Home » Operation Sindoor: বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলিলে কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে, কোন হয় কৰ্ণেল ছফিয়া কুৰেশ্বী? জানি লওক

Operation Sindoor: বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলিলে কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে, কোন হয় কৰ্ণেল ছফিয়া কুৰেশ্বী? জানি লওক

by admin
0 comments

Operation Sindoor-পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত ভাৰতে কৰে আক্ৰমণ। পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ৰূপে মাজনিশা ভাৰতে পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাইছিল। ভাৰতৰ এই কাৰ্যক Operation Sindoor নামেৰে নামাকৰণ কৰা হৈছে।

পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত ভাৰতে কৰে আক্ৰমণ। পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ৰূপে মাজনিশা ভাৰতে পাকিস্তানৰ ওপৰত বিমান আক্ৰমণ চলাইছিল। ভাৰতৰ এই কাৰ্যক Operation Sindoor নামেৰে নামাকৰণ কৰা হৈছে। ভাৰতীয় সেনাই Operation Sindoor সন্দৰ্ভত দিয়া সংবাদমেলত দুগৰাকী মহিলা বিষয়াও আছিল৷ ইয়াত এগৰাকীৰ মহিলা বিষয়াৰ নাম ছফিয়া কুৰেশ্বী, আৰু আনগৰাকী আছিল উইং কামাণ্ডাৰ ব্যোমিকা সিং।

ভাৰতীয় সেনা বিষয়া ছফিয়া কুৰেশ্বী মূলতঃ গুজৰাটৰ। ১৯৮১ চনত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল ছফিয়া কুৰেশ্বীয়ে। বায়’কেমিষ্ট্ৰীত পোষ্ট গ্ৰেজুৱেচন কৰিছে কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে। ছফিয়াৰ ককাকো সেনাবাহিনীত আছিল আৰু পিতৃ কেইবছৰমান সেনাবাহিনীত ধৰ্মীয় শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। অন্য এক প্ৰতিবেদনত কোৱা হৈছে যে ছফিয়াৰ বিবাহ মেকানাইজড ইনফেণ্ট্ৰিৰ সেনা বিষয়া মেজৰ তাজুদ্দিন কুৰেশ্বীৰ সৈতে হৈছে আৰু তেওঁলোকৰ সমীৰ কুৰেছি নামৰ এজন পুত্ৰ আছে।

১৯৯৯ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল ছফিয়া কুৰেশ্বীয়ে। ১৯৯৯ চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত ছফিয়াই সেনাবাহিনীত লেফটেনেণ্ট হিচাপে কমিচন লাভ কৰে। ২০০৬ চনত ছফিয়াই কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১০ চনৰ পৰা শান্তিৰক্ষা অভিযানৰ সৈতে জড়িত হৈ হৈছিল ছফিয়া কুৰেশ্বী। পঞ্জাৱ সীমান্তত অপাৰেচন পৰক্ৰমৰ সময়ত কৰা সেৱাৰ বাবে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ (GOC-in-C)ৰ পৰাও প্ৰশংসা পত্ৰ লাভ কৰিছিল ছফিয়া কুৰেশ্বীয়ে। আনহাতে উত্তৰ-পূব ভাৰতত বান সাহায্য অভিযানৰ সময়ত কৰা সাহসী কামৰ বাবে ছিগনেল অফিচাৰ ইন চিফ (SO-in-C)ৰ পৰাও প্ৰশংসা পত্ৰ লাভ কৰিছিল ছফিয়া কুৰেশ্বীয়ে। ছফিয়া কুৰেশ্বীয়ে ফৰ্ছ কমাণ্ডাৰৰ পৰাও প্ৰংশসা লাভ কৰিছে।

লেফটেনেণ্ট কৰ্ণেল ছফিয়া কুৰেশ্বী ২০১৬ চনত বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰি চৰ্চালৈ আহিছিল। ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হয় ছফিয়া কুৰেশ্বী। এই অনুশীলনৰ নাম দিয়া হৈছিল ‘এক্সাৰচাইজ ফৰ্চ ১৮’, যিটো সেই সময়ত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল।

এই অনুশীলনত অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত লেফটেনেণ্ট কৰ্ণেল ছফিয়া কুৰেশ্বী আছিল একমাত্ৰ মহিলা বিষয়া। ভাৰতীয় দলটোত মুঠ ৪০ জন সদস্য আছিল। সেই সময়ত ভাৰতীয় সেনাৰ ছিগনেল কৰ্পছৰ এগৰাকী বিষয়া আছিল।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map