Home » বুদ্ধ পূৰ্ণিমাৰ মহত্ব

বুদ্ধ পূৰ্ণিমাৰ মহত্ব

by Lucky Talukdar
0 comments

বুদ্ধ পূৰ্ণিমাৰ মহত্ব

ভগৱান গৌতম বুদ্ধৰ জন্ম ব’হাগ মাহৰ পূৰ্ণিমা তিথিত হৈছিল।সেইবাবে-ব’হাগ মাহৰ পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলিও কোৱা হয়।
কিন্তু আপোনালোকে জানেনে,ভগৱান গৌতম বুদ্ধৰ লগত ব’হাগ মাহৰ পূৰ্ণিমাৰ এক সম্পৰ্ক আছে।
ব’হাগ মাহৰ পূৰ্ণিমাত গৌতম বুদ্ধৰ জন্ম হোৱাৰ লগতে, ব’হাগ মাহৰ পূৰ্ণিমাতে গৌতম বুদ্ধই বৌধগয়াত বৌধিবৃক্ষৰ তলত জ্ঞান প্ৰাপ্ত কৰিছিল।ব’হাগ মাহৰ পূৰ্ণিমাৰ দিনাই গৌতম বুদ্ধই বুদ্ধত্বৰ প্ৰাপ্তিও কৰিছিল।

পৌৰাণিক মান্যতা অনুসৰি মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ মনা হয়।বিশেষজ্ঞ অনুসৰি গৌতম বুদ্ধৰ জন্ম ৪৮৩-৫৬৩ খ্ৰীষ্টপূৰ্বত লুম্বিনীত হৈছিল।যি এতিয়া নেপালত অৱস্থিত।এটা শাক্য বংশত জন্ম গ্ৰহন কৰিছিল ভগৱান বুদ্ধই।

বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মৰ লোকসকলে উপবাস কৰে লগতে পূৰ্ণিমাৰ দিনটো উৎসৱ ৰূপে পালন কৰে।বুদ্ধ পূৰ্ণিমাৰ পৰ্বই বুদ্ধদেৱৰ আদৰ্শ আৰু ধৰ্মৰ মাৰ্গত আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে।এই পৰ্বই সকলোকে শান্তিৰ বাতৰি দিয়ে।বৌদ্ধবৃক্ষ এজোপা আঁহত গছ হয়।বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ বৃক্ষৰ পূজা কৰাৰ বিশেষ ধাৰ্মিক মহত্ব আছে।

পদ্ম পুৰাণত কোৱা হৈছে যে-গৌতম বুদ্ধ ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হয়। ভাৰতৰ বাহিৰেও বুদ্ধ পূৰ্ণিমা অন্য দেশতো পালন কৰা হয়।ভাৰতৰ লগতে বিশ্বৰ অন্য দেশ চীন,নেপাল, চিংগাপুৰ,থাইলেণ্ড,জাপান, ভিয়েটনাম ,কম্বোডিয়া, শ্ৰীলংকা,ম্যানমাৰ,মালেচিয়া ইণ্ডোনেচিয়া আদি দেশতো বুদ্ধ ধৰ্মৰ এক বিশেষ মহত্ব আছে। উত্তৰ প্ৰদেশৰ কাশী নগৰ জিলাত বুদ্ধ পূৰ্ণিমাত ডাঙৰ মেলা বহে।বৌদ্ধ ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমাৰ দিনা নিজৰ ঘৰখন ফুলেৰে সঁজাই বন্তি জ্বলায়।মহাত্মা বুদ্ধই বুদ্ধ পূৰ্ণিমাৰ দিনাই কুশীনগৰত মহাপ্ৰয়ান অৰ্থাৎ দেহ ত্যাগ কৰিছিল।

You may also like