6
৮ ছেপ্টেম্বৰ, ২০২৬ঃ এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে এক্সন মুডত গোলাঘাট আৰক্ষী ৷ ড্ৰাগছৰ লগত জড়িত ৩০জনকৈ লোকক আটক । খোজকাঢ়ি আদালতলৈ আনিলে গোলাঘাট আৰক্ষীয়ে ৷

সোমবাৰৰ নিশা গোলাঘাট নগৰৰ কেইবাটাও স্থানৰ পৰা নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত লোকসকলক আটক কৰে । ড্ৰাগছৰ লগত জড়িত লোকসকলক সোধা পোছা অব্যাহত ৰখাৰ লগতে বহু লোকক আটক কৰাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে।

গোলাঘাট জিলাত মাৰাত্মক ড্ৰাগছে ভয়াৱহ ৰূপ লোৱাত একেদিনাই ৩০ জন ড্ৰাগছৰ লগত জড়িত ব্যক্তিক আটক কৰে ৷ ড্ৰাগছৰ লগত জড়িত সকলো ব্যক্তিয়েই যে শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব সেইয়া একপ্ৰকাৰ স্পষ্ট ৷

আনহাতে ৩০ টা ড্ৰাগছৰ লগত জড়িত লোকক গোলাঘাট আৰক্ষী থানাৰ পৰা আদালতলৈ খোজকাঢ়ি নি সকলোকে এক বাৰ্তা দিছে আৰক্ষীয়ে ৷