Home » উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে তেঁতেলি খোৱাৰ অভ্যাস কৰক !

উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে তেঁতেলি খোৱাৰ অভ্যাস কৰক !

by Abhilasha das kalita
0 comments

২৭ মে’, ২০২৫ঃ উৎকট গৰমত ৰোগমুক্ত শৰীৰৰ বাবে সপ্তাহত কমেও ৩/৪ দিন তেঁতেলি খোৱাৰ অভ্যাস কৰক!

তেঁতেলিৰ স্বাস্থ্য উপকাৰী গুণসমূহ হৈছে-
তেঁতেলিত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, ইয়ে শৰীৰৰ ভিতৰৰ প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰে। ফলত গাঁঠিৰ বিষৰ প্ৰকোপ কমি যায়। একেদৰে বাত বা আৰ্থ্ৰাইটিজৰ দৰে ৰোগো প্ৰতিৰোধ কৰে তেঁতেলিয়ে।

ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে তেঁতেলিয়ে। অনবৰত সূৰ্যৰ পোহৰ, পৰিৱেশ প্ৰদূষণ আৰু ধূলি-বালিৰ আক্ৰমণৰ ফলত ছালৰ সমস্যা সৃষ্টি হোৱাত বেছি সময় নালাগে। এনে পৰিস্থিতিত ‘স্কীন ট’ন’ৰ উন্নতি কৰাৰ লগতে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰাত তেঁতেলিৰ বিকল্প নাই বুলিব পাৰি।

ডায়েবেটিছৰ আশংকা দূৰ কৰে তেঁতেলিয়ে। তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে তেঁতেলিৰ। এই ফলবিধত থকা এনজাইমে কাৰ্বহাইড্ৰেটৰ মাত্ৰা শোষণ কৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হোৱাৰ আশংকা হ্ৰাস কৰে।

হজম ক্ষমতা স্বাভাৱিক কৰে: তেঁতেলিত থকা ডায়েটাৰী ফাইবাৰে হজমত সহায় কৰা এচিডৰ ক্ষৰণ স্বাভাৱিক কৰি ৰাখে। ফলত খাদ্য হজম হোৱাত ব্যাঘাত নজন্ময়। ইয়াৰ উপৰি তেঁতেলিত প্ৰচুৰ পৰিমাণ থকা ‘বিলিয়াছ ছাফন্টেন্স’-এ হজম প্ৰক্ৰিয়া ত্বৰান্বিত কৰে।

স্মৃতিশক্তি বৃদ্ধি কৰে: তেঁতেলিত প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘বি’ কমপ্লেক্স থাকে, যিয়ে মস্তিষ্কৰ স্নায়ু কোষৰ শক্তি বৃদ্ধি কৰে, ফলত স্বাভাৱিকভাৱে ‘কংনেটিভ ফাংচন’ৰ উন্নতি ঘটে। ফলত বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি পাবলৈ ধৰে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে: একাধিক গৱেষণাত দেখা গৈছে তেঁতেলিত থকা ভিটামিন আৰু খনিজ পদাৰ্থই নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰি তেজত কলেষ্টৰেলৰ মাত্ৰাও হ্ৰাস কৰাত ভূমিকা গ্ৰহণ কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: তেঁতেলিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। যিয়ে শৰীৰত এন্টি-অক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। একেদৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।
শৰীৰত তেজৰ চলাচল স্বাভাৱিক কৰে: তেঁতেলিত প্ৰচুৰ মাত্ৰাত আইৰণ থাকে, যিয়ে শৰীৰত লোহিতৰক্ত কণিকাৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ উপৰি অক্সিজেনসমৃদ্ধি তেজ শৰীৰৰ প্ৰতিটো অংশলৈ কঢ়িয়াই নিয়াত বিশেষ ভূমিকা পালন কৰে। ফলত প্ৰতিটো অংগৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map