উচ্চগতিৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে ২০২৬ চনৰ মে’ মাহত প্ৰকাশিত প্ৰাৰম্ভিক পৰিকল্পনাত বুলেট ট্ৰেইন কৰিড’ৰটো দিল্লীৰ পৰা শিলিগুড়িলৈকে সম্প্ৰসাৰণৰ কথা উল্লেখ কৰা হৈছিল। সেই পৰিকল্পনাত গুৱাহাটীক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত গুৰুত্ব আৰু বৰ্ধিত অৰ্থনৈতিক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিড’ৰটো গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে উদ্যোগ গ্ৰহণ কৰে। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি অসমৰ দাবী উত্থাপন কৰাৰ লগতে ২০২৬ চনৰ জুলাই মাহত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে সাক্ষাৎ কৰি বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়।

সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু দেশৰ সৈতে উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰকল্পৰ প্ৰয়োজনীয়তা দাঙি ধৰে। মুখ্যমন্ত্ৰীৰ এই নিৰন্তৰ প্ৰচেষ্টা আৰু অসমৰ স্বাৰ্থক ৰাষ্ট্ৰীয় পৰ্যায়ত দৃঢ়তাৰে উপস্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত ৩১ অক্টোবৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন সাপেক্ষে উত্তৰ ভাৰতৰ বুলেট ট্ৰেইন কৰিড’ৰটো গুৱাহাটীলৈ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত কৰিড’ৰটোৱে দিল্লীৰ পৰা আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা আৰু শিলিগুড়ি হৈ গুৱাহাটীক সংযোগ কৰিব।

এই উচ্চগতিৰ ৰে’ল যোগাযোগ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। বিশেষকৈ ৰাজ্যখনত গঢ় লৈ উঠিবলগীয়া আধুনিক প্ৰযুক্তিভিত্তিক উদ্যোগ, বিনিয়োগ আৰু উৎপাদন খণ্ডৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাই এক শক্তিশালী আধাৰ প্ৰদান কৰিব। তদুপৰি ব্যৱসায়-বাণিজ্য, পৰ্যটন, কৰ্মসংস্থাপন আৰু যাতায়াতৰ ক্ষেত্ৰতো ই নতুন সুযোগ মুকলি কৰিব। প্ৰস্তাৱিত কৰিড’ৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লে দিল্লী আৰু গুৱাহাটীৰ মাজৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এসময়ত অসমলৈ বুলেট ট্ৰেইন অহাৰ সপোনটো বহু দূৰৈৰ কল্পনা যেন লাগিছিল। কিন্তু অসমৰ উন্নয়নৰ স্বাৰ্থত সময়োচিত পদক্ষেপ, দৃঢ় দাবী আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে নিৰন্তৰ আলোচনাৰ ফলত আজি সেই আকাংক্ষাই বাস্তৱ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থাৰ সৈতে অঞ্চলটোক অধিক নিবিড়ভাৱে সংযুক্ত কৰাৰ প্ৰচেষ্টাই নতুন গতি লাভ কৰিছে। অসমৰ বাবে এই ঘোষণা কেৱল এক উন্নত যাতায়াত ব্যৱস্থাৰ সম্ভাৱনাই নহয়, বৰঞ্চ এখন বিকশিত, বিনিয়োগমুখী আৰু আত্মনিৰ্ভৰ অসমৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

https://x.com/BiharInfraTales/status/2116529293006348600/video/1

 

You may also like

Leave a Comment