অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। অসমৰ প্ৰায় ভাগ খাদ্য প্ৰাকৃতিকভাৱে আহৰণ কৰা হয়। অসমৰ থলুৱা খাদ্য সমূহ ঔষধি গুণেৰে পৰিপূৰ্ণ তথা এইবোৰ সহজলভ্য ও। অসমৰ কেইবিধমান পৰম্পৰাগত থলুৱা খাদ্য হৈছে :-
১. পঁইতা ভাত:- পঁইতা ভাত হৈছে এবিধ পৰম্পৰাগত থলুৱা খাদ্য। সিজোৱা ভাত ওৰে ৰাতি পানীত তিৱাই ৰাখি পঁইতা ভাত তৈয়াৰ কৰা হয়। এই খাদ্যবিধ বিশেষকৈ গৰমদিনত খোৱা হয় আৰু এইবিধ অসমীয়া মানুহৰ প্ৰিয় খাদ্য। পঁইতা ভাতৰ কিছুমান ঔষধি গুণও আছে। ই গৰমদিনত মানুহৰ শৰীৰটো শীতল কৰি ৰাখে লগতে পঁইতা ভাত খালে দেহত চৰ্বিৰ পৰিমাণ নিয়ন্ত্ৰন হোৱাৰ উপৰিও লিভাৰ সুৰক্ষিত হৈ থাকে।
২.দৈ-চিৰা:- দৈ-চিৰা হৈছে অসমৰ অন্যতম পৰম্পৰাগত থলুৱা খাদ্য। দৈ-চিৰা কিছুমান বিশেষ অনুষ্ঠানত খোৱা হয় । বিশেষকৈ এইবিধ খাদ্য বিহু সংক্ৰান্তি, শ্ৰাদ্ধ আৰু সকামে নিকামে আদিত খোৱা হয়।
৩. খাৰ:- অসমৰ আন এবিধ পৰম্পৰাগত থলুৱা খাদ্য হৈছে খাৰ। অসমীয়াত এষাৰ কথা আছে “খাৰখোৱা অসমীয়া” বুলি, অসমীয়া মানুহে প্ৰায় প্ৰত্যেক সাজতে খৰ খাইছিল। কলখাৰ অসমীয়া মানুহৰ বৰ প্ৰিয় খাদ্য। ভীমকলৰ শুকান বাকলি পৰি কলখাৰ প্ৰস্তুত কৰা হয়। অমিতা শুকান মাছ আদিৰ লগত কলখাৰ খোৱা হয়। কলখাৰ খালে পেটৰ হযমজনিত ৰোগ সমাধান হয়।
৪.মাছৰ টেঙা:- অসমীয়া পৰম্পৰাগত খাদ্যৰ নাম ললে মাছৰ টেঙাও অন্যতমত পৰে। মাছৰ টেঙা হৈছে অসমৰ এবিধ জনপ্ৰিয় খাদ্য। কবলৈ গলে অসমৰ প্ৰায় সকলো মানুহে মাছৰ টেঙা খায় ভালপায়। মাগুৰমাছ, শলমাছ, বৰালিমাছ আৰু প্ৰায় সৱ মাছৰ লগতে টেঙা দি মাছৰ তৰ্কাৰী ৰান্ধি অসমীয়া মানুহে খায় ভালপায়।
৫.মাটিমাহৰ দাইল:- অসমৰ আন এবিধ থলুৱা খাদ্য হৈছে মাটিমাহৰ দাইল। মাটিমাহৰ দাইল বিশেষকৈ খাৰ দি তৈয়াৰ কৰা হয়। মাটিদাইল প্ৰায় মানুহৰে প্ৰিয় খাদ্য। মাটিমাহ গৰু বিহুৰ দিনাখন গৰুক গা নুৱাবলৈ ব্যৱহাৰ কৰা হয়।
Aritcal by-Bikramjit sharma