Home » মাঁ তুমি অনন্যা”-আজি মাতৃ দিৱস

মাঁ তুমি অনন্যা”-আজি মাতৃ দিৱস

by pompy das
0 comments

আইৰ সমান হ’ব কোন ? নৈৰ সমান ব’ব কোন? ”
আজি হৈছে মাতৃ দিৱস৷
“মাঁ” এই শব্দটো কেৱল মাত্ৰ এটি শব্দ নহয় এই শব্দটিত লুকাই আছে অলেখ অভিমান, অজুত মৰম আৰু শব্দ বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা সীমাহীন ভালপোৱা৷
মমতাময়ী মাতৃ গৰাকীক বাদ দি কোনেও কল্পনাই কৰিব নোৱাৰে এই বিনন্দীয় পৃথিৱীখন৷

এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ থকা সৃষ্টিৰ ধাৰা হৈছে মাতৃ । জীৱনদায়িনী মাতৃৰ স্থান এই পৃথিৱীত কাৰো সৈতে তুলনা কৰিব নোৱাৰি ।
এই মাঁৰ বাবে সকলো সম্ভৱ । সন্তানক জন্ম দি সন্তানক ডাঙৰ-দীঘল কৰাৰ ,পৰা সন্তানৰ বেমাৰ-আজাৰ হ’লেই উজাগৰী নিশা কটোৱালৈকে
প্ৰতিগৰাকী মাতৃয়ে থাকে সন্তানৰ কাষত৷ সেয়েহে আইৰ স্থান প্ৰতিজন সন্তানৰ বাবেই সুকীয়া আৰু শ্ৰেয়।

আজি মাতৃৰ বাবে উচৰ্গিত এই বিশেষ দিনটো বিশ্বজুৰি উদযাপন কৰা হয়৷ মাতৃ দিৱসৰ এই দিনটো ২০ শতিকাৰ আৰম্ভনিত আন্না জাৰ্ভিছে মাতৃ সকলৰ ত্যাগক স্বীকাৰ কৰি প্ৰতিষ্ঠা কৰিছিল। ১৯১৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি উচ্চ উইলছনে মে’ মাহৰ দ্বিতীয় দেওবাৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে আৰু তেতিয়াৰ পৰা মে’ মাহৰ দ্বিতীয় দেওবাৰৰ দিনটো বিশ্বজুৰি মাতৃ দিৱস হিচাপে পালন কৰি অহা হৈছে৷

You may also like