Thursday, October 16, 2025
Eng
Home » ২৬ত জালুকবাৰী নে যোৰহাটত হিমন্ত বিশ্ব শৰ্মা?

২৬ত জালুকবাৰী নে যোৰহাটত হিমন্ত বিশ্ব শৰ্মা?

২৬ত যোৰহাট কাৰ দখলত?

by admin
0 comments

১৪ মে’, ২০২৫ঃ ৰাজনৈতিক মহলত আকৌ চর্চাৰ বিষয় এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাট বিধানসভা সমষ্টি। ২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে চর্চা হোৱা বিষয়টো আকৌ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত চর্চালৈ আহিছে। যোৰহাট বাসীয়ে বিচাৰিছে ২০২৬ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰিব লাগে যোৰহাট। যোৰহাটত জিলা বিজেপিয়ে সংবাদমেল পাতি এই কথাই আহ্বান জনালে।

তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে যোৰহাটক লৈ কাম কৰাৰ কথা ইচ্ছা প্ৰকাশ ও কৰিছে। জালুকবাৰীৰ ভোটাৰৰ সমান্তৰাল ভাৱেই এতিয়া যোৰহাটবাসীয়েও বিধায়ক হিচাপে বিচাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক। আনহাতে কংগ্ৰেছৰো লক্ষ্য যোৰহাট বিধান সভা সমষ্টি। কাৰণ ২০২৪ৰ লোকসভা নির্বাচনত যোৰহাটৰ ভোটাৰে গৌৰৱ গগৈৰ প্ৰতি দেখুওৱা আস্থা আৰু বিশ্বাসে সঞ্জীৱনি শক্তিৰ ভূমিকা পালন কৰিছিল কংগ্রেছৰ ভিতৰচ’ৰাত।

এসময়ত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র হিচাপেই সাংসদ হোৱাৰ সুভাগ্য লাভ কৰাৰ অভিযোগ নস্যাৎ কৰি ২৪ৰ লোকসভা নির্বাচনত নিজকে বলিষ্ঠ নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল । কিন্তু ২৪লোকসভাৰ তুলনাত ২৫ৰ পঞ্চায়ত নিৰ্বাচনত একপ্ৰকাৰ ধূলিসাৎ হোৱা দেখা গ’ল গৌৰৱ গগৈৰ ট্ৰেন্ড।

তেনে ক্ষেত্রত গৌৰৱ গগৈৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বৃদ্ধি পাইছে নেকি যোৰহাটবাসীৰ। প্ৰকৃততে যদি যোৰহাটৰ ভোটাৰ ধাবমান হয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। তেন্তে জালুকবাৰীৰ সমান্তৰাল ভাবে যোৰহাট বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা একেমুখে অস্বীকাৰ কৰিব নোৱাৰি। যদিহে তেনে হয় বিতৰ্কৰ অন্ত পৰিব মুখ্যমন্ত্রীৰ বাচনিৰ দীৰ্ঘদিনীয়া উজনি-নামনিৰ সংঘাত।

You may also like