নাবালিকাৰ ওপৰত যৌন নির্যাতনৰ অভিযোগত স্বস্তি লাভ কৰিলে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণ সিঙে। তেওঁৰ বিৰুদ্ধে POCSO আইনত তৰা গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাউছ কর্টে।
অভিযোগকাৰীয়ে আৰক্ষীয়ে দিয়া ৰিপৰ্টৰ বিৰোধীতা নকৰাৰ বাবে এই গোচৰ বন্ধ কৰিলে দিল্লীৰ পাতিয়ালা হাইকর্টে।
ব্রিজভূষণ চৌধুৰীৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ তুলিছিল ৬গৰাকী মহিলা মল্লযুঁজাৰুয়ে।২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে এই বিষয়ক লৈ দেশজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছিল। ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগ তুলিছিল বজবং পুনিয়া, সাক্ষী মালিক, ভিনেশ ফোগাটকে ধৰি ৬গৰাকী মহিলা মল্লযুঁজাৰুৱে। ২০২৩ চনৰ জুনত সেই গোচৰৰ চার্জশ্বিট জমা দিছিল দিল্লী আৰক্ষীয়ে। আৰু তাতেই নাবালিকাৰ ওপৰত যৌন নির্যাতনৰ অভিযোগ বাতিল কৰাৰ আবেদন জনাইছিল দিল্লী আৰক্ষীয়ে।
আৰক্ষীৰ তৰফৰ পৰা দিয়া ৰিপৰ্ট আদালতত দাখিল কৰি জনোৱা হৈছিল যে নাবালিকাৰ ওপৰত যি যৌন নির্যাতনৰ অভিযোগ অনা হৈছে সেয়া ভুৱা। আৰক্ষীৰ এই ৰিপৰ্টৰ পাছতেই নির্যাতিতাৰ পিতৃক নটিছ দিয়ে আদালতে। ইয়াৰ পাছতেই ২০২৩ চনৰ আগষ্ট মাহত সৌশৰীৰে আদালতত হাজিৰ হয় অভিযোগকাৰী আৰু তেওঁৰ পিতৃ। আদালতেও একাধিক প্রশ্ন কৰিছিল অভিযোগকাৰীক। সকলোবোৰ তদন্তব শেষত সোমবাৰে দিল্লীৰ পাতিয়ালা হাউচ কর্টে ব্রিজভূষণৰ বিৰুদ্ধে পকছো আইনত চলা গোচৰ বন্ধ কৰে। আদালতৰ সেই ৰায়ৰ পাছতেই সৰৱ হৈছে ব্রিজভুষণবল সন্তান প্রতীক ভূষণ সিং। তেওঁৰ দাবী, প্রতিহিংসা পৰায়ণ হয়েই তেওঁৰ পিতৃক কাঠগড়াত তোলা হৈছে। এনেকৈয়ে বাকী অভিযোগসমূহো মিছা প্রমাণিত হব।
POCSO আইনত তৰা গোচৰ খাৰিজ হোৱাৰ পাছতেই অযোধ্যাত উপস্থিত হয় ব্ৰিজভূষণ সিঙে।পুষ্পসজ্জিত বাহনেৰে প্ৰায় ১০০০ দলীয় কৰ্মীয়ে আদৰণি জনায় ব্ৰীজভূষণ সিঙক।অযোধ্যাত উপস্থিত হৈয়ে ব্ৰিজভূষণ সিঙৰ দাবী-‘মই হনুমানৰ ভক্ত,মোৰ লগত অন্যায় কৰিলে হনুমানে দণ্ড দিব।’