৮ ছেপ্টেম্বৰ, ২০২৬ঃ গোৱালপাৰাৰ লক্ষীপুৰৰ দাপকাৰভিটাত সংঘটিত হৈছে এক জঘন্য কাণ্ড । ৬০ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি এগৰাকী কণমানি। ধুমেৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত দাপকাৰভিটা অঞ্চলত সংঘটিত হৈছে এই জঘন্য কাণ্ড । সোমবাৰে কোমৰউদ্দিন শ্বেখ নামৰ লোকজনৰ দোকানত গৈছিল এগৰাকী ৬ বছৰীয়া কণমানি। ঘৰত কোনো নথকাৰ সুযোগ লৈ কণমানিজনীক ফুচুলাই নি বৃদ্ধা গৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলায়। অসুস্থ হৈ পৰে কণমানিজনী ।
সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে অৱগত হোৱাৰ লগে লগে ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষীক অৱগত কৰে । আনহাতে কণমানিজনীক নিশাই গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ইফালে পৰিয়ালৰ লোকে ধুমেৰঘাট আৰক্ষী চকীত লম্পটটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । আৰক্ষীয়ে লম্পট কোমৰউদ্দিন শ্বেখক নিশাই আটক কৰে । আৰক্ষীয়ে u/s 65(2)/127(2)BNS. R/W Sec 6 of POCSO এক্টৰ অধীনত ৭/২০২৬ নম্বৰ এটা গোচৰ পঞ্জীয়ন কৰি লম্পট কোমৰ উদ্দিন শ্বেখক জে’ললৈ প্ৰেৰণ কৰে ।