Home » চাহ নে কফি?

চাহ নে কফি?

কোনবিধ আমাৰ স্বাস্থ্যৰ বাবে উত্তম আপুনি জানেনে?

by pompy das
0 comments

চাহ নে কফি? -১৩ মে’,২০২৫
কোনবিধ আমাৰ স্বাস্থ্যৰ বাবে উত্তম আপুনি জানেনে?

চাহ-কফিৰ মাজত কোনবিধ খোৱাটো অধিক উপকাৰী এই ক্ষেত্ৰত আমাৰ প্ৰায়ভাগ লোকৰ মাজতেই খেলি-মেলিৰ সৃষ্টি হোৱা দেখা যায় ৷
ইয়াক লৈ বহুতৰে মাজত প্ৰায়েই বিভিন্ন প্ৰশ্নৰো উদয় হয়৷

আমি জানো যে চাহ-কফি বিশ্বৰ ভিতৰতে জনপ্ৰিয় পানীয়ৰ ভিতৰত অন্যতম ৷
সমগ্ৰ বিশ্বৰজুৰি বিশেষকৈ ভাৰতৰ মানুহে ৰাতিপুৱাৰ আৰম্ভণি চাহ বা কফি খাইহে আৰম্ভ কৰে৷

কিন্তু এই চাহ , কফিয়ে আমাৰ স্বাস্থ্যত কি দৰে বিৰোপ প্ৰভাৱ পেলাব পাৰে আপুনি জানিলে আচৰিত হ’ব ৷

বিশেষজ্ঞসকলৰ মতে কম বেছি পৰিমাণে যদিও দুয়োটা পানীয়তে কেফেইন থাকে, যিয়ে শৰীৰ আৰু মগজুক শক্তিশালী কৰি ৰখাত সহায় কৰাই নহয় কেতিয়াবা অতিৰিক্ত পৰিমাণে সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতিও হয় ৷ইয়াৰ উপৰিও এই দুয়োটা পানীয়তে আন কিছুমান গুণ বা ক্ষতিকাৰক উপাদানও থাকে যিয়ে স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে ৷ ইয়াৰোপৰি পুৱা খালী পেটত চাহ, কফি সেৱন কৰিলে অধিক মাত্ৰত গেছৰ সমস্যা দেখা দিয়াৰো সম্ভাৱনা থাকে৷

আনহাতে কফি বা চাহৰ যিমান অপকাৰিতা আছে কিন্তু কিছু ক্ষেত্ৰত ইয়াৰ উপকাৰীতাও দেখা যায়৷
জানিব পৰা মতে কফিৰ বীনত পলিফিনলও থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷
আনহাতে চাহত কফিৰ বীনত পলিফিনলও থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।
গতিকে সীমিতভাৱে আপুনিও আপোনাৰ স্বাস্থ্যৰ উপযোগী হোৱাকৈ কফি বা চাহ সেৱন কৰিব পাৰে।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map