১১ মে’, ২০২৫ঃ গণতান্ত্ৰিক ভাবে প্ৰগতিশীল দেশ এখনত নিৰ্বাচনেই হৈছে সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱ। ভোটৰ শক্তি, দেশৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰে এই নিৰ্বাচনে। প্ৰমূল্যবোধৰ ৰাজনীতিৰ ক্ষেত্ৰত অসমৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে। দলীয় দৰ্শনৰ উৰ্ধত জনতাৰ কাষে কাষে আছিল অসমৰ ৰাজনীতি। কিন্তু সময় সলনি হ’ল। বিহাৰ উত্তৰ প্ৰদেশৰ দৰে হিংসাত্মক পৰিৱেশৰ সূচনা হ’ল অসমৰ ৰাজনীতিতো।
বিগত এটা দশকত হিংসাত্মক ঘটনাৰ ফালেৰে সকলোতকৈ শীৰ্ষত থাকিল মধ্য অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি চামগুৰি। প্ৰতিটো নিৰ্বাচনৰ ক্ষেত্ৰত যেন অৱধাৰিত হৈ থাকিল চামগুৰিৰ ৰাজনৈতিক হিংসা। কি বিধানসভা, কি লোকসভা, কি পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচন মানেই যেন চামগুৰিত মাৰপিট, হতাহতি।
দীৰ্ঘ দিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ দখলত থকা সমষ্টিটোত পূৰ্বে কংগ্ৰেছ আৰু AIUDFৰ মাজত আছিল ৰাজনৈতিক সংঘাত। বিভিন্ন সময়ত দুয়ো দলৰ নেতাৰ ভয়াবহ সংঘৰ্ষই প্ৰতিটো নিৰ্বাচনেই একপ্ৰকাৰ সংঘৰ্ষজৰ্জৰ কৰি তুলিছিল। কিন্তু শেহতীয়াকৈ সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’ল যদিও ছবিখন কিন্তু একেই থাকিল।
উপ-নিৰ্বাচনৰ জৰিয়তে শাসকীয় BJP ৰ দখললৈ অৰ্থাৎ দিপ্লুৰঞ্জন শৰ্মাৰ হাতলৈ যোৱাৰ পিছতো অপৰিৱৰ্তিত চামগুৰিৰ ৰাজনৈতিক পৰিঘটনা। সংঘাত এই AIUDF ৰ সলনি হ’ল bjp ৰ সৈতে। শাসক কিম্বা বিৰোধী উভয় পক্ষৰ তৃণমূলৰ কৰ্মীৰ সংঘাত বাদেই দিলো জনপ্ৰতিনিধিৰ বাহন পৰ্যন্ত ভাঙি দিয়াৰ দৰে ঘটনা একেবাৰে সুলভ যেন চামগুৰিত।
সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনো সাৰি নহ’ল। প্ৰচাৰ অভিযানৰ পৰা ভোটগননা পৰ্যন্ত চেগাচোৰোকাকৈ দুয়োটা দলৰ কৰ্মীৰ মাজত চলি থাকিল দণ্ড খৰিয়াল। কিন্তু কিয় সংখ্যা লঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিটোত বাৰে সংঘটিত হয় সংঘৰ্ষ? কিয় সাধাৰণ সৌজ্যনতাবোধ খিনিৰো অভাৱ দলীয় কৰ্মীৰ মাজত ই আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন।