Home » সমাপ্ত হʼল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ

সমাপ্ত হʼল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ

by pooja thakuria
0 comments

সমাপ্ত হʼল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ

পৰ্যটকে সৰ্বাধিক পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান কাজিৰঙাৰ

পর্যটকে সর্বাধিক পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান দখল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। উদ্যান সম্পূৰ্ণৰূপে পৰ্যটকৰ বাবে বন্ধ হোৱাৰ পিছত এই তথ্য সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই। উদ্যান কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ পৰ্যটন বর্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে দর্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পৰা সংগ্রহিত ৰাজহৰ পৰিমাণ প্ৰায় ১১ কোটি বুলি সদৰী কৰিছে সঞ্চালক ড০ সোণালী ঘোষে। পূৰ্বৰ বৰ্ষৰ তুলনাত এইবেলি ৩৫% পর্যটক বৃদ্ধিত আনন্দিত উদ্যান কর্তৃপক্ষ। আনহাতে পোনপ্ৰথমবাৰৰ বাবে ১৮ হাজাৰ বিদেশী পর্যটকে দর্শন কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন। বিগত বৰ্ষৰ তুলনাত ২৫% বিদেশী পর্যটক বৃদ্ধি হোৱা বুলি সদৰী কৰিলে উদ্যান কর্তৃপক্ষই। উল্লেখ্যে যে উত্তৰ পূবৰ সৰ্বাধিক পৰ্যটকে দৰ্শন কৰা ৰাষ্ট্ৰীয় উদ্যানৰ শীৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্যে যে যোৱা বৰ্ষৰ ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশ বিদেশৰ বহু পর্যটক। গঁড়কেন্দ্রীক পর্যটনত এই বর্ষত পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিল সোণালী বাঘ। প্রতিজন পর্যটকক আমোদ দিলে সোণালী বাঘৰ দৰ্শনে। এই পর্যটন বর্ষটো পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ বাবে এটা সফল পর্যটন বর্ষ হিচাপে পৰিগনিত হল। ইফালে পূর্বতে এপ্রিল মে মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই বর্ষত বৃদ্ধি পালে পৰ্যটকৰ সংখ্যা। ইফালে যোৱা ৩০ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ কৰা হৈছিল হাতী চাফাৰী বিপৰীতে ১৯ মে’ অৰ্থাৎ আজিৰে পৰা সমাপ্ত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ।

You may also like