Thursday, October 16, 2025
Eng
Home » বেলি ফুল কেৱল দেখিবলৈয়ে ধুনীয়া নহয়, এই ফুলৰ গুটিবোৰো খুবেই স্বাস্থ্যসন্মত। আহক জানো ইয়াৰ ঔষধি গুণ….

বেলি ফুল কেৱল দেখিবলৈয়ে ধুনীয়া নহয়, এই ফুলৰ গুটিবোৰো খুবেই স্বাস্থ্যসন্মত। আহক জানো ইয়াৰ ঔষধি গুণ….

by admin
0 comments

প্ৰকৃতিৰ সুন্দৰতাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা এবিধ ফুল হৈছে বেলি ফুল। বেলি ফুলে প্ৰকৃতিৰ সৌন্দৰ্যত অনন্য মাত্ৰা প্ৰদান কৰে। বেলি ফুলৰ অন্য এটা নাম হৈছে সূৰুযমুখী ফুল। ফুলসমূহৰ ভিতৰতআটাইতকৈ বেছি সৌন্দৰ্য ধাৰণ কৰা ফুলবিধেই হৈছে বেলি ফুল।বেলি ফুল কেৱল দেখিবলৈয়ে ধুনীয়া নহয়, এই ফুলৰ গুটিবোৰো খুবেই স্বাস্থ্যসন্মত। আহক জানো ইয়াৰ ঔষধি গুণ—-
বেলিফুলৰ গুটিবোৰ যথেষ্ট পুষ্টিসম্পন্ন। মানৱ শৰীৰত বেলি ফুলে গুটিবোৰেও যথেষ্ট উপকাৰ সাধন কৰে। বেলি ফুলৰ গুটি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই সন্দৰ্ভত চিকিৎসক প্ৰাঞ্জল চেতিয়াই কয় যে, বেলি ফুলৰ গুটিয়ে হৃদযন্ত্ৰক অধিক কাৰ্যক্ষম কৰি তোলে। বেলি ফুলৰ গুটিত উচ্চ পৰিমাণত আঁহ আৰু প্ৰ’টিন থাকে, যিয়ে ভোক হ্ৰাস কৰাত সহায় কৰে আৰু দীঘলীয়া সময়ৰ বাবে পেট ভৰাই ৰাখে। সেয়েহে মানুহে বেলি ফুলৰ গুটি খাই ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। বেলি ফুলৰ গুটি খালে মানুহৰ ছাল উজ্জ্বল হয় আৰু চুলিবোৰো উজ্জ্বল হোৱাৰ লগতে মজবুত হয়। মানুহৰ হাড় শক্তিশালী কৰে বেলি ফুলৰ গুটিয়ে। ইয়াৰোপৰি মানুহৰ হজম শক্তি উন্নত কৰাত বেলি ফুলৰ গুটিয়ে সহায় কৰে।

Published by Surabhi Barman

You may also like