‘সৰা পাতে পাতে ফাগুণ নামে’কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই-১৩ মে’২০২৫
যশস্বী কন্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান।তেখেতৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠা গীতসমূহৰ মাদকতা সজীৱ হৈ থাকিব।’জোনাক নাছিল বনত…’ বুলি গাবলৈ আৰু কেতিয়াও ঘূৰি নাহে গায়ত্ৰী হাজৰিকা। জনপ্ৰিয় শিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই৷ বুকু বিদাৰি যোৱা খবৰ! অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক নিজৰ অনন্য প্ৰতিভা আৰু স্বকীয় শৈলীৰে কম সময়তে সমৃদ্ধ কৰি গ’ল শিল্পীগৰাকীয়ে৷ অসমীয়া সংগীতৰ যুগমীয়া ঐতিহ্যক ৰুচিশীলতাৰ নতুন দিশেৰে আগুৱাই নিছিল তেখেতে৷ অত্যন্ত পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী শিল্পী আছিল তেখেত৷অসমবাসীয়ে তেখেতৰ পৰা আৰু বহু পাবলৈ থাকি গ’ল! তেখেতৰ অকাল বিয়োগ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি৷
সৰা পাতে পাতে ফাগুন নামে’ এই গীতটিৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা।আজি (শুক্ৰবাৰ) দিনৰ ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে । দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ বিগত ১২ মে’ ৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ ।
১৯৮০ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গুৱাহাটীৰ টি.চি.ছোৱালী হাইস্কুলৰ পৰা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল । পৰৱৰ্তী সময়ত কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌৰ পৰা এম. মিউজ ডিগ্ৰী লাভ কৰে ।