Saturday, October 11, 2025
Eng
Home » দেশৰ ৬টাকৈ স্থানত বন্ধ বিমান সেৱা

দেশৰ ৬টাকৈ স্থানত বন্ধ বিমান সেৱা

by admin
0 comments

দেশৰ ৬টাকৈ স্থানত বন্ধ বিমান সেৱা- ১৩ মে’,২০২৫

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এয়াৰ ইণ্ডিয়া-ইণ্ডিগোৰ বিমান বাতিল, দেশৰ ৬টাকৈ স্থানত বন্ধ বিমান সেৱা।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োটা বিমান প্ৰতিষ্ঠানে মঙলবাৰৰ বাবে কিছুমান চহৰলৈ বিমান সেৱা বাতিল কৰিছে।যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ‍্য ৰাখি চণ্ডীগড়, ৰাজকোটকে ধৰি একাংশ চহৰলৈ বিমান সেৱা বাতিল কৰা হৈছে।
এয়াৰ ইণ্ডিগ’ই সামাজিক মাধ্যম এক্সত বিমান বাতিলৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “আপোনাৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ। ১৩ মে’ৰ বাবে জম্মু, অমৃতসৰ, চণ্ডীগড়, লেহ, শ্ৰীনগৰ আৰু ৰাজকোটৰ পৰা বিমান সেৱা বাতিল কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ ভ্ৰমণ পৰিকল্পনাত প্ৰভাৱ পৰিব। আমাৰ দলটোৱে পৰিস্থিতিটো অতি গুৰুত্বসহকাৰে চাই আছে। অতি সোনকালে আপোনালোক নতুন আপডেট দিয়া হব। শেহতীয়াকৈ পাকিস্তানে যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে যদিও ইয়াৰ পিছতো ইয়াৰ কাৰ্যকলাপ বন্ধ হোৱা নাই।ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বিমান সেৱা বাতিল কৰা হৈছে।

Surabhi Barman
Surabhibarman1234@gmail.com

You may also like