Home » বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য্য

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য্য

by surabhi barman
0 comments

বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য্য- ২২মে’,২০২৫

আজি বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস । প্ৰকৃতিৰ জৈৱ বৈচিত্ৰতাক সংৰক্ষণ সজাগতাৰ বাবে আজিৰ দিনটো বিশ্বত পালন কৰি অহা হৈছে বিশ্ব জৈৱবৈচিত্ৰ দিৱস হিচাপে৷ জৈৱ-বৈচিত্র্য বুলিলে জীৱৰ বিভিন্ন সংস্থা, জীন, প্ৰজাতি, পৰিৱেশ, আৱাস আদিৰ সমাহাৰকে বুজাই । জৈৱ-বৈচিত্ৰ্য হৈছে সকলো প্ৰয়োজনীয়তাৰ মৌলিক পৰিপূৰ্ণতা । এখন সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যপূৰ্ণ স্থানে বৈচিত্ৰ্য দিয়াৰ উপৰিও মানৱ কল্যাণতো সহায় কৰে । যদিও জৈৱিক বৈচিত্ৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিশ্বব্যাপী সম্পদ বুলি স্বীকৃতি পাইছে, কিছুমান মানৱ কাৰ্যকলাপে প্ৰজাতিৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিছে । এই বিষয়টোৰ বিষয়ে ৰাজহুৱা শিক্ষা আৰু সজাগতাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই বছৰি জৈৱ বৈচিত্ৰৰ বাবে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে নাগৰিক আৰু অংশীদাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ২২ মে’ত পালন কৰা হয় আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস ৷ ১৯৯২ চনৰ ২২ মে’ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত জৈৱ বৈচিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱস আয়োজনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সন্মিলনৰ নাইৰ’বি চূড়ান্ত আইনৰ আধাৰতেই গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত । ৭ শতাংশৰ পৰা ৮ শতাংশ তথ্যভুক্ত প্ৰজাতিৰ সৈতে ভাৰতবৰ্ষ হৈছে পৃথিবীৰ ভিতৰতে এখন ১৭ মেগা জীৱ-বৈচিত্র্যপূৰ্ণ দেশ ।অসমৰ বায়ু-পানী, পৰিৱেশ, পৰিস্থিতি আদি ভৌতিক আকাৰে ইয়াৰ হাবি-জংঘল, ঘাঁহনি, জলাহ আদিক বৈচিত্র্য প্ৰদান কৰে । যাৰ বাবে বিভিন্ন প্ৰজাতিৰ ফুল আৰু প্ৰাণীকুলৰ সন্ধান ইয়াত পোৱা যায় ।

অসমৰ পটভূমিত জৈৱ-বৈচিত্ৰ্য বুলি ক’লেই মনলৈ আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা । কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যই আকৰ্ষিত কৰি আহিছে সকলোকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যৰ বিচিত্ৰৰূপে সকলোকে আকৰ্ষিত কৰি আহিছে।আমাৰ দেশৰ প্ৰাচীন ঋষি-মুনিসকলে এই সম্পৰ্কত এখন বিশাল গোলকীয় পৰিয়াল বা বসুদেৱ কুটুম্বকম বুলি আখ্যা দিয়া হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ বিশেষ পক্ষী ক্ষেত্ৰ বুলিও স্বীকৃতি প্ৰাপ্ত৷ আন জীৱ-জন্তুৰ ওপৰি ৩৭টা প্ৰজাতিৰ স্তন্যপায়ী, ১৮০ত কৈয়ো অধিক সংখ্যক সৰীসৃপ, ৫০০ ৰো অধিক প্ৰজাতিৰ পক্ষীৰ বিচৰণেৰে এক সুস্থ জৈৱ বৈচিত্ৰতাৰ ভাণ্ডাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

You may also like