Home » উঠি অহা প্ৰজন্ম আৰু মানসিক চাপ!

উঠি অহা প্ৰজন্ম আৰু মানসিক চাপ!

by pompy das
0 comments

উঠি অহা প্ৰজন্ম আৰু মানসিক চাপ!-১৩ মে’২০২৫

বৰ্তমান সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় উন্নতিৰ সময়৷ কিন্ত বিশ্বায়নৰ ফলশ্ৰুতিত হোৱা অৰ্থনৈতিক বিকাশৰ এই সময়ত আধুনিক মানুহ সুখী আৰু মানসিকভাবে পৰিপূৰ্ণ বুলি আপুনি ভাৱেনে? আমাৰ উঠি অহা যুৱচাম কিমান সুখী?
প্ৰগতিৰ আঁৰে আঁৰে মানুহ, বিশেষকৈ বৰ্তমান উঠি অহা প্ৰজন্মটোক অসন্ত্তষ্ট আৰু অশান্ত হোৱা দেখিবলৈ পোৱা যায়।

বৰ্তমান সময়ত মানুহৰ উপাৰ্জন যদিও বৃদ্ধি পাইছে, তথাপি নৱপ্ৰজন্মৰ জীৱন যাত্ৰা আগতকৈ বহুগুণ ব্যয়বহুল আৰু জটিল হৈ পৰিছে।

বৰ্তমানৰ পৰিস্থিতিৰ সৈতে তাল মিলাই চলিবলৈ যি সুবিধা লাগে, সেইবোৰ সিমান সহজে নাপায়। ফলত, বহুতো যুৱক যুৱতীয়ে নিজৰ পৰিস্থিতিৰ লগত তুলনা কৰি মানসিক চাপত ভোগে । উন্নতিৰ সুবিধাবোৰ কিছুমান মানুহৰ হাততে সীমাবদ্ধ হৈ ৰোৱা দেখিলে সাধাৰণ মানুহৰ হতাশা আৰু ক্ষোভ অহৰহ বাঢ়ি থাকে। সমাজখনৰ ভিতৰত এই বৈষম্য গভীৰ হোৱাৰ লগে লগে বহু মানুহে নিজৰ ভাগ্যক দোষ দিয়ে, আৰু বহুতে উন্নতিৰ সোনকালে অংশীদাৰ হ’ব নোৱাৰাৰ কাৰণে সমাজ ব্যৱস্থাটোকে দোষাৰোপ কৰে। এইসকলোবোৰ সামৰি মানুহৰ মনত এক স্থায়ী বঞ্চনাৰ অনুভূতি গঢ়ি তোলে, যাৰ ফলত বৰ্তমান
সমাজখনত নৱ প্ৰজন্মৰ মাজত অস্থিৰতা আৰু মানসিক অৱসান বৃদ্ধি পাবলৈ ধৰিছে৷ এই সমস্যা সমাধানৰ যদিও কোনো স্থায়ী ব্যৱস্থা নাই কিন্তু প্ৰতিগৰাকী উঠি অহা নৱ প্ৰজন্মই নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখি জীৱন বাটত আগবাঢ়ি যাব লাগে৷

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map