Wednesday, September 9, 2026
Eng
Home » গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেদাৰ তৃতীয়খণ্ডত বজ্ৰপাতত থিতাতে নিহত দুজন লোক

গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেদাৰ তৃতীয়খণ্ডত বজ্ৰপাতত থিতাতে নিহত দুজন লোক

by admin
0 comments

৯ ছেপ্টেম্বৰ, ২০২৬ঃ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কেদাৰ তৃতীয়খণ্ডত মৰ্মান্তিক ঘটনা। বজ্ৰপাত পৰি থিতাতে মৃত্যু হয় দুজন লোকৰ। মৃত লোক দুজন মচলেম উদ্দিন আৰু আবুল হুছেইন ।

সীমান্তৰ কাঁটাতাৰত ৫১নং গেটেৰে নিজৰ খেতি পথাৰত কাম কৰি আছিল দুয়োজনে। ধাৰাষাৰ বৰষুণৰ ফলত দুয়োজনে খেজুৰ গছৰ তলত থিয় হৈছিল। সেই সময়তেই বজ্ৰ পৰে লোক দুজনৰ ওপৰত। যাৰ ফলত থিতাতেই নিহত হয় দুয়োজন লোক ।

ঘটনাস্থলীত উপস্থিত হয় সীমান্তৰ বিএছএফ আৰু গোলকগঞ্জ আৰক্ষী । মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

You may also like

Leave a Comment