Wednesday, September 9, 2026
Eng
Home » ৪ দিনৰ আৰক্ষী জিম্মাত ACS দেৱেশ্বৰ বৰা, জিম্মাত লৈ দেৱেশ্বৰ বৰাক চলোৱা জেৰাত পোহৰলৈ আহিছে ন ন তথ্য –

৪ দিনৰ আৰক্ষী জিম্মাত ACS দেৱেশ্বৰ বৰা, জিম্মাত লৈ দেৱেশ্বৰ বৰাক চলোৱা জেৰাত পোহৰলৈ আহিছে ন ন তথ্য –

by admin
0 comments

৯ ছেপ্টেম্বৰ, ২০২৬ঃ ৪ দিনৰ আৰক্ষী জিম্মাত ACS দেৱেশ্বৰ বৰা । জিম্মাত লৈ দেৱেশ্বৰ বৰাক চলোৱা জেৰাত পোহৰলৈ আহিছে ন ন তথ্য । মুখ্যমন্ত্ৰী, মুখ্যসচিবৰ লগতে শীর্ষ বিষয়াৰ মিমিক্ৰী কাণ্ডক লৈ মুখ খুলিছে দেৱেশ্বৰে ।

মাহিলী বেতন দি নিয়োগ কৰিছিল মিমিক্ৰী কৰা এটা দল । জেৰাত দলটোত থকা একাংশ লোকৰ নাম লৈছে ACS দেৱেশ্বৰ বৰাই । তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰা নাই তদন্তকাৰী বিষয়াই ।

দেৱেশ্বৰৰ পৰা উদ্ধাৰ কৰা ৯ টাকৈ মোবাইল ফোনৰ CDR উলিয়াইছে তদাৰকী কোষে । CDRত তদন্তকাৰী বিষয়াই লাভ কৰিছে বহু বিস্ফোৰক তথ্য। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দেৱেশ্বৰৰ প্ৰবঞ্চনাৰ বলি হোৱা লোকৰ দীঘলীয়া তালিকা লাভ।

দেৱেশ্বৰৰ HDFC, SBI, ICICI বেংককে ধৰি কেইবাটাও বেংকৰ ষ্টেটমেণ্ট উলিয়াইছে তদাৰকী কোষে। বেংকৰ লেনদেনৰ তথ্য দেখি হতবাক হৈছে তদন্তকাৰী বিষয়া ।

You may also like

Leave a Comment