Saturday, June 14, 2025
Home » ঘৰৰ কি কি সামগ্ৰীয়ে অশুভ শক্তিক আকৰ্ষণ কৰে জানেনে ?

ঘৰৰ কি কি সামগ্ৰীয়ে অশুভ শক্তিক আকৰ্ষণ কৰে জানেনে ?

by Abhilasha das kalita
0 comments

ঘৰৰ কি কি সামগ্ৰীয়ে অশুভ শক্তিক আকৰ্ষণ কৰে জানেনে ?- ১৩ মে’,২০২৫

ইয়াৰ পৰা প্ৰগতি, সম্পৰ্ক, উপাৰ্জন, স্বাস্থ্য, মানসিকতা আদিৰ ওপৰতো বেয়া প্ৰভাৱ পৰে।ঘৰলৈ কি বস্তুয়ে নেতিবাচক শক্তি কঢ়িয়াই আনে, আজি সেই বিষয়ে জানো আহক-

কেকটাছ:-
বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি কেকটাছৰ তীক্ষ্ণ কণ্টকে বেয়া শক্তি প্ৰবাহ কৰে, যাৰ ফলত ঘৰটোত বাস কৰা লোকসকলৰ মনত উদ্বেগ আৰু চাপ পৰে। ই মানসিক স্থিতিতো বেয়া প্ৰভাৱ পেলায়।যাৰ বাবে কেকটাছ ঘৰত থকাটো অশুভ বুলি গণ্য কৰা হয়।

ভঙা আইনা:-
কথাতেই কোৱা হয় যে, ঘৰত ভঙা আইনা থকা আৰু অপশক্তিক হাত বাউলি মতা একেই।বিশ্বাস কৰা হয় যে, আইনাৰ ঋণাত্মক শক্তি ধৰিব পৰা ক্ষমতা থাকে। কিন্তু যেতিয়া আইনা ভাঙি যায়, সেই শক্তিবোৰো মুক্ত হয়, যি আমাৰ বাবে অতি।

হিংসাত্মক ফটো:-
বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, আমি আমাৰ ঘৰ বা কাৰ্যালয় আদিত হিংসাত্মক ফটো লগাব নালাগে।যেনে মহাভাৰতৰ যুদ্ধৰ ফটো, মহিষাসুৰ মৰ্দানৰ ফটো, ৰামায়ণৰ যুদ্ধৰ ফটো ইত্যাদি। কাৰণ এনে ফটো দেখি থাকিলে আমাৰ হিংসাত্মক মনোভাৱ শক্তিশালী হয় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত বিভেদ তথা কাজিয়া হয়।

বিকৃত শৰীৰ:-
আমি আমাৰ ঘৰ বা কাৰ্যালয়ত যিকোনো খণ্ডিতৰ আৰ্হি থকা ফটো ৰাখিব নালাগে। এনে ফটোৰ উপাসনা কৰাও উচিত নহয়।বাস্তু বিশ্বাস অনুসৰি, যেতিয়া ঈশ্বৰৰ দেহ খণ্ডিত হয়, তেতিয়া নেতিবাচক শক্তিৰ আগমন হয়।সেয়েহে, খণ্ডিত ফটো ৰখাটো যিকোনো ব্যক্তিৰ বাবেই ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

তাজমহলৰ ফটো:-
বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা হৈছে তাজমহল।কিন্তু ভাৰতৰ এই গৌৰৱৰ চিহ্নৰ ফটোও ঘৰ-কাৰ্যালয় বা দোকানত ৰখাটো অশুভ বুলি গণ্য কৰা হয়।তাজমহল ধুনীয়া যদিও বাস্তৱত ই এটা সমাধিস্থল।য’ত শ্বাহজাহান আৰু তেওঁৰ বেগম মমতাজৰ সমাধি নিৰ্মাণ কৰা হৈছে।যাৰ বাবে ঘৰত এনে ফটো ৰখাটোয়ে নেতিবাচক শক্তিক আকৰ্ষিত কৰে বুলি বিশ্বাস কৰা হয়।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map