Home » আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

by pompy das
0 comments

১২ মে’, ২০২৫ঃ অপাৰেচন সেন্দূৰ অভিযানৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰিব ৷ সোমবাৰে অথাৎ আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অপাৰেশ্যন সেন্দূৰ অভিযানৰ মাজতে এতিয়া প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰাক লৈ যথেষ্ট চৰ্চা চলিছে দেশবাসীৰ মাজত।

জানিব পৰা মতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰ পিছত এইটো হ’ব প্ৰধানমন্ত্ৰীৰ দেশবাসীক প্ৰথম সম্বোধন ।

উল্লেখ্য যে অপাৰেশ্যন সিন্দূৰক লৈ আজি পুনৰ এক সংবাদমেলৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। নৌসেনা, স্থলসেনা আৰু বায়ুসেনাই যুটীয়া সংবাদমেলৰ আয়োজন কৰে য’ত উপস্থিত থাকে DGMO ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু এয়াৰ মাৰ্শ্বেল এ কে ভাৰতীয়ে আনহাতে, ভাৰতীয় সেনাৰ এই সেন্দূৰ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত কমেও এই পৰ্যন্ত ৯টা সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাৰ দাবী কৰিছে ভাৰতীয় সেনাই ।

You may also like