Saturday, October 11, 2025
Eng
Home » মৌৰ উপকাৰিতা আৰু লাভালাভৰ বিষয়ে জানো আহক

মৌৰ উপকাৰিতা আৰু লাভালাভৰ বিষয়ে জানো আহক

by pooja thakuria
0 comments

বহুতো ঔষধি গুণেৰে সমৃদ্ধ মৌ

মৌৰ উপকাৰিতা আৰু লাভালাভৰ বিষয়ে জানিবলৈ পঢ়ক

মৌ বহুতো গুণ আৰু পুষ্টিৰে সমৃদ্ধ। আয়ুৰ্বেদত বহুতো ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হৈছে । মৌৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰিতা পোৱা যায়।

১. , ওজন বৃদ্ধি প্রতিহত
কৰিবলৈ মৌৰ গুণাগুণ আছে কাৰন ই ওজন বৃদ্ধি হ্ৰাস কৰিব পাৰে।
মেদবহুলতা নিয়ন্ত্ৰণ কৰিবলৈ মৌক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

২.জুয়ে পোৰা আৰু ঘাঁৰ বাবে মৌৰ উপকাৰিতা , পোৰা আৰু ঘাঁৰ অৱস্থা উন্নত কৰিবলৈ মৌ ব্যৱহাৰ কৰিব পাৰি। জ্বলা-পোৰা সমস্যা নিৰাময় কৰাত সহায় কৰাৰ লগতে আঘাত বা ক্ষত নিৰাময় কৰাতো মৌৰ উপকাৰিতা মন কৰিব পাৰি।

৩.উচ্চ ৰক্তচাপত উপকাৰী ,
ৰক্তচাপৰ সমস্যাৰ ফলত বিভিন্ন প্ৰকাৰৰ গুৰুতৰ ৰোগ হ’ব পাৰে। এই সমস্যাটো দূৰ কৰিবলৈ মৌ উপযোগী হ’ব পাৰে। জন্তুৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছে যে মৌত quercetin নামৰ flavonoid থাকে। এই quercetin ৰক্তচাপৰ সমস্যা কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৪.ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হোৱাৰ ফলত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰিবলৈ মৌ ব্যৱহাৰ কৰিব পাৰি। মৌ সেৱনে দ্রুত গতিত শৰীৰত এন্টিবডী প্ৰস্তুত কৰে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে।

বৰ্তমান সময়ত বহু ধৰণৰ বাহিৰা খাদ্যৰ বাবে এচিডিটিৰ সমস্যাটো মূল সমস্যা হিচাপে দেখা দিয়া পৰিলক্ষিত হৈছে।
সেইসমূহৰ ভিতৰত
বমিৰ দৰে সমস্যা হ’ব পাৰে।

এই সমস্যাটো দূৰ কৰিবলৈ মৌ ব্যৱহাৰ কৰিব পাৰি।

৫.হাড়ৰ বাবে অষ্টিওপোৰোচিছ হৈছে দুৰ্বল হাড়ৰ ফলত হ’ব পৰা বহুতো সমস্যাৰ ভিতৰত এটা। মৌৰ উপাকৰিতা হাড় আৰু হাড়ৰ স্বাস্থ্য শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মৌত এন্টিঅক্সিডেন্ট আৰু লগতে প্রদাহ-প্ৰতিৰোধী গুণাগুণ থাকে যি মুক্ত ৰেডিকেলৰ সমস্যা ৰক্ষা কৰাত সহায় কৰিব পাৰে

৬.মৌৰ ব্যৱহাৰে কলেষ্টেৰলৰ সৈতে যুঁজ দিয়াত সহায়ক কৰে ।
কলেষ্টেৰল বৃদ্ধিৰ ফলত হৃদৰোগৰ দৰে বহুতো সমস্যা হ’ব পাৰে আৰু এই অৱস্থা গুৰুতৰ হ’লে হার্ট এটেকো হ’ব পাৰে। মৌৱে এই সমস্যাটো নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। মৌত পোৱা ফ্লেভোনইডে ক্ষতিকাৰক কলেষ্টেৰল হ্রাস কৰে।

You may also like