পুনৰ দেশত ক’ভিডৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে৷
এই নতুন ভাইৰাছ JN1 কিমান বিপদজনক হ’ব পাৰে জানিলে আতংকিত হৈ পৰিব আপুনিও৷
বিশেষজ্ঞৰ মতে এই ষ্ট্ৰেইনটোৰ নাম JN 1 Covid 19।
ইয়াৰ বিশেষত্ব হ’ল ই পূৰ্বতকৈও অধিক সংক্ৰামক। এই ভেৰিয়েণ্টক পিৰোলা বুলি কোৱা হয়। ২০২৩ চনৰ আগষ্ট মাহত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল।
পাঁচ বছৰ পিছত পুনৰ Covid-19ত শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। বিশেষকৈ হংকং আৰু ছিংগাপুৰত ইয়াৰ সংক্ৰমন বৃদ্ধি পাইছে। এইবাৰ ব্ৰিটেইনতো আহিছে ক’ভিড । ছিংগাপুৰত ২৮% ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে হংকঙত এসপ্তাহৰ ভিতৰতে ৩১জনকৈ লোক গুৰুতৰভাৱে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ৩ মে’লৈকে Covid-19 আক্ৰান্তৰ আনুমানিক সংখ্যা ১১,১০০ৰ পৰা ১৪,২০০লৈ বৃদ্ধি পোৱাত ছিংগাপুৰ হাই এলাৰ্টত জাৰি কৰা হৈছে। দৈনিক চিকিৎসাধীন হোৱা লোকৰ সংখ্যাও প্ৰায় বৃদ্ধি পাইছে।