Wednesday, November 4, 2026
Eng
Home » ছিপাঝাৰৰ জয়ন্তীপুৰত নৃশংস হত্যাকাণ্ড…

ছিপাঝাৰৰ জয়ন্তীপুৰত নৃশংস হত্যাকাণ্ড…

চোকা অস্ত্ৰৰে উপৰ্যুপৰি ঘপিয়াই হত্যা এজনক

by Assam Talks
0 comments

৪ নৱেম্বৰ, ২০২৬ঃ ছিপাঝাৰৰ জয়ন্তীপুৰত নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে উপৰ্যুপৰি ঘপিয়াই হত্যা এজনক। জয়ন্তীপুৰৰ বড়ো চুবাত এই হত্যাকাণ্ড।

নৃশংস হত্যাকাণ্ডৰ বলি হৈছে নিকটৱৰ্তী বিষ্ণুপুৰৰ ৰ’জ আলী নামৰ এজন লোক। জয়ন্তীপুৰৰ বড়ো চুবাত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৰ’জ আলীক। ওচৰতে পৰি আছে ৰ’জ আলীয়ে ব্যৱহাৰ কৰা চাইকেলখন।

কোনে কি কাৰণত সংঘটিত কৰিলে এই নাৰকীয় কাণ্ড এই পৰ্যন্ত নিশ্চিত হোৱা নাই। ঘটনাস্থলীত‌ উপস্থিত আৰক্ষী। অভিযোগ মতে উক্ত স্থানত দীৰ্ঘদিন ধৰি চলি আছে অবৈধ চুলাই মদৰ ঘাটি। মৃত্যু হোৱা ৰ’জ আলী দুই সন্তানৰ পিতৃ।

You may also like

Leave a Comment