Wednesday, May 14, 2025
Home » অনুৰাগীৰ চকুত চকুলো…

অনুৰাগীৰ চকুত চকুলো…

by pooja thakuria
0 comments

১২ মে’, ২০২৫ঃ টেষ্ট ক্ৰিকেটৰ পৰা বিদায় ঘোষণা বিৰাটৰ। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা বিৰাট কোহলীৰ, ১২৩খন টেষ্ট মেচত ৯,২৩০ ৰাণ সংগ্ৰহ কৰি ৩০টা শতক অৰ্জন কৰিবলৈ সক্ষম হোৱা ক্ৰিকেটৰ তাৰকাই অনুৰাগীক দুখী কৰি বিদায় লʼলে টেষ্ট মেচৰ পৰা। ২০১১ চনৰ ২২ জুনত ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল বিৰাট কোহলীৰ।

৭ মে’ত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৰোহিত শৰ্মাই। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ভাৰতীয় দলৰ পৰা অৱসৰ ঘোষণা কৰিলে দুগৰাকীকৈ অভিজ্ঞ বেটছমেনে। অৱসৰ গ্ৰহণ কৰি ছ’চিয়েল মিডিয়াত বিৰাট কোহলীৰ আবেগিক পোষ্ট।

“টেষ্ট ক্রিকেটত প্ৰথমবাৰৰ বাবে নীলা জাৰ্ছী পিন্ধা ১৪ বছৰ হ’ল। সঁচা কথা ক’বলৈ গ’লে এই ফর্মেটটোৱে মোক কোন দিশে লৈ যাব, সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলো। ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল। বগা জাৰ্ছী পিন্ধি খেলাটো নিতান্তই ব্যক্তিগত অভিজ্ঞতা।

সুদীর্ঘ ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ অৱসান ঘটাই অৱসৰৰ কথা সদৰী কৰিলে বিৰাট কোহলিয়ে। উল্লেখ্য যে, ২০১১ চনত টেষ্টত অভিষেক ঘটোৱা বিৰাট কোহলীয়ে ১২৩ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি গড়ে ৪৬.৮৫ ৰাণৰে সংগ্ৰহ কৰিছে মুঠ ৯,২৩০ ৰাণ।

২০১৪ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক আছিল কোহলী। তাৰোপৰি এদিনীয়া আৰু টি-২০ মিলি ১৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি ভাৰতীয় জাতীয় ক্রিকেট দলক সমৃদ্ধ কৰিছে। এদিনীয়াত তেওঁ ৫১টা শতক আৰু ৭৪টা অর্ধশতক অৰ্জন কৰিছে।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map