গহপুৰ, ১২ জুলাইঃ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যুক্তিবাদী চিন্তা, আত্মবিশ্বাস আৰু বক্তৃতা দক্ষতা বিকাশৰ লক্ষ্যৰে উদ্ভাস ক্লাবৰ উদ্যোগত আৰু শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ সহযোগত ৯-১১ জুলাইলৈ পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ৩ দিনীয়া তৰ্ক আৰু বক্তৃতা কৰ্মশালা শনিবাৰে সফলতাৰে সম্পন্ন হয়।
এই কৰ্মশালাত গুৱাহাটীৰ বিশিষ্ট তাৰ্কিক আৰু সুবক্তা বিজিত কলিতাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি তিনিদিন ধৰি ছাত্ৰ-ছাত্ৰীসকলক তৰ্ক, বক্তৃতা, যুক্তিবাদী চিন্তা আৰু মঞ্চত আত্মবিশ্বাসেৰে বক্তব্য আগবঢ়োৱাৰ বিভিন্ন কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। অন্তিম দিনা সামৰণি অনুষ্ঠানৰ অংশ হিচাপে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ আৰু নিম্ন শাখাত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক ট্ৰফী, কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়। লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত উদ্ভাস ক্লাবৰ সদস্য ৰিপাংকৰ শইকীয়া, প্ৰণৱজ্যোতি মহন্ত, বিৰাজ ভূঞা আৰু জীৱন বৰাই জনায় যে, ডিপৰা অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ আৰু সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ লক্ষ্যৰে উদ্ভাস ক্লাব গঠন কৰা হৈছে। আগন্তুক দিনতো শিক্ষা, ব্যক্তিত্ব বিকাশ আৰু সমাজকল্যাণমূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি তেওঁলোকে ব্যক্ত কৰে।
শেষত অংশগ্ৰহণকাৰী, অভিভাৱক, অতিথি, বিচাৰক, স্থানীয় ৰাইজ আৰু অনুষ্ঠান সফল কৰি তুলিবলৈ সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিলৈ উদ্ভাস ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।
উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠান সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অতুল শইকীয়াই আৰু তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন অলংকৃত কৰে প্ৰাচূৰ্য্য শৰ্মাই। অনুষ্ঠানত শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ পূৰ্ণ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱ মহন্ত, সাবিত্ৰী মহন্ত, ধীৰাজ বৰদলৈ, দিলীপ ৰায়কে ধৰি অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে উচ্চ শাখাৰ তৰ্কৰ বিষয় আছিল— “সামাজিক মাধ্যমে যুৱ সমাজক উচ্ছৃঙ্খল কৰিছে।” এই শাখাত প্ৰথম স্থান লাভ কৰে স্ৱৰাজ দত্তই, দ্বিতীয় স্থান পুলক ফুকন আৰু তৃতীয় স্থান লাভ কৰে বিক্ৰম আদিত্য বৰদলৈয়ে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে উপাস্তিকা বৰুৱা, মৌচম বৰুৱা আৰু পূৰ্বশ্ৰী শইকীয়াই।
আনহাতে, নিম্ন শাখাৰ তৰ্কৰ বিষয় আছিল— “ম’বাইল ফোনৰ ব্যৱহাৰে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমাই আনিছে।” এই শাখাত প্ৰথম স্থান লাভ কৰে পূজা চৰকাৰে, দ্বিতীয় স্থান বিজিত গোস্বামী আৰু তৃতীয় স্থান লাভ কৰে বিষ্ণু কমল কাটকীয়ে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে দৈৱিক আশীষ বৰদলৈয়ে।