মহাদেৱক কেনেকৈ সন্তুষ্ট কৰিব! শাওন মাহত ভুলটো নকৰিব এই কেইটা কাম৷
শাওণ মাহ হৈছে ভগৱান শিৱৰ বাবে উচ্ছৰ্গিত এটি মাহ৷ ইতিমধ্যে আৰম্ভ হৈছে শাওণৰ মাহ।এই শাওণ মাহ ভগৱান শিৱক পূজা অৰ্চনা কৰাৰ বাবে আটাইকৈ উত্তম মাহ হিচাপে পৰিগণিত৷ জনবিশ্বাস অনুসৰি এই মাহত ভগৱান শিৱৰ পূজা কৰিলে বিশেষ ফল পোৱা যায়।
জানিব পৰা মতে শাওণ মাহত কিছুমান বিশেষ কাম আছে, যিবোৰ কাম কৰি ভগৱান শিৱৰ লগতে ৰাহু-কেতু আৰু শনিৰ দৰে গ্ৰহদোষ আঁতৰ কৰিব পাৰি।জ্যোতিষৰ মতেও এইসমূহ কাম কৰি মানুহে জীৱনত সুফল লাভ কৰিব পাৰে৷
শাওন মাহটো ভগৱান শিৱৰ প্ৰতি সমৰ্পিত। ভক্তসকলে এই মাহটোত বিভিন্ন ৰীতি-নীতি-শ্ৰদ্ধাৰে ভগৱান শিৱৰ উপাসনা কৰি তেওঁৰ আশীৰ্বাদপুষ্ট হ’বলৈ বিচাৰে। এই মাহটোত কেতবোৰ বিশেষ কাম কৰিও আপুনি শিৱৰ আৰ্শীবাদ লাভ কৰি জীৱনৰ সমস্যা সমূহৰ পৰা হাত সাৰিব পাৰে।
যদি কোনো ব্যক্তিৰ ৰাশিফলত চন্দ্ৰ, শনি, ৰাহু আৰু কেতু একেলগে উপস্থিত থাকে, তেন্তে ব্যক্তিজনে মানসিক সমস্যাৰ সন্মুখীন হয়। এনে লোকে বাৰে বাৰে শাৰীৰিক বিষত ভুগিবলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি অনুভৱ কৰে শাওণ মাহত ভগৱান শিৱক সঠিকভাৱে পূজা কৰি ব্ৰত ৰাখি ইত্যাদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷
লোক বিশ্বাস অনুসৰি সোমবাৰে যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে তেন্তে সোমবাৰে শিৱ চলিছা পাঠ কৰিব পাৰে।
লগতে যদি আপুনি শাওণ মাহত কিছু সময় উলিয়াই নিৰ্জন ঠাইত বহি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰে, তেন্তে আপুনি জীৱনৰ সকলো সমস্যাৰ পৰা হাঁতসাৰিব পাৰে৷
প্ৰতি সোমবাৰে মহাদেৱৰ মন্দিৰ দৰ্শন কৰি শিৱৰ লিংগত গাখীৰ ঢালি পূজা অৰ্চনা কৰিলেও বহু সুফল আৰু মানসিক শান্তি লাভ কৰা যায়৷
পৰাপক্ষত শাওণৰ মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে তথা মাছ, মাংস আদি এৰাই চলিব লাগে ৷ এনেদৰে শাওণ মাহতো পালন কৰি মহাদেৱৰ আৰ্শীবাদ লাভ কৰিব পাৰি৷