এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বৰগছজোপাৰ বিষয়ে আপুনি জানেনে?
জানেনে এই গছজোপা যে অসমতে আছে!
হয়,এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপা অসমৰ পাঠশালাৰ জালিখাটাত আছে।
গছজোপাৰ বয়স জানিও আপুনি আচৰিত হ’ব!
গছডালৰ বয়স প্ৰায় ২১৩ বছৰ।
এই বৰগছজোপাৰ বৈজ্ঞানিক নাম Ficus benghalensis ।
অৰণ্যসদৃশ,বিভিন্ন ঠাল-ঠেঙুলিৰে এটা বৃহত্তৰ অঞ্চল আগুৰি আছে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাই। বজালী জিলাৰ অন্তৰ্গত জালিখাটাস্থিত কলিবাৰীৰ শ্ৰীশ্ৰী শিৱথানত পাঁচ বিঘা মাটিৰে আগুৰি আছে গছজোপা। এই গছজোপাই সৌন্দৰ্যবৰ্ধনৰ লগতে চৰাই-চিৰিকটিৰ কলৰৱে সেই স্থান প্ৰাণৱন্ত কৰি তুলিছে। বৰগছজোপাৰ মাটিৰ ওপৰত সমান্তৰাল ভাবে শাখা প্ৰশাখা সমূহ বিস্তাৰিত হৈ আছে । গছজোপাক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে জালিখাটা কলিবাৰীৰ থান ।
এই গছ ডালৰ ওচৰত ১৯৩৪ চনত স্থাপন কৰা হৈছিল এটি শিব মন্দিৰ। জনশ্ৰুতি মতে, এই গছডালৰ ওচৰত থকা শিব মন্দিৰত সেৱা কৰিলে মনোবাঞ্চা পূৰ্ণ হয়। বিভিন্ন স্থানৰ পৰা এই থানলৈ ভক্তৰ আগমণ ঘটে। এছিয়াৰ দ্বিতীয় এই গছডালৰ বয়স প্ৰায় ২১৩ বছৰ বুলি স্থানীয় লোকসকলে উল্লেখ কৰে।
ঐতিহ্যপূৰ্ণ প্ৰেক্ষাপটৰ বাবেই ২০১৬ বৰ্ষৰ ৭ মাৰ্চৰ শিৱ চতুৰ্দশী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত তেতিয়াৰ ৰাজ্যপাল পি. বি. আচাৰ্যদেৱে পৰ্যটনৰ এক সম্ভাৱনাপূৰ্ণস্থলী হিচাপে উল্লেখ কৰিছিল। ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱায়ো এই বৰ গছজোপা ঐতিহ্যৰ স্বাক্ষৰবহনকাৰী আৰু ভৱিষ্যতে পৰ্যটনস্থলীৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। এছিয়াৰ দ্বিতীয় এই গছডালৰ বয়স আচলতে কিমান সেয়া কোনেও ভালকৈ নাজানে । বহু উদ্ভিদ বিশেষজ্ঞই এই গছডালৰ বয়স প্ৰায় ৩০০ বছৰতকৈও অধিক বুলি ক’ব বিচাৰে।